ETV Bharat / state

Upcoming Meghalay Election: বিবদমান সীমান্তৰ গাঁওসমূহে ভোট দিব পাৰিব মেঘালয়ৰ নিৰ্বাচনত

author img

By

Published : Jan 14, 2023, 3:14 PM IST

এইবাৰ অসম-মেঘালয় সীমাৰ বিবাদিত গাঁওসমূহৰ লোকেও মেঘালয়ৰ বিধানসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব (Meghalaya election 2023) ৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে (Chief Election Commissioner Rajiv Kumar)৷

Upcoming Meghalay Election
মেঘালয় নিৰ্বাচন সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ সংবাদমেল

গুৱাহাটী, ১৪ জানুৱাৰী : অসম-মেঘালয় সীমাৰ বিবাদিত গাঁওসমূহে মেঘালয়ৰ বিধানসভা নিৰ্বাচনত ভোটো দিব পাৰিবনে নাই সেই লৈ প্ৰশ্নৰ উত্থাপন হৈছিল ৷ কিন্তু দেশৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে স্পষ্ট কৰিছে যে, অসমৰ সৈতে বিতৰ্কিত সীমান্তৰ কাষৰীয়া গাঁৱত বসবাস কৰা পঞ্জীয়নভুক্ত ভোটাৰে মেঘালয়ত আগন্তুক বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব (Meghalaya election 2023)৷ শুকুৰবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে প্ৰকাশ কৰে এই কথা (Chief Election Commissioner Rajiv Kumar)।

ৰাজীৱ কুমাৰৰ নেতৃত্বত মেঘালয়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ দুদিনীয়া পৰ্যালোচনাৰ বাবে দুদিনীয়া ভ্ৰমণসূচী লৈ আহিছিল ৷ শুকুৰবাৰে নিৰ্বাচনী আয়োগৰ এই ভ্ৰমণৰ সামৰণি পৰে । মেঘালয় ভ্ৰমণ সামৰি মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে মন্তব্য কৰে, ‘‘বিবাদিত হ’লেও সীমান্তৰ কাষৰ গাঁৱত বসবাস কৰা লোকসকলে আগন্তুক নিৰ্বাচনত ভোট দিব পাৰিব ৷ দুয়োখন ৰাজ্যৰ চৰকাৰে যৌথ বৈঠকত মিলিত হৈছে আৰু জ্যেষ্ঠ পৰ্যায়তো আলোচনা চলি আছে । চিন্তাৰ কোনো কথা নাই’’ ৷

অসমৰ সৈতে বিবদমান মেঘালয়ৰ গাঁৱৰ লোকে নিৰ্বাচনটোত ভোট দিয়াত কোনো সমস্যা নাই । নিৰ্বাচনী ব্যয় সংবেদনশীল সমষ্টি সমূহত ১৬টা কেন্দ্ৰীয় সংস্থাক সমন্বিতভাৱে কাম কৰিবলৈ আয়োগে নিৰ্দেশ দিছে বুলি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে ।

তেওঁ কয় যে, কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে নগদ ধনেৰে ভোটাৰক প্ৰৰোচিত কৰিবলৈ চেষ্টা চলোৱাটো ৰোধ কৰিবৰ বাবে ৰাজ্যখনলৈ অহা বিমান আৰু হেলিকপ্টাৰৰ সঠিক পৰীক্ষা কৰাত সংস্থাসমূহক নিৰ্ধাৰিত নীতি মানি চলিবলৈয়ো নিৰ্দেশ দিছে নিৰ্বাচন আয়োগে ।

লগতে পঢ়ক : Assam becomes self-reliant state in agriculture: কৃষিখণ্ডত ক্ৰমাৎ আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে পৰিগণিত হৈছে অসম

ৰাজীৱ কুমাৰে সদৰী কৰে যে, অনুসূচিত জনজাতিৰ বাবে ৫৫ খন সংৰক্ষিত আসন আৰু ৫ টা অসংৰক্ষিত সমষ্টিত ৰাজ্যৰ ২১ লাখ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ যোগ্যতা অৰ্জন কৰিছে। লগতে ৰাজীৱ কুমাৰে কয় যে, ৰাজনৈতিক দলসমূহে অপৰাধৰ সৈতে জড়িত থকা প্ৰাৰ্থীৰ বিৰুদ্ধে চলি থকা গোচৰৰ প্ৰচাৰ কৰি স্থানীয় বাতৰি কাকত আৰু টিভি চেনেলত কমেও তিনিবাৰকৈ প্ৰকাশ কৰিব লাগিব আৰু লগতে এনে লোকক কিয় মনোনীত কৰা হ’ল সেই কথাও বুজাব লাগিব ৰাজনৈতিক দলসমূহে ।

মুখ্য নিৰ্বচন আয়ুক্ত ৰাজীৱ কুমাৰে লগতে উল্লেখ কৰে যে, ৮০ বছৰৰ ওপৰৰ ২২, ৮৫৮ জন আৰু ১০০ বছৰৰ ওপৰৰ ২৯০ জন, ১৮-১৯ বছৰৰ ভিতৰৰ ৮১,৪৪৩ জন ভোটাৰে এইবাৰৰ নিৰ্বাচনত ভোট দান কৰিব ৷ বেছিভাগ জ্যেষ্ঠ নাগৰিকে ভোটদানৰ বাবে ভোটকেন্দ্ৰলৈ যাব বিচৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, যদি কোনো কাৰণত তেওঁলোকে যাব নিবিচাৰে, তেন্তে ইচিআইৰ দলে জ্যেষ্ঠ নাগৰিকে ভোটদান কৰাটো নিশ্চিত কৰিব ।

জ্যেষ্ঠ নাগৰিকসকল ঘৰত ভোটদানৰ ভিডিঅ’ কৰা হ’ব আৰু এই বিষয়ে আগতীয়াকৈ জনোৱা হ’ব বুলি ৰাজীৱ কুমাৰে লগতে কয় ৷ মেঘালয় বিধানসভা নিৰ্বাচনৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৩৪৮২ টা, ইয়াৰে ৩১৫৭ টা ভোটকেন্দ্ৰ গ্ৰামাঞ্চলত । ১২০ টা মহিলা ভোটগ্ৰহণ কেন্দ্ৰ থকাৰ লগতে ৬০ টা ভোটগ্ৰহণ কেন্দ্ৰ যুৱ প্ৰজন্মই পৰিচালনা কৰিব ৷ মুখ্য নিৰ্বাচন আয়ুক্ত কুমাৰে কয় যে, নিৰ্বাচন যাতে মুক্ত, নিকা আৰু অংশগ্ৰহণমূলক হয় তাৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব ।

লগতে পঢ়ক : Assam Govt cabinet decisions: সাগৰমালাত অন্তৰ্ভুক্ত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ সমীপৰ পাঁচ তীৰ্থস্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.