Drugs seized in Guwahati: মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

author img

By

Published : Oct 18, 2022, 8:01 PM IST

Updated : Oct 18, 2022, 8:09 PM IST

Huge amount of drugs seized in Guwahati

হাতীগাঁৱৰ পৰা মঙলবাৰে বৃহৎ পৰিমাণৰ হেৰ’ইনসহ আটক এজন সৰবৰাহকাৰীক (Drug peddler arrested in Hatigaon) ৷ মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত চলিছিল অভিযান ৷ অভিযান কালত এখন চাৰিচকীয়া বাহনৰ পৰা ১৬ টা পেকেটত ভৰাই অনা ২৫০ গ্ৰাম ওজনৰ হেৰ’ইন জব্দ কৰিলে অভিযানকাৰী দলে ৷

গুৱাহাটী, ১৮ অক্টোবৰ: নিচাজাতীয় দ্ৰব্যৰ কৰাল গ্ৰাসত পৰিছে নৱপ্ৰজন্ম ৷ নিচাজাতীয় দ্ৰব্য সেৱনৰ ফলত ইতিমধ্যে ধ্বংস হৈছে বহু যুৱক-যুৱতীৰ জীৱন ৷ ধ্বংস হৈছে এখন এখন ঘৰ ৷ নিচাজাতীয় দ্ৰব্যৰ সেৱনৰ ফলতে বিনষ্ট হৈছে বহু পৰিয়ালৰ সুখ-শান্তি ৷ এই বৰবিহৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ বাবে চৰকাৰেও গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা ৷

এই ক্ষেত্ৰত অসম আৰক্ষীয়ে পূৰ্বতকৈ অধিক সষ্টম হৈ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে চলাই গৈছে অভিযান ৷ ধাৰাবাহিকভাৱে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰতৰ অভিযান (Anti Drugs mission in Assam) ৷ প্ৰায় প্ৰতিদিনে ৰাজ্যৰ চুকে-কোণে আৰক্ষীয়ে নিচাজাতীয় দ্ৰব্য অথবা সামগ্ৰী জব্দ কৰাৰ লগতে আটক কৰিছে বহু অপৰাধীকো ৷

কিন্তু আৰক্ষী যিমানেই অপৰাধীক আটক কৰিছে, সিমানেই ন ন পদ্ধতিৰে সৰবৰাহকাৰীয়ে কঢ়িয়াইছে এই বৰবিহ ৷

মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক সৰবৰাহকাৰী

শেহতীয়াকৈ মহানগৰীৰ হাতীগাঁৱৰ পৰা মঙলবাৰে বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰে মহানগৰ আৰক্ষীয়ে (Huge amount of drugs seized in Guwahati) । মহানগৰ আৰক্ষীৰ এক বিশেষ অভিযানকাৰী দলে মংগলবাৰে মহানগৰীৰ হাতীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সিজুবাৰীত জব্দ কৰে হেৰ’ইনখিনি । অভিযানকালত টিকনী নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে (Drug peddler arrested in Hatigaon) ।

এই বিশেষ অভিযানটোৰ নেতৃত্ব দিয়ে মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই ৷ পাৰ্থসাৰথি মহন্তই প্ৰকাশ কৰা মতে, এখন চাৰিচকীয়া বাহনৰ পৰা হেৰ’ইনখিনি জব্দ কৰা হয় ৷ AS01HC3427 নম্বৰৰ বাহনখনত কঢ়িয়াই আনিছিল হেৰ’ইখিনি ৷ জব্দকৃত হেৰ’ইখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা হ’ব বুলি জনায় পাৰ্থসাৰথি মহন্তই । ২৫০ গ্ৰাম ওজনৰ হেৰ’ইনখিনি ১৬ টা পেকেটতত ভাগ কৰি কঢ়িয়াই আনিছিল ধৃত টিকনীয়ে ।

যুটীয়া আৰক্ষী আয়ুক্তই লগতে জনোৱা মতে, টিকনী প্ৰথম অৱস্থাত মণিপুৰৰ পৰা ট্ৰাকেৰে ডিমাপুৰলৈ আহিছিল । তাৰ পিছত ডিমাপুৰৰ পৰা ট্ৰেইনেৰে গুৱাহাটীলৈ আহে আৰু গুৱাহাটীত উবেৰ এখন ভাৰা কৰি হেৰ’ইখিনি গুৱাহাটীৰ হাতীগাঁৱত থকা আন এজন সৰবৰাহকাৰীক দিবলৈ অহাৰ সময়তেই গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে টিকনীক হাতে লোটে গ্ৰেপ্তাৰ কৰে । ইফালে আৰক্ষীয়ে অধিক তথ্যৰ বাবে হাতিগাঁও থানাত জেৰা অব্যাহত ৰাখিছে ।

উল্লেখ্য যে, দুদিন পূৰ্বে আমিনগাঁৱত আৰক্ষীয়ে জব্দ কৰিছিল বুজন পৰিমাণৰ ড্ৰাগছ ৷ ৭৫০ গ্ৰাম হেৰ'ইন জব্দ কৰাৰ লগতে মহিলাসহ তিনিজন লোকক আটক কৰিছিল । এই জব্দকৃত ড্ৰাগছখিনিৰ মূল্য আঠ কোটি টকা হ’ব বুলি আৰক্ষীয়ে জনাইছিল ।

লগতে পঢ়ক: Ganja seized in Assam Tripura Border: ত্রিপুৰা সীমান্তত বুজন পৰিমাণৰ গাঞ্জা জব্দ

Last Updated :Oct 18, 2022, 8:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.