ETV Bharat / state

Dispur MLA Atul Bora: প্ৰতিক্ৰিয়া-অসন্তুষ্টিৰে মুখ্যমন্ত্রীলৈ দিছপুৰৰ বিধায়ক অতুল বৰাৰ পত্র

author img

By

Published : Jul 2, 2023, 2:17 PM IST

গুৱাহাটীৰ ঐতিহাসিক দীঘলীপুখুৰী গুজৰাটৰ এটা প্ৰতিষ্ঠানক লীজত দিছে পৰ্যটন বিভাগে । আম আদমি পাৰ্টীৰ এই অভিযোগৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ অসমীয়াৰ আৱেগ-অনুভূতি জড়িত হৈ থকা ঐতিহ্যমণ্ডিত দীঘলীপুখুৰী বাহিৰৰ কোম্পানীক চমজাই দিয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দিছপুৰৰ বিধায়ক অতুল বৰাই ৷ এই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্রীলৈ প্ৰেৰণ কৰিছে পত্ৰ ।

Dispur MLA Atul Bora
প্ৰতিক্ৰিয়া-অসন্তুষ্টিৰে মুখ্যমন্ত্রীলৈ দিছপুৰৰ বিধায়ক অতুল বৰাৰ পত্র

গুৱাহাটী, ২ জুলাই: গুৱাহাটীৰ ঐতিহাসিক দীঘলীপুখুৰীৰ প্ৰসংগত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শাসকীয় দলৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই । বহুবল্কী বিধায়ক বৰাই এই প্ৰসংগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছে পত্র । উল্লেখ্য যে বিগত তিনদিন ধৰি গুৱাহাটীৰ ঐতিহাসিক দীঘলীপুখুৰীৰ প্ৰসংগই বিশেষভাৱে চৰ্চা লাভ কৰি আহিছে । এইবাৰ মাছ মৰা নাইবা লেতেৰা পৰিৱেশক লৈ দীঘলীপুখুৰী চৰ্চালৈ অহা নাই । চৰ্চালৈ আহিছে দীঘলীপুখুৰীক গুজৰাটৰ বণিয়াক ১৫ বছৰৰ বাবে লীজত দিয়াক লৈ ।

আম আদমি পাৰ্টী চমুকৈ আপৰ অভিযোগ অনুসৰি দীঘলীপুখুৰী পৰ্যটন বিভাগে গুজৰাটৰ এটা প্ৰতিষ্ঠানক লীজত দিছে । শুকুৰবাৰে সংবাদমেল যোগে আপে এই অভিযোগ তথ্য সহকাৰে উত্থাপন কৰাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । ইয়াৰ পাছতে শনিবাৰে পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমযোগে বিষয়টো সন্দৰ্ভত স্পষ্টিকৰণ দিয়ে ।

মন্ত্ৰীগৰাকীয়ে কয় যে, অসমীয়াৰ আৱেগ-অনুভূতি জড়িত হৈ থকা ঐতিহ্যমণ্ডিত দীঘলীপুখুৰীটো কোনো কাৰণতে বাহিৰৰ কোম্পানীক গতাই দিয়াৰ প্ৰশ্নই আহিব নোৱাৰে । পৰ্যটন বিভাগে যিধৰণে বিগত দিনসমূহত ইয়াৰ পৰিচালনা কৰিছিল, আগন্তুক দিনতো তাৰ উন্নয়নৰ বাবে বিভাগে নিজেই কাম কৰি যাব আৰু ইয়াক লৈ অনাহকত কোনো বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই বুলিও সামাজিক মাধ্যমত উল্লেখ কৰিছিল মন্ত্ৰীগৰাকীয়ে ।

ইফালে বিষয়টোত মুখ্যমন্ত্রীয়েও অজ্ঞতা প্ৰকাশ কৰে । বিভ্ৰান্তিৰ সৃষ্টি হোৱা এই বিষয়টো সন্দৰ্ভত দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰাই মুখ্যমন্ত্রীলৈ প্ৰেৰণ কৰে পত্র । পত্র যোগে বিধায়ক বৰাই আৰম্ভণিতেই মুখ্যমন্ত্রীক নতুনকৈ ২৫ হাজাৰ চাকৰি দিয়াৰ বাবে কৰা ঘোষণাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । ধন্যবাদ জনাই তেওঁ দীঘলীপুখুৰীৰ প্ৰসংগত কয় -'দীঘলীপুখুৰী বাহিৰা কোম্পানীক দিয়া নহয় বুলি মন্ত্রী জয়ন্তমল্ল বৰুৱাই কোৱাত সুখ পাইছো । এনে নহ'লে ময়ো হয়টো 'অনশন'ত বহিব ল'গা হ'ল হয় ।'

ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় -'দীগলীপুখুৰী ছাত্রাৱাসত (DT hostel) আছিলো । বৃটিছৰ শাসনকালত প্ৰথম মুখ্যমন্ত্রী (PM বুলি কোৱা হয়) চৈয়দ ছাদুল্লাৰ বাসগৃহৰ (দীঘলীপুখুৰী পাৰৰ) প্ৰথম মহলাত চাংঘৰত আমাৰ কাৰ্যালয় পি এল পি আছিল আৰু তাৰ পৰাই অসম আন্দোলনৰ আৰম্ভণী হৈছিল । ইমান এটা ইতিহাস থকা দীঘলীপুখুৰী কিয় দিব ? এই প্ৰশ্ন আছিল আমাৰো ।'

তেওঁ লগতে কয় -'সকলো ঠিক হ'ল যদিও 'দীঘলীপুখুৰীৰ নতুন মালিক কোন এই ৰাজ কাংকাৰীয়া' শীৰ্ষক এটা বাতৰিয়ে (এখন জনপ্ৰিয় কাকতৰ) সন্দেহ উপজালে আমাৰ ।' বিধায়ক অতুল বৰা ইমানতে ক্ষান্ত থকা নাই । মুখ্যমন্ত্রীয়ে ২৫ হাজাৰ বিহুৱা-বিহুৱতীক লৈ দিল্লীত অনুষ্ঠান কৰাৰ বাবে কৰা ঘোষণাক লৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এই সন্দৰ্ভত তেওঁ কয় -'সৰুসজাইত ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে বিশ্ব ৰেকৰ্ড গঢ়িলে, গীনিজ বুকত নাম সোমাল, ৰাইজ সুখী হ'ল । সেই সময়চোৱাত বিহুৰ বাবে প্ৰায় এমাহমান জিলা উপায়ুক্ত বা কাৰ্যালয় ব্যস্ত থকাত প্ৰশাসন যন্ত্র আৰু আন কাম-কাজবোৰ অচল হোৱাৰ দৰে হৈছিল । এইবাৰ আকৌ ২৫ হাজাৰ বিহুৱা-বিহুৱতীক দিল্লীলৈ নিয়াৰ বাবে কিমান টকাৰ প্ৰয়োজন হ'ব । মোৰ মতে এইটো ভাল হোৱা নাই ।'

পত্রখনত মুখ্যমন্ত্রীৰ প্ৰতি পৰামৰ্শ আগবঢ়াই তেওঁ কয় 'যদি তেনে এটা ইচ্ছা আছে তেন্তে বিহুৰে আকৌ কেলৈ ? অসমৰ সমন্বয় সম্প্ৰীতিৰ নাচ-গান বা নৃত্য-গীত সমূহকে লৈ আগবঢ়া উচিত । বাগৰুম্বা, বৰদৈচিখলা, গুমৰাহ, ঝুমুৰ, লালি লাং, কাৰ্বি নৃত্য, ভোৰতাল নৃত্য, সত্রীয়া নৃত্য, মিছিং বিহু, দেউৰী বিহু ইত্যাদি ।' বাতৰি কাকতৰ উৰ্দ্ধৃতি দি তেওঁ লগতে কয় -'বাতৰি কাকতত দেখিছো মহানগৰীৰ ১৫৫ খন হোটেল-ল'জে পোৱা নাই বিলৰ ধন ।'

আনহাতে আন এটা প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় -'গুৱাহাটী উচ্চ ন্যায়ালয় য'তে আছে তাতে থাকক । শুক্ৰেশ্বৰ, উমানন্দ আদিৰ দৰে নহ'লেও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক ঐতিহ্য আছে । সৌষ্ঠৱ বৃদ্ধি কৰা হাইকৰ্ট আৰু দীঘলীপুখুৰী একেলগে থাকক, এয়ে প্ৰাৰ্থনা ।' লক্ষণীয় বিষয় যে গুৱাহাটীৰ কেইবাটাও চৰ্চিত বিষয়ৰ ওপৰত শাসকীয় দলৰ এজন জনপ্ৰতিনিধিয়ে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে । দিছপুৰৰ বিধায়কগৰাকীৰ এই পত্রখনক মুখ্যমন্ত্রীয়ে কিদৰে লয় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: Dighalipukhuri: গুজৰাটী বণিয়াক দীঘলীপুখুৰী গতোৱাৰ বিৰুদ্ধে সৰৱ AICCTU-তৃণমূল কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.