ETV Bharat / state

Pallab Lochan Das: বিজেপিৰ মুখ্য কাৰ্যালয়ত চাহ জনগোষ্ঠী মৰ্চাৰ বৰ্ধিত বিষয়ববীয়া বৈঠক

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 8:27 PM IST

Pallab Lochan Das
Pallab Lochan Das

বিজেপি চৰকাৰৰ দিনত চাহ জনজাতিৰ সৰ্বাংগীন বিকাশ হৈছে ৷ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ বাবেই এয়া সম্ভৱ হৈছে ৷ এই মন্তব্য সাংসদ পল্লৱ লোচন দাসৰ ৷ ভোটাৰ চেতনা’ কাৰ্যসূচীৰ জৰিয়তে চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰ্ষলৈ যাব বিজেপি ৷

বিজেপিৰ মুখ্য কাৰ্যালয়ত চাহ জনগোষ্ঠী মৰ্চাৰ বৰ্ধিত বিষয়ববীয়া বৈঠক

গুৱাহাটী, ২৯ আগষ্ট: ভাৰতীয় জনতা পাৰ্টিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত মঙলবাৰে চাহ জনগোষ্ঠী মৰ্চাৰ বৰ্ধিত বিষয়ববীয়াৰ এক বৈঠক অনুষ্ঠিত হয় । মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা চাহ মৰ্চাৰ প্ৰভাৰী পল্লৱ লোচন দাস, মৰ্চাৰ বিষয়ববীয়াৰ লগতে ৩৯ খন সাংগঠনিক জিলাৰ সভাপতি, প্ৰভাৰী আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে ।

বৈঠকৰ পাছতেই এক সংবাদমেল সম্বোধন কৰি পল্লৱ লোচন দাসে কয় যে বৈঠকত মৰ্চাৰ আগন্তুক কৰ্মৰাজিৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয় । তেওঁ লগতে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ অহা পিছতেই চাহ জনগোষ্ঠীৰ জনসাধাৰণৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ হৈ উঠিছে । প্ৰতিজন চাহ জনগোষ্ঠীৰ নাগৰিকেই সুস্থ সৱলভাৱে জীৱন নিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছে ।

সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মৰ্চাৰ কাৰ্যকৰ্তাসকলে ‘ভোটাৰ চেতনা’ কাৰ্যসূচীৰ লগতে অন্যান্য কাৰ্যসূচী গ্ৰহণ কৰি চাহ জনগোষ্ঠীৰ ৰাইজৰ ওচৰলৈ যাব বুলি তেওঁ লগতে সদৰী কৰে । সাংসদগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰৰ লগতে পূৰ্বৰ বিজেপি চৰকাৰে অসমৰ লাখ লাখ চাহ জনজাতীয় লোকসকলে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যাসমূহ দৃঢ়তাৰে সমাধান কৰিছে ।

অনাগত দিনত ৰাজ্যিক বিজেপিয়ে ৰাজ্য চৰকাৰক চাহ জনজাতীয় লোকসকলক ৰেচন কাৰ্ড প্ৰদান, আয়ুষ্মান কাৰ্ড আৰু আধাৰ কাৰ্ড নিৰ্মাণৰ লগতে ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিকৰণৰ ক্ষেত্ৰত সহাযোগিতা আগবঢ়াব ৷

মুখ্যমন্ত্ৰীৰ নেতৃত্বৰ বাবে চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলৰ বাবে মেডিকেল, ইঞ্জিনিয়াৰিঙত আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ লগতে চাহ জনজাতিৰ বাবে 3 শতাংশ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে বুলি তেওঁ উল্লেখ কৰে ৷ আনহাতে কংগ্ৰেছক সমালোচনা কৰি দাসে কয় যে চাহ জনগোষ্ঠীৰ লোকসকলে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যাসমূহ কংগ্ৰেছৰে সৃষ্টি ৷

লগতে পঢ়ক: Assam Cash for Job scam: তৃষ্ণা শৰ্মাক পানবজাৰ থানাত জেৰা; দুই পলাতক দালালক বিচাৰি অব্যাহত অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.