ETV Bharat / state

দুই মন্ত্ৰীৰ বিভাগ সলালে মুখ্যমন্ত্ৰীয়ে

author img

By

Published : Jul 10, 2021, 12:37 PM IST

Updated : Jul 10, 2021, 12:45 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাৰ কিছু সালসলনি ঘটাইছে ৷ শিক্ষা বিভাগ (Education Deparment)ৰ দায়িত্বত থকা মন্ত্ৰী ডাঃ ৰণোজ পেগুক (Ranoj Pegu) অতিৰিক্তভাৱে ভৈয়াম জনজাতি উন্নয়ন বিভাগ (Deparment for welfare of plains tribes and backward classes) আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মক অতিৰিক্তভাৱে বড়োলেণ্ড উন্নয়ন বিভাগ (Bodoland developmet Council) ৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৷

দুই মন্ত্ৰীৰ বিভাগ সলালে মুখ্যমন্ত্ৰীয়ে
দুই মন্ত্ৰীৰ বিভাগ সলালে মুখ্যমন্ত্ৰীয়ে

গুৱাহাটী, 10 জুলাই : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সামান্য সালসলনি ঘটাইছে মন্ত্ৰীৰ দায়িত্বত থকা বিভাগসমূহত । সেই অনুসৰি শিক্ষা বিভাগ(Education Deparment)ৰ দায়িত্বত থকা মন্ত্ৰী ডাঃ ৰণোজ পেগুক অতিৰিক্তভাৱে অৰ্পণ কৰা হৈছে ভৈয়াম জনজাতি উন্নয়ন বিভাগ(Deparment for welfare of plains tribes and backward classes) ৰ দায়িত্ব । পূৰ্বতে অৰ্থাৎ মন্ত্ৰীসভা গঠন কৰা সময়ৰে পৰা এই বিভাগটোৰ দায়িত্বত আছিল মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ।

দুই মন্ত্ৰীৰ বিভাগ সলালে মুখ্যমন্ত্ৰীয়ে
মন্ত্ৰীৰ দপ্তৰৰ সালসলনিৰ অধিসূচনা জাৰি

কিন্তু নতুন নিৰ্দেশনা অনুসৰি মন্ত্ৰী ব্ৰহ্মৰ পৰা এই বিভাগটো কৰ্তন কৰি ডাঃ ৰণোজ পেগুক দিয়া হৈছে । মন্ত্ৰী উৰ্খাওগৌৰা ব্ৰহ্মক অতিৰিক্তভাৱে দায়িত্ব দিয়া হৈছে বড়োলেণ্ড উন্নয়ন বিভাগ(Bodoland developmet Council) ৰ । পূৰ্বতে অৰ্থাৎ মন্ত্ৰীসভা গঠনৰ সময়ৰে পৰাই এই বিভাগটো মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছিল ।

এতিয়াৰে পৰা বিভাগটোৰ দায়িত্ব ন্যস্ত কৰা হৈছে মন্ত্ৰী ব্ৰহ্মক ।

এই বিভাগটোৰ উপৰিও মন্ত্ৰী ব্ৰহ্মৰ হাতত থাকিব হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ লগতে ভূমি সংৰক্ষণ বিভাগ । ইতিমধ্যে ৰাজ্যপালৰ অনুমোদন সাপেক্ষে দুয়োগৰাকী মন্ত্ৰীৰ দপ্তৰৰ সালসলনিৰ অধিসূচনা জাৰি কৰিছে ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ।

লগতে পঢ়ক: কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল ৰাজ্যিক Cabinet ত ?

Last Updated : Jul 10, 2021, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.