ETV Bharat / state

Cyber Crime: বিফল অসম আৰক্ষীৰ চি চি টি এন এছ ব্যৱস্থা; বৃদ্ধি চাইবাৰ অপৰাধ

author img

By

Published : Jul 14, 2022, 2:20 PM IST

failed crime and criminal identification network system
Cyber Crime: বিফল অসম আৰক্ষীৰ চি চি টি এন এছ ব্যবস্থা, বৃদ্ধি চাইবাৰ অপৰাধ

বিফল অপৰাধ আৰু অপৰাধী চিনাক্ত নেটৱৰ্ক আৰু প্ৰণালী চমুকৈ চি চি টি এন এছ (CCTNS) ব্যৱস্থা ৷ আৰক্ষীক স্মাৰ্ট কৰি তোলাৰ উদ্দেশ্যৰে ২০১৪ চনতে আৰম্ভ কৰা অপৰাধ আৰু অপৰাধী চিনাক্ত নেটৱৰ্ক আৰু প্ৰণালী বৰ্তমানেও সম্পূৰ্ণ ৰূপে কাৰ্য্যক্ষম হোৱা নাই ৷

গুৱাহাটী, 14 জুলাই: আৰক্ষীক হাইটেক অর্থাৎ স্মাৰ্ট কৰি তোলাৰ উদ্দেশ্যৰে ২০১৪ চনতে আৰম্ভ কৰা অপৰাধ আৰু অপৰাধী চিনাক্ত নেটৱৰ্ক আৰু প্ৰণালী চমুকৈ চি চি টি এন এছ ব্যৱস্থাটো এতিয়াও ৰাজ্যত সাফল্যমণ্ডিত কৰি তুলিব পৰা নাই (Failed Crime and Criminal Identification Network and System)। অসমত থকা ৩৫৫ খন থানাৰ ভিতৰত ২৯০ খন থানাতহে চি চি টি এন এছ ব্যবস্থা সংযুক্ত হৈ আছে । আকৌ বিভিন্ন জিলা তথা মহকুমাত থকা উচ্চ পর্যায়ৰ আৰক্ষী বিষয়াৰ ১৫৮ টা কাৰ্যালয়ৰ ১০৬ টা চি চি টি এন এছৰ সংযোগ আছে । অর্থাৎ ৰাজ্যত এতিয়াও ৬৫ খন থানা আৰু ২২ উচ্চ পর্যায়ৰ আৰক্ষী বিষয়াৰ কাৰ্যালয় চি চি টি এন এছৰ আওঁতাৰ বাহিৰত আছে ।

উল্লেখ যে, চি চি টি এন এছ ব্যৱস্থাটো কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ যোগেৰে পৰিচালিত এটা আধুনিক প্ৰযুক্তি ব্যৱস্থা । এই ব্যৱস্থাৰ জৰিয়তে বিভিন্ন ধৰণৰ অপৰাধ বিশেষকৈ চাইবাৰ ক্ৰাইম ৰোধ কৰাত বিশেষ কায্যকৰী হয়। যাৰ বাবে বিশেষকৈ ৰাজ্যত বৃদ্ধি হোৱা চাইবাৰ অপৰাধ ৰোধ কৰাত অসম আৰক্ষী সফল হ’ব পৰা নাই ।

মনকৰিবলগীয়া যে অসম আৰক্ষীৰ তথ্য মতে, অসমত দ্ৰুতহাৰত বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা । মাত্ৰ সাত বছৰৰ ব্যৱধানত চাইবাৰ অপৰাধ বৃদ্ধি পাইছে আঠগুণ । ২০১৫ চনত অসমত চাইবাৰ অপৰাধৰ ঘটনা আছিল ৪৮৩টা । ২০২১ চনত এই সংখ্যা বৃদ্ধি পায় ৩,৯৬২টালৈ । ২০১৬ আৰু ২০১৭ চনত ৰাজ্যত চাইবাৰ অপৰাধৰ ঘটনা ক্ৰমে ৬৯৬ আৰু ১,১২০ আছিল যদিও ২০১৮ চনত এই সংখ্যা ২,০২২লৈ বৃদ্ধি পায় । ২০১৯ চনত ৰাজ্যত চাইবাৰ অপৰাধৰ ২,২০১টা গোচৰ ৰুজু হৈছিল । ২০২০ চনত ৰাজ্যত সংঘটিত হৈছিল চাইবাৰ অপৰাধৰ ৩,৫৩০টা ঘটনা । ২০২১ চনতো বৃদ্ধিৰ এই ধাৰা অব্যাহত থাকে । ২০২১ চনত ৰাজ্যত ৩,৯৬২টা চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছিল।

চাইবাৰ অপৰাধৰ লগত মোকাবিলা কৰাৰ বাবে অসম আৰক্ষী আধুনিক তথা তথ্য প্ৰযুক্তিৰে অভিজ্ঞ নহয় । চাইবাৰ অপৰাধৰ বিশেষকৈ বিত্তীয় প্ৰৱঞ্চনাৰ বলি হোৱা ব্যক্তিসকলক সহায় কৰিবৰ বাবে ২০২১ চনৰ পৰাহে অসম আৰক্ষীয়ে ১৯৩০ হেল্পলাইন নম্বৰ মুকলি কৰিছে । তদুপৰি চাইবাৰ অপৰাধৰ নতুন নিয়ম অনুসৰি সকলো থানাকে চাইবাৰ অপৰাধৰ গোচৰ ৰুজু কৰাটো বাধ্যতামূলক কৰা হৈছে। কিন্তু ৰাজ্যৰ অধিকাংশ আৰক্ষী থানাই চাইবাৰ অপৰাধীৰ লগত যুজিবলৈ সক্ষম নহয় ।

লগতে পঢ়ক: নিৰ্মাণ কোম্পানীৰ মেইল হেক কৰি চাইবাৰ অপৰাধীয়ে লুটিলে ৬৪ লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.