ETV Bharat / state

Debabrat saikia reaction: বানৰ সময়ত ভোটৰ সভা কিয় ? দেবব্ৰত শইকীয়া

author img

By

Published : Jun 19, 2023, 10:51 PM IST

"বান সমস্যাৰ বিষয়ে একো মন্তব্য নকৰাকৈয়ে অসমবাসীক ভুৱা প্ৰতিশ্ৰুতি দি গ’ল নাড্ডাই ৷" বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অসম আগমনক লৈ সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া ৷

Debabrat saikia slams J P Nadda
বানৰ সময়ত ভোটৰ সভা কিয় ?

বানৰ সময়ত ভোটৰ সভা কিয় ?

গুৱাহাটী, ১৯ জুন : "এফালে বানপানীৰ তাণ্ডৱ, আনফালে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ভোটৰ অংকৰে অসম আগমন ৷ দলীয় বিশাল সভাত অংশগ্ৰহণ ৷ বান সমস্যাৰ বিষয়ে একো মন্তব্য নকৰাকৈয়ে অসমবাসীক ভুৱা প্ৰতিশ্ৰুতি দি গ’ল নাড্ডাই ৷" শেহতীয়াকৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অসম আগমনক লৈ সমালোচনাত মুখৰ হৈ পৰিছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া ৷

লগতে বিৰোধীৰ দলপতি গৰাকীয়ে কয় যে, বৰ্তমান অসমৰ ভিন্ন ঠাইত দেখা দিয়া জৰুৰী সমস্যাসমূহ নিবাৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো আগতীয়া ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়সমূহৰ সন্দৰ্ভত চৰকাৰে অন্ধকাৰত ৰাখিছে ৰাজ্যবাসীক ৷ মুখ্যমন্ত্ৰীয়ে সঘনাই অসমক দেশৰ শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত এখন কৰাৰ লক্ষ্যৰে কাম কৰি যোৱাৰ যি ভুৱা আশ্বাস দি আহিছে ৷ তাৰ বিপৰীতে অসম দেশৰ নিম্ন ৰাজ্যসমূহৰ ৩ নম্বৰ স্থানত আছে ৷ দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই অসমলৈ আহি যি ভুৱা সপোন ৰাইজক দেখাই গ'ল বুলি ককৰ্থনা কৰে দেৱব্ৰত শইকীয়াই ৷

“ডিব্ৰুগড়ৰ বান-খহনীয়া সন্দৰ্ভত বিজেপি বিধায়ক প্ৰশান্ত ফুকনে ২০/২৫ বছৰ সমষ্টিটোৰ বিধায়ক হৈ থাকিও অতি অশোভনীয় কথা কৈছে ৷ তেওঁ শেহতীয়াকৈ জিয়া আয়ুক্তগৰাকীক 50 নং বিধিৰে কাম কৰিবলৈ নিৰ্দেশনা দিছে ৷ কিন্তু নিৰ্দিষ্ট বিধিলৈ কিয় ৰ’ব লাগে জিলা আয়ুক্ত ?” এইদৰে ডিব্ৰুগড়ৰ বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰ বিতৰ্কিত মন্তব্য প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷

উল্লেখযোগ্য যে, বহু বিতৰ্কিত বিধায়ক প্ৰশান্ত ফুকনে শেহতীয়াভাৱে অতি অসংবেদনশীলভাৱে মন্তব্য কৰিছিল যে মুখ্যমন্ত্ৰীৰ হাতত এনেকুৱা পাইপ নাই যে মুখত লগাই খাই দিলেই বানপানী শেষ হৈ যাব ৷ এই মন্তব্যই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ উল্লেখ্য যে, ৰাজ্যজুৰি বানৰ বিভীষিকাই ভয়ংকৰ ৰূপ লৈছে ৷ এতিয়ালৈ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত চলিত বৰ্ষৰ প্ৰথমটো বানতে জুৰুলা হৈছে লোকসকল ৷

লগতে পঢ়ক: Abdur Rahim Khan passes away: বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.