ETV Bharat / state

Monjul Baruah: অসমীয়া ছবি অনুৰে যুঁজিলে আৰু অৱশেষত জিকি আহিল

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 5:45 PM IST

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা অনুৰ ছবিখনৰ পৰিচালক মঞ্জুল বৰুৱাৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ ৷

ETV Bharat's interview of Monjul Baruah, Director of Assamese film Anur that won National Film Award
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰজতকমল বঁটা লাভ কৰিবলৈ সক্ষম হ’ল অসমীয়া ছবি 'অনুৰ

অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰজতকমল বঁটা লাভ কৰিবলৈ সক্ষম হ’ল অসমীয়া ছবি 'অনুৰ

গুৱাহাটী, ২৯ আগষ্ট: শেহতীয়াকৈ ঘোষণা হোৱা ‘৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ৰ বিভিন্ন শিতানত অসমৰ কেইবাখনো চলচ্চিত্ৰ তথা কলা-কুশলীয়ে অসমলৈ সুনাম কাঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰজতকমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসমীয়া ছবি 'অনুৰ'। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবি 'অনুৰ'ৰ এই সফলতাৰ বাবে আনন্দিত কলা-কুশলী তথা পৰিচালক।

ছবিখনৰ এই সফলতাৰ পাচত উৎফুল্লিত পৰিচালক মঞ্জুল বৰুৱা । শেহতীয়াকৈ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই সন্দৰ্ভত মঞ্জুল বৰুৱাই কয়- আমি অনুৰ ছবিখন যি ধৰণে কষ্ট কৰি নিৰ্মাণ কৰি উলিয়াইছিলো, ছবিখনৰ বাবে প্ৰতিগৰাকী কলা-কুশলীয়ে কষ্ট কৰিছিল, তেওঁলোকৰ সেই কষ্ট, ত্যাগ, সময়ৰে ছবিখন নির্মাণ কৰা হৈছিল । ছবিগৃহত মুক্তি লাভ কৰাৰ পাচত ছবিখনক ৰাইজে খুৱ মৰমেৰে আদৰি লৈছিল। ছবিখনে কিবা এটা স্বীকৃতি লাভ কৰাটো বহুজনে আশা কৰিছিল । এতিয়া সেই স্বীকৃতিটো আহিলে আৰু তাৰ বাবে এতিয়া আমি খুব সুখী হৈছোঁ ।

'অনুৰ' ছবিখনৰ কাহিনী সন্দৰ্ভত মন্তব্য কৰি মঞ্জুল বৰুৱাই কয়- এগৰাকী বৃদ্ধা মহিলাৰ জীৱন সংগ্ৰামৰ ওপৰত ছবিখন নিৰ্মাণ কৰা হৈছে । অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত চিত্ৰনাট্য নিৰ্মাণ কৰা হৈছিল। উল্লেখ্য যে 'অনুৰ' ছবিখন ছবিগৃহলৈ অহাৰ সময়ছোৱাত অশেষ কষ্টৰ পিচতো যেন অসমীয়াৰ পৰ্যাপ্ত মৰম, সন্মান আৰু স্বীকৃতিৰ পৰা বঞ্চিত হ’ল ছবিখন । শ্বাহৰুখ খানৰ ছবি "পাঠান" সেই একেই সময়ছোৱাত মুক্তি লাভ কৰাৰ বাবে অসমীয়া ছবি "অনুৰ"ৰে প্ৰথম অৱস্থাত লাভ কৰা নাছিল ছবিগৃহ ।

সেই সন্দৰ্ভত বৰুৱাই মন্তব্য কৰি কয়- মোৰ প্ৰথম ছবি "অন্তৰীন" আৰু দ্বিতীয় ছবি "কানীন" দুয়োখন ছবিকে দৰ্শকে মৰম দিছিল। সেই দৰ্শকসকলে "অনুৰ"ৰ বাবেও ৰৈ আছিল। "পাঠান" ছবিখনৰ বাবে যেতিয়া আমি ছবিগৃহ পোৱা নাছিলো তেতিয়া দৰ্শকসকলেও ছবিখনৰ মুক্তিৰ বহু যুঁজিছিলে । যাৰ ফলত চৰকাৰ তথা চলচ্চিত্ৰ বিত্ত নিগমে আমাক সহায় কৰিলে আৰু আমি ২৬ টা ছবিগৃহ পাবলৈ সক্ষম হৈছিলোঁ ।

চলচ্চিত্ৰ নীতিৰ সন্দৰ্ভত তেওঁ মন্তব্য কৰি কয়-"চলচ্চিত্ৰ নীতিৰ ৬ নং দফা অনুসৰি আমি ছবিখন ছবিগৃহত লগাব পাৰিলোঁ । কিন্তু সেই নীতিও পিচত কাম নিদিলে । বিভিন্ন কাৰণত ছবিখন প্ৰথম সপ্তাহ চলাৰ পাছতেই আঁতৰাই দিব লগীয়া হ’ল । কিন্তু অনুৰে যুঁজিলে আৰু অৱশেষত জিকি আহিল । আনহাতে ছবিখনৰ বাবে জুৰী বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনৰ অভিনেত্ৰী জাহানাৰা বেগমে ।

লগতে পঢ়ক: Special Interview : এশবছৰ পুৰণি ঘড়ী থকা এটা সংগ্ৰহালয়ৰ গৰাকীৰ সৈতে এখন্তেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.