ETV Bharat / state

Drug seized in Guwahati: গড়চুক আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক চাৰি সৰবৰাহকাৰী

author img

By

Published : Feb 10, 2023, 5:37 PM IST

Drug peddler arrested with drugs by Gorchuk Police in Guwahati
গড়চুক আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে গড়চুক আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ হয় বৃহ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য (Drug seized in Guwahati) ৷ লগতে আৰক্ষীয়ে আটক কৰে চাৰি সৰবৰাহকাৰীক ৷

গড়চুক আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

গুৱাহাটী, 10 ফেব্ৰুৱাৰী: ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ ৷ নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত ধ্বংস হৈছে বহু যুৱক-যুৱতীৰ জীৱন ৷ ধ্বংস হৈছে এখন এখন ঘৰ ৷ নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ ফলতে বিনষ্ট হৈছে বহু পৰিয়ালৰ সুখ-শান্তি ৷ এই বৰবিহৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ কৰিবলৈ ৰাজ্য চৰকাৰেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷

এই ক্ষেত্ৰত অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সষ্টম হৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাই গৈছে অভিযান ৷ বিগত ডেৰ বছৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা জব্দ হৈছে বহু হেজাৰ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী (Anti Drugs mission in Assam) ৷ লগতে আটক হৈছে বহু অপৰাধীও ৷ তথাপিও এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ ৷

Drug peddler arrested with drugs by Gorchuk Police in Guwahati
গড়চুক আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

বিশেষকৈ নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ যেন এক হটস্পট হিচাপে পৰিগণিত হৈছে গুৱাহাটী মহানগৰী ৷ শেহতীয়াকৈ পুনৰ গুৱাহাটী মহানগৰীত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs Seized in Guwahati) ৷ উল্লেখ্য যে এক গোপন খবৰৰ তথ্যৰ ভিত্তিত গড়চুক আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছে সফলতা (Gorchuk Police raid against drugs) ৷ বৃহস্পতিবাৰে গড়চুক আৰক্ষীয়ে এটা ভাড়াঘৰত অভিযান চলাই দুগৰাকী মহিলাসহ আটক কৰে চাৰি সৰবৰাহকাৰীক (Drugs peddler arrested by Gorchuk Police) ৷

লগতে পঢ়ক: Drugs Seized in Guwahati: বিধানসভাৰ কাৰ পাছ থকা বাহনত ওলাল বৃহৎ পৰিমাণৰ ড্ৰাগছ

অভিযানত ১৯ টা পেকেটত জব্দ কৰে ২৩৭ গ্ৰাম হে’ৰইন আৰু ৮৪৩ গ্ৰাম ব্ৰাউনচুগাৰ ড্ৰাগছ ৷ লগতে মোবাইল ফোন আৰু নগদ ধনো জব্দ কৰে অভিযানকাৰী দলটোৱে । ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটা ক্ৰমে চাৰ্লি ৰিংক্লেম, মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ মৰবিয়াং পালি, দীপক সিং আৰু ইম্ফলৰ ৰবিতা দেৱী বুলি জানিব পৰা গৈছে । অতি সন্তৰ্পনে দীৰ্ঘদিনৰ পৰা এই চাৰি সৰবৰাহকাৰীয়ে ড্ৰাগছৰ বেহা চলাই থকা বুলি সন্দেহ কৰিছে মহানগৰ আৰক্ষীয়ে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে ধৃত সৰবৰাহকাৰীকেইটাক (Drugs peddler arrested in Gorchuk)।

লগতে পঢ়ক: Drugs seized in Guwahati: মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.