ETV Bharat / state

MLA Prasanta Phukan is in ICU: অসম চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত বিধায়ক প্ৰশান্ত ফুকন

author img

By

Published : Jan 14, 2023, 6:10 PM IST

MLA Prasanta Phukan is in ICU
অসম চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত বিধায়ক প্ৰশান্ত ফুকন

অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন । শুকুৰবাৰে নিশা অসম চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্ডিঅ'লজী বিভাগৰ আই চি ইউত ভৰ্তি কৰা হৈছিল জ্যেষ্ঠ বিজেপি নেতাগৰাকীক(MLA Prasanta Phukan is in ICU) ৷ নিশা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়খনত ভৰ্তি কৰা হৈছিল বিধায়কগৰাকীক ৷

ডিব্ৰুগড়, ১৪ জানুৱাৰী: ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন চিকিৎসাধীন(Dibrugarh MLA Prashant Phukan) । অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কাৰ্ডিঅ'লজী বিভাগৰ আই চি ইউত চিকিৎসাধীন হৈ আছে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা প্ৰশান্ত ফুকন । শুকুৰবাৰে নিশা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ ৷ ইয়াৰ পাছতেই তেওঁক ততাতৈয়াকৈ ভৰ্তি কৰা হৈছিল অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত ।

সম্প্ৰতি অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত কাৰ্ডিঅ'লজী বিভাগৰ আই চি ইউত চিকিৎসাধীন হৈ আছে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন(MLA Prashant Phukan is undergoing treatment) । বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হৈছে আৰু আজি তেওঁক ঘৰলৈ যাবলৈ দিয়া হ'ব বুলি জানিব পৰা হৈছে ৷ অৱশ্যে জ্যেষ্ঠ বিজেপি নেতাগৰাকীক আজি হাস্পতালৰ পৰা মুকলি কৰি দিয়া হ’ব যদিও কিছুদিন তেওঁক স্বাস্থ্যৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিবলৈ চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে ৷

চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক প্ৰশান্ত দিহিঙীয়াই ইটিভি ভাৰতৰ সাংবাদিকক ফোনযোগে জানিবলৈ দিয়া অনুসৰি, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন শুকুৰবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰাত তেওঁক অসম চিকিৎসা মহাবিদ্যালয়ৰ(Assam Medical College and Hospital) কাৰ্ডিঅ'লজী বিভাগৰ আই চি ইউত ভৰ্তি কৰা হৈছিল ৷ চিকিৎসকৰ নিৰন্তন নিৰীক্ষণ আৰু তত্বাৱধানত বৰ্তমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা কিছু উন্নতি হৈছে আৰু আজি তেওঁক ঘৰলৈ যাবলৈ দিয়া হ'ব ৷

অধীক্ষক প্ৰশান্ত দিহিঙীয়াই এতিয়া বিধায়কগৰাকীৰ স্বাস্থ্যক লৈ কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই বুলি জানিবলৈ দিয়ে ৷ অৱশ্যে তেওঁ বিধায়কগৰাকীক কিছুদিনলৈ তেওঁৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল’বলৈ পৰামৰ্শ দিয়ে ৷ উল্লেখ্য যে, সততে সংবাদ মাধ্যমত চৰ্চাত থকা ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ বিজেপি নেতা প্ৰশান্ত ফুকন হঠাৎ অসুস্থ হৈ পৰাত ডিব্ৰুগড় সমষ্টিৰ ৰাইজ চিন্তিত হৈ পৰিছিল ।

পূৰ্বে উৰুকাৰ পুৱাই মাছৰ বজাৰত মাছ, হাঁহ, কোমোৰা, দৈ কিনিবলৈ বজাৰে বজাৰে ঘূৰে বিধায়ক প্ৰশান্ত ফুকন । ডিব্ৰুগড়ৰ প্ৰতিটো ভেলাঘৰত গৈ ৰাইজৰ সৈতে উৰুকাও উদযাপন কৰে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে । কিন্তু এইবাৰ উৰুকাৰ দিনা চিকিৎসালয়ত থাকিব লগা হয় বিধায়কগৰাকী ৷ জানিব পৰা মতে, শুকুৰবাৰে দিনৰ ভাগলৈ ডিব্ৰুগড়ৰ বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল বিধায়ক ফুকনে । কিন্তু নিশা হঠাৎ অসুস্থ হৈ পৰাত তেওঁক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰিব লগা হৈছিল ।

লগতে পঢ়ক: Assam becomes self-reliant state in agriculture: কৃষিখণ্ডত ক্ৰমাৎ আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে পৰিগণিত হৈছে অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.