ETV Bharat / state

অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 76.89 শতাংশ ভোটদান

author img

By

Published : Mar 27, 2021, 7:39 PM IST

Updated : Mar 27, 2021, 10:15 PM IST

প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হ’ল পঞ্চদশ অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ মুঠ 264 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈ ৰয় ইভিএমত ৷ বৃহস্পতি বাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোট দান হয় 76.89 শতাংশ ৷

অসমত 73.38 শতাংশ ভোটদানেৰে সমাপ্ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন
অসমত 73.38 শতাংশ ভোটদানেৰে সমাপ্ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন

নিউজ ডেস্ক, 27 মাৰ্চ: বৃহস্পতিবাৰে অনুষ্ঠিত হয় অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ উজনি অসমৰ 12 খন জিলাৰ 47 টা সমষ্টিত অনুষ্ঠিত হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ মুঠ 264 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হৈ ৰয় ইভিএমত ৷ বৃহস্পতি বাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোট দান হয় 76.89 শতাংশ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব মুঠ 81,09,815গৰাকী ভোটাৰে ৷ ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 40,77,210গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 40,32,481গৰাকী ৷ ইয়াৰ লগতে 124 গৰাকী হৈছে তৃতীয় লিংগৰ ভোটাৰ ৷

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক ভোট দান হয় নগাঁও জিলাৰ ৰূপহীহাট আৰু ধিং সমষ্টিত ৷ প্ৰায় 84 শতাংশ ভোটাৰে ভোট দান কৰে সমষ্টি দুটাত ৷ আনহাতে, নাজিৰা সমষ্টিত সৰ্বনিম্ন 64 শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে ৷ প্ৰায় কেইটা সমষ্টিটেই 70 শতাংশতকৈ অধিক ভোটাৰে ভোটদান কৰা দেখা যায় ৷ সৰ্বাধিক ভোটাদান কৰা সমষ্টি সমূহৰ ভিতৰত অন্যতম হ’ল-

ৰূপহীহাট- 84

ধিং- 84

বিশ্বনাথ- 82.90

বিহালী- 81.1

চামগুৰি- 80.1

বটদ্ৰৱা- 80

বোকাখাত- 80

গোলাঘাট- 78.89

খুমটাই-78.81

থাওৰা-78.65

পুৱাৰ ভাগৰ পৰাই ৰাইজে ভোটদানৰ বাবে ভোটকেন্দ্ৰ সমূহত আহি ভিৰ কৰা পৰিলক্ষিত হয় ৷ ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে ভোটাৰ সকলৰ শৰীৰৰ তাপমাত্ৰা পৰীক্ষণৰ লগতে মাস্ক, হেণ্ড চেনিটাইজাৰ, গ্ল’ভছ আদিৰো ব্যৱস্থা কৰা হয় ভোট কেন্দ্ৰত ৷ ইয়াৰোপৰি নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখি যাতে ভোটাৰ সকলে ভোট দান কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখা যায় নিৰ্বাচনী বিষয়া আৰু প্ৰশাসনে ৷ দুই-এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূৰ্ণ আছিল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ অহা 1 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত 39 টা সমষ্টিত আৰু 6 এপ্ৰিলত তৃতীয় পৰ্যায়ত 40 টা সমষ্টিত অসমত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ৷

লগতে পঢ়ক: অসমত এইবাৰ জাতীয়তাবাদৰ চৰকাৰ: লুৰিণজ্যোতি গগৈ

Last Updated : Mar 27, 2021, 10:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.