ETV Bharat / state

লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী : পেটতে হাত ভৰি লুকাইছে বহুতৰ !

author img

By

Published : Jun 28, 2021, 8:31 PM IST

কুখ্যাত বিষয়া ৰাকেশ পালৰ আশীৰ্বাদত বক্ৰপথেৰে নিযুক্তি লাভ কৰা অসম লোকসেৱা আয়োগৰ বিষয়ালৈ পুনৰ চমন জাৰি কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । এইবাৰ অতি কমেও ৫০ জন বিষয়াৰ চাকৰি লাভৰ ক'লা অধ্যায় উন্মোচিত হোৱাৰ সম্ভাৱনা আছে ।

Dibrugarh police has issued summon to APSC officer in Cash for job scam
বক্ৰপথেৰে নিযুক্তি লাভ কৰা অসম লোকসেৱা আয়োগৰ বিষয়ালৈ পুনৰ চমন জাৰি

গুৱাহাটী, ২৮ জুন: ৰাকেশ পাল(RAKESH PAL)ৰ কাৰ্যকালত লাখে লাখে টকা দি অসম লোকসেৱা আয়োগ(APSC)ৰ চাকৰি কিনি এতিয়াও জালত নপৰাকৈ থকা কমেও ৫০ গৰাকী এ পি এছ(APS), এ চি এছ(ACS) আৰু সংযুক্ত সেৱাৰ বিষয়াৰ এতিয়া পেটতে হাত ভৰি লুকুৱা অৱস্থা । কিয়নো বিশেষ ন্যায়াধীকৰণে এইসকল কৰ্মৰত বিষয়াৰ বিৰুদ্ধে তদন্তৰ অনুমতি প্ৰদান কৰাৰ লগে লগে এই সমগ্ৰ গোচৰটোৰ‌ তদন্ত কৰি থকা ডিব্ৰুগড় আৰক্ষীয়ে আজিৰে পৰা অভিযুক্ত বিষয়া সকললৈ চমন জাৰি কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আৰক্ষী সূত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি ২০১৩ বৰ্ষৰ পৰীক্ষাত বাচনিকৃত ২৫ জন আৰু ২০১৪ৰ পৰীক্ষাত বাচনিকৃত ২০ জন সন্দেহজনক প্ৰাৰ্থী এতিয়াও ৰাজ্যৰ বিভিন্ন ঠাইত কৰ্মৰত হৈ আছে ।

ৰাকেশ পাল বাহিনীয়ে ভুৱা টেবুলেশ্বন শ্বীট আৰু ভুৱা নম্বৰেৰে এইসকলৰ নিযুক্তিৰ ব্যৱস্থা কৰি দিছিল । মূল পৰীক্ষাৰ উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীটৰ হাতৰ আখৰৰ মাজত ধৰা পৰিছে ব্যাপক বিসংগতি । ইতিমধ্যে, আহমেদাবাদৰ ফৰেনচিক পৰীক্ষাগাৰে ধৰা পেলাইছে এই বিসংগতি । আহমেদাবাদৰ পৰা অহা ফৰেনচিক প্ৰতিবেদনৰ আধাৰতে এতিয়া তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেছাৰে আৰম্ভ কৰিছে তদন্ত ।

সেই অনুসৰি সোমবাৰৰ পৰা চমন জাৰি কৰা প্ৰথম পৰ্যায়ৰ এইসকল বিষয়াক কাহিলীপাৰাত থকা আৰক্ষীৰ বিশেষ শাখাত জেৰা কৰা হ'ব । সেই জেৰাৰ পিছতেই হয়তো ৰঙাঘৰৰ আলহী হ'ব পাৰে এইসকল এ পি এছ, এ চি এছ আৰু সংযুক্ত সেৱাৰ বিষয়া‌ । অৱশ্যে এতিয়ালৈকে চমন জাৰি কৰা বিষয়াসকলৰ নাম ৰাজহুৱা কৰা নাই আয়োগে ।

ইয়াৰ পূৰ্বে ৩৯ জন বিষয়াৰ নাম সাঙোৰ খাইছিল এ পি এছ চি কেলেংকাৰীৰ সৈতে । আটাইকেইজনকে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল আৰু কাৰাবাস খাটিবলগীয়া হৈছিল । উল্লেখ্য যে, এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে এজনীয়া আয়োগ গঠন কৰি দিছিল ।

লগতে পঢ়ক :যোৰহাটত 200 ৰো অধিক শিশু ক'ভিডত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.