ETV Bharat / state

DC and SP Conference : অন্ত পৰিল DC-SP সন্মিলনৰ প্ৰথম পৰ্যায়ৰ সন্মিলন

author img

By

Published : Nov 2, 2022, 4:58 PM IST

অন্ত পৰিল উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ প্ৰথম পৰ্যায়ৰ সন্মিলন (First phase of DC and SP Conference ended) । সন্মিলনৰ দ্বিতীয় পৰ্যায় মাজনিশা পৰ্যন্ত চলিব বুলি জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

First phase of DC and SP Conference ended at Assam administrative staff college in Guwahati
: অন্ত পৰিল DC আৰু SP সন্মিলনৰ প্ৰথম পৰ্যায়ৰ সন্মিলন

গুৱাহাটী, ২ নৱেম্বৰ: অন্ত পৰিল উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ প্ৰথম পৰ্যায়ৰ সন্মিলন (First phase of DC and SP Conference ended) । সন্মিলনৰ দ্বিতীয় পৰ্যায় মাজনিশা পৰ্যন্ত চলিব বুলি জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

অন্ত পৰিল DC-SP সন্মিলনৰ প্ৰথম পৰ্যায়ৰ সন্মিলন

বুধবাৰে অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ আলোচনাত মিলিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰীয় ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) কয় যে প্ৰথম পৰ্যায়ত মিছন বসুন্ধৰা-২ (Mission Basundhara 2.0 ) আৰু মিছন ভূমিপুত্ৰ, ৰাষ্ট্ৰীয় ঘাইপথ আদিৰ ভূমি অগ্ৰাধিকাৰ বিষয়ৰ সন্দৰ্ভত বিতং আলোচনা কৰা হৈছে ।

লগতে নৱেম্বৰৰ মাজভাগৰ পৰা মিছন বসুন্ধৰা-২ কাম আৰম্ভ হ'ব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখযোগ্য যে, পূৰ্বে ৬ নৱেম্বৰৰ পৰা আৰম্ভ কৰাৰ কথা আছিল মিছন বসুন্ধৰা -২ ৷ কিন্তু আগন্তুক দেউৰী নিৰ্বাচনৰ বাবে চৰকাৰে মিছন বসুন্ধৰা-২ কাম কিছুদিন পিছুৱাই দিয়া হৈছে বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আনহাতে অসমীয়াৰ স্বাভিমান বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপন সন্দৰ্ভতো এই সন্মিলনত বিতং ভাৱে আলোচনা কৰা হয় বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি প'ৰ্টেলৰ জৰিয়তে শৈক্ষিক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । ইয়াৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবে উপায়ুক্ত সকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

আগন্তুক ১৮ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ লাচিত দিৱস সপ্তাহযোৰা কাৰ্যসূচীৰে পালন কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আনহাতে মিছন ভূমিপুত্ৰও ত্বৰান্বিত হ'ব ৰাজ্যত । ইতিমধ্যে মাজুলীত ১০০ শতাংশ ৰূপায়ণ কৰা হৈছে মিছন ভূমিপুত্ৰ । অন্য জিলাসমূহত ৭০-৯০ শতাংশ কাম সম্পন্ন হৈছে । মিছন ভূমিপুত্ৰত ২ লাখ ৮০ হাজাৰ আবেদন আহিছে ।

ইতিমধ্যে ২ লাখ ২৫ হাজাৰে প্ৰমাণ পত্ৰ লাভ কৰিছে বুলি বৈঠকৰ অন্তত জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । আনহাতে দ্বিতীয় পৰ্যায়ত আৰক্ষী অধীক্ষকসকলৰ লগত কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৈঠকত মিলিত হ’ব (DC and SP meet at Staff college ) ।

মাজনিশালৈ চলিব এই বৈঠক । উল্লেখ্য যে, বুধবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ( Assam administrative staff college) অনুষ্ঠিত হয় উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সন্মিলন । বৈঠকত অংশগ্ৰহণ কৰে প্ৰতিখন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল ৷

লগতে পঢ়ক: DC-SP meet at Staff College: প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.