ETV Bharat / state

জঘন্য! মুকবধিৰ মাতৃ আৰু কন্যাক ধৰ্ষণ কৰি যৌনাংগত ঢালিলে জলকীয়াৰ গুড়ি

author img

By

Published : Jul 4, 2023, 4:05 PM IST

পাশৱিক! গুৱাহাটীৰ সাতগাঁও অঞ্চলত মুকবধিৰ এগৰাকী বৃদ্ধা মাতৃ আৰু কন্যাক দলবদ্ধ ধৰ্ষণৰ ঘটনাই পোহৰলৈ আহিছে ৷ যুৱকৰ দলটোৱে কেৱল ধর্ষণ কৰিয়েই ক্ষান্ত নাথাকি বৃদ্ধা মাতৃ আৰু কন্যাৰ যৌনাংগত জলকীয়াৰ গুড়ি ঢালি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

dumb mother daughter duo gang raped at satgoan
মুকবধিৰ মাতৃ আৰু কন্যাক ধৰ্ষণ কৰি যৌনাংগত ঢালিলে জলকীয়াৰ গুড়ি

মুকবধিৰ মাতৃ আৰু কন্যাক ধৰ্ষণ কৰি যৌনাংগত ঢালিলে জলকীয়াৰ গুড়ি

গুৱাহাটী, ৪ জুলাই: কিমান সুৰক্ষিত নাৰী ? ৰাজ্যজুৰি নাৰীজনিত অপৰাধৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰিছে ৷ এইবাৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে জঘন্য ঘটনা ৷ গুৱাহাটীৰ সাতগাঁও অঞ্চলত মুকবধিৰ এগৰাকী বৃদ্ধা মাতৃ আৰু কন্যাক দলবদ্ধ ধৰ্ষণৰ ঘটনাই পোহৰলৈ আহিছে ৷ যুৱকৰ দলটোৱে কেৱল ধর্ষণ কৰিয়েই ক্ষান্ত নাথাকি বৃদ্ধা মাতৃ আৰু কন্যাৰ যৌনাংগত জলকীয়াৰ গুড়ি ঢালি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷

এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন ৪ অভিযুক্ত বৰ্তমানো পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত সাতগাঁও আৰক্ষীয়ে অমিত প্রধান, বিমল ছেত্রী, ছায়া প্ৰধান আৰু সন্ধিয়া সোণাৰ নামৰ 4 যুৱকক গ্ৰেপ্তাৰ কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ১৭ মে’ৰ নিশাৰ ভাগত সাতগাঁৱৰ অমিত প্ৰধান নামৰ যুৱকজনৰ নেতৃত্বত যোৱা এটা ৮ জনীয়া দুর্বৃত্তৰ দলে বলপূৰ্বকভাৱে ঘৰত প্ৰৱেশ কৰিছিল ৷ দুৰ্বৃত্তৰ দলটোৱে প্ৰথমতে মাতৃ আৰু কন্যাক বলাৎকাৰ কৰে ৷ তাৰ পিচতে বলাৎকাৰ কৰি দুৰ্বৃত্তৰ দলটোৱে বৃদ্ধা মাতৃ আৰু কন্যাৰ যৌনাংগত জলকীয়াৰ গুড়ি ছটিয়াই আসুৰিক তৃপ্তি লয়। এই ঘটনা সংঘটিত হোৱাৰ পিচতে সংজ্ঞাহীন হৈ পৰে মাতৃ-কন্যা ৷

ইয়াৰ কিছু সময়ৰ পিচতে মাতৃ-কন্যাক প্রতিবেশীয়ে অজ্ঞান অৱস্থাত প্ৰত্যক্ষ কৰি লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হৈ মাতৃ-কন্যাক হাস্পতাললৈ লৈ যায় ৷ সংকটজনক অৱস্থাত আৰক্ষীয়ে মাতৃৃ-কন্যাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰায়। পিচত হাস্পতালৰ চিকিৎসকৰ তৎপৰতাত মাতৃ-কন্যা ক্ৰমাৎ সুস্থ উঠাৰ পিছত সমগ্ৰ কাণ্ড পোহৰলৈ আহে ৷

লগতে পঢ়ক: Drugs addicted detained: আৰক্ষীৰ পৰিৱৰ্তে ৰাইজৰ ধৰিলে তিনি ড্ৰাগছ আসক্ত যুৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.