ETV Bharat / state

Death of Imminent personalities: 2022 ত অসমে হেৰুওৱা বিশেষ ব্যক্তিসকল

author img

By

Published : Dec 30, 2022, 8:43 PM IST

Updated : Dec 30, 2022, 9:10 PM IST

২০২২ বৰ্ষটো ৰাজ্যখনৰ ইতিহাসত স্মৰণীয় হৈ ৰ’ব । বিভিন্ন ঘটনা পৰিঘটনাৰে সমৃদ্ধ ২০২২ বৰ্ষই অসমবাসীক দি গ'ল বহুতো । কিন্তু অসমবাসীয়ে হেৰুৱালে অসমৰ সমাজ-সংস্কৃতি জীৱনত এক গতি দিয়া বহুকেইগৰাকী পুৰুধা ব্যক্তিক । যি সকল ব্যক্তিয়ে অসমীয়া জাতীয় জীৱনক প্ৰদান কৰি থৈ গৈছে অন্য এক মাত্ৰা । তেনে কিছু সমল ব্যক্তিক লৈ আমাৰ এই প্ৰতিবেদন ।

Death of Imminent personalities of 2022 in Assam
2022 বৰ্ষত অসমৰ পৰা হেৰাই যোৱা কিছু সমল ব্যক্তিৰ প্ৰতিবেদন

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ: সময়ে বাগৰ সলাই, বছৰ বাগৰি বহু কথাই সাধু হৈ ৰৈ যায় । সৰাপাত হৈয়ো যেন বহুতে সুবাস বিলাই । যি সুবাসত এটা জাতিয়ে কঁকাল পোনাই । এটা বছৰে দি থৈ যায় বহুতো আৰু লৈয়ো যায় বহুতো । যি লৈ যায় সেয়া ঘূৰি নাহে কেতিয়াও । তেনেকৈ ২০২২ য়েও লৈ গ’ল বহুতো । চাওঁতে চাওঁতে শেষ হ’ল ২০২২ । ক’ভিডমুক্ত আনন্দময় এই বৰ্ষটোৱে আমাক দিলে বহু মধুৰতম স্মৃতি ।

তথাপিও যেন থাকি গ’ল জীৱনৰ বাকীচোৱাৰ বহু হুমুনিয়াহ । সোঁৱৰণীৰ তোৰণৰে ভুমুকিয়াই চালে দেখা পাও বহু আপোনজনৰ ছবি । হেৰুওৱাৰ হুমুনিয়াহৰ মাজৰে বছৰটোৰ শেষত সুঁৱৰিব খুজিছোঁ ৰাজ্যখনত স্ব-প্ৰতিভাৰে চিৰ জ্যোতিষ্মান, চিৰসেউজ সেই বৰেণ্য ব্যক্তিসকলক । যিসকল কায়িকভাৱে আমাৰ মাজত নাথাকিলেও আমাৰ ৰক্তত চিৰপ্ৰৱাহমান । সাহিত্য, সংগীত, কলা, শিল্প, ক্ৰীড়া আদি সকলো ক্ষেত্ৰতে এটি এটিকৈ খহি পৰা সেই নক্ষত্ৰৰ সোঁৱৰণীৰ পৰত আমাৰ স্মৃতি পটত ভাঁহি আহিছে এইসকল ব্যক্তিৰ নাম ।

Death of Imminent personalities of 2022 in Assam
বশিষ্ঠ দেৱশৰ্মা

বশিষ্ঠ দেৱশৰ্মা: শ্ৰীমন্ত শংকৰদেৱ বঁটাপ্ৰাপক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মায়ো চিৰবিদায় মাগিলে এই বৰ্ষতে ৷ এই খবৰে যেন বিষাদগ্ৰস্ত কৰি তুলিছিল অসমৰ ৰাইজক । কি সাহিত্য, কি সংস্কৃতিৰ ক্ষেত্ৰ ৷ সকলোতে তেওঁৰ অৱদান নুই কৰিব নোৱাৰি ৷ ২২ অক্টোবৰত বুঢ়াসত্ৰীয়াগৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে শোক ছাঁ পৰিছিল ৷

Death of Imminent personalities of 2022 in Assam
নিপন গোস্বামী

নিপন গোস্বামী: বছৰটোৰ ২৭ অক্টোবৰত চলচ্চিত্ৰ জগতলৈ আহিছিল এটা মৰ্মান্তিক খবৰ । অসমীয়া চলচ্চিত্ৰ জগতৰ মহীৰূহ নিপন গোস্বামী আৰু নাই (Veteran Actor Nipon Goswami)৷ মহানগৰীৰ নেমকেয়াৰ হাস্পতালত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মহীৰূহ নিপন গোস্বামীয়ে ৷ গোস্বামীয়ে প্ৰায় ৫০ খন অসমীয়া ছবিত কাম কৰিছে । তেখেতে ৭ খন হিন্দী ছবিৰ লগতে দুখনমান বঙালী ছবিত অভিনয় কৰিছে ।

Death of Imminent personalities of 2022 in Assam
নীলপৱন বৰুৱা

নীলপৱন বৰুৱা: এটা দিনৰ ব্যৱধানত দুটাকৈ বেয়া খবৰে জোঁকাৰি গৈছিল অসমবাসীক । ২০২২ বৰ্ষৰ ২৮ অক্টোবৰত অসমৰ শিল্প জগতক উকা কৰি গুচি গৈছিল খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱা (Neel Pawan Baruah) ৷ ২০২১ চনত তেওঁক অসম চৰকাৰে ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰিছিল । বৰুৱাৰ কেইখনমান চিত্ৰকৰ্ম হ’ল, গ্ৰীণ বাৰ্ড, কালীয় দমন, শংখ চক্ৰ গদাপদ্ম, শায়িত মানুহ, বৰঢোল, ভিয়েটনামৰ জয়, চিঞৰ, তিনিজন মাতব্বৰ, পটচিত্ৰ আৰু দেৱীৰ তিনিখন মুখ ।

death-of-imminent-personalities-of-2022-in-assam
শিবনাথ বৰ্মন

শিৱনাথ বৰ্মন: অসমবাসীক পুনৰ এক দুখৰ সন্ধ্যাই জোকাৰি গৈছিল ২০২২ ত । অসমৰ আকাশৰ পৰা খহি পৰিল অসমৰ শিক্ষা, সাহিত্য, সংবাদ জগতৰ এটা উজ্জ্বল নক্ষত্ৰ । বছৰটোৱে বাগৰ সলাবলৈ মাত্ৰ ১৫ টা দিন বাকী থাকোতে ১৫ ডিচেম্বৰত ইহ সংসাৰৰ পৰা বিদায় মাগিলে একেধাৰে অধ্যাপক, লেখক, সম্পাদক, অভিধান প্ৰণেতা, অনুবাদক তথা সাংবাদিক ড৹ শিৱনাথ বৰ্মনে । এয়াও এক অপূৰণীয় ক্ষতি ।

Death of Imminent personalities of 2022 in Assam
পুলক গগৈ

পুলক গগৈ: ৰং-তুলিকা সামৰি চেলুলয়ডৰ মায়া এৰি ২০২২ তে গুছি গ’ল পুলক গগৈয়ো । ১২ নৱেম্বৰত শেষ নিঃশ্বাস ত্যাগ কৰে গগৈয়ে । 1975 চনত "খোজ" ছবিখনেৰে অসমীয়া ছবিজগতত এগৰাকী পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা পুলক গগৈয়ে তেওঁৰ জীৱনকালত সৰ্বমুঠ 9 খন অসমীয়া ছবি পৰিচালনা কৰাৰ উপৰিও 6 খনকৈ ছবি প্ৰযোজনাও কৰিছিল ৷

Death of Imminent personalities of 2022 in Assam
ড৹ প্ৰফুল্ল মহন্ত

ড৹ প্ৰফুল্ল মহন্ত: কেনেকৈনো পাহৰিব পাৰি অসমৰ এগৰাকী অন্যতম লেখক, চিন্তাবিদ, ইতিহাসকাৰ, ঔপন্যাসিক, সমাজবিজ্ঞানী তথা অধ্যাপক ড৹ প্ৰফুল্ল মহন্তৰ কথা । ২ ছেপ্তেম্বৰ ২০২২ ত অসমৰ সাহিত্য জগতখন উকা কৰি গুছি গ’ল প্ৰয়াত ড৹ প্ৰফুল্ল মহন্ত ।

Death of Imminent personalities of 2022 in Assam
অপূৰ্ব বেজবৰুৱা

অপূৰ্ব বেজবৰুৱা: ২০২২ বৰ্ষ, এই বৰ্ষৰ প্ৰায় আৰম্ভণিতে অসমৰ সংগীত জগতৰ এটি ভোটাতৰা অন্তৰ্ধান হ’ল । অসমৰ সংগীত জগতৰ এটি প্ৰাতঃস্মৰণীয় নাম অপূৰ্ব বেজবৰুৱা আছিল প্ৰখ্যাত কণ্ঠশিল্পী তথা গীতিকাৰ (Apurba Bezbaruah)। যাৰ গীতত কণ্ঠ নিগৰাইছিল আশা ভোচলে, কবিতা কৃষ্ণমূৰ্তি, উদিত নাৰায়ণ আৰু ভূপেন হাজৰিকাৰ দৰে গায়কসকলে । কিন্তু সংগীত জগতখন উকা কৰি চলিত বৰ্ষৰ ৯ ফ্ৰেব্ৰুৱাৰীৰ বুধবাৰৰ দিনটোত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে অপূৰ্ব বেজবৰুৱাৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ ।

Death of Imminent personalities of 2022 in Assam
অতুলানন্দ গোস্বামী

অতুলানন্দ গোস্বামী: ২০২২ চনৰ ২৭ জুলাই, সেইদিনা বিদায় মাগিলে "নামঘৰীয়াৰ স্ৰষ্টা" অতুলানন্দ গোস্বামীয়ে (Atulananda Goswami) । নামঘৰীয়া নামৰ উপন্যাসৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা সাহিত্য অকাডেমী প্ৰাপক সাহিত্যিক গৰাকীও গুচি গ’ল অসমৰ সাংস্কৃতিক জগতখন উকা কৰি ।

Death of Imminent personalities of 2022 in Assam
সাধন হাজৰিকা

সাধন হাজৰিকা: ২০২২ চনৰ একেই মাহতে আন এটা বেয়া খবৰ । বিশিষ্ট অভিনেতা সাধন হাজৰিকা আৰু নাই । ডাঃ বেজবৰুৱা, খোজ, লাচিত বৰফুকন, বহাগৰ দুপৰীয়া, মন মন্দিৰ আদি বহু কেইখন ছবিত অভিনয় কৰিছিল বিশিষ্ট অভিনেতাগৰাকীয়ে । ইয়াৰোপৰি কেইবাখনো ধাৰাবাহিকতো বলিষ্ঠ অভিনয়ৰে মুহিছিল দৰ্শকৰ মন ।

Death of Imminent personalities of 2022 in Assam
চিৰঞ্জীৱ দত্ত

চিৰঞ্জীৱ দত্ত: বিনোদনধৰ্মী জনপ্ৰিয় আলোচনী বিস্ময়ৰ জৰিয়তে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা জনপ্ৰিয় কাৰ্টুন শিল্পী চিৰঞ্জীৱ দত্তয়ো আমাৰ মাজৰ পৰা বিদায় ল’লে ২০২২ ৰ ২৬ নৱেম্বৰতে । এগৰাকী কাৰ্টুনিষ্ট হোৱাৰ উপৰিও জনসংযোগ বিভাগত কৰ্মৰত আছিল দত্ত । উল্লেখ্য যে, আৰক্ষী বিষয়া তথা কবি-লেখক নিত্যা দত্তৰ পুত্ৰ চিৰঞ্জীৱ দত্ত ।

Death of Imminent personalities of 2022 in Assam
ভোলা কটকী

ভোলা কটকী: ইফালে ৪ নৱেম্বৰত ইহলীলা সম্বৰণ কৰে প্ৰবীণ চলচিত্ৰ অভিনেতা তথা নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক ৰজনী মাষ্টৰ খ্যাত ভোলা কটকীয়ে । জামুগুৰিহাটৰ প্ৰবীণ অভিনেতা গৰাকীক হেৰুৱাই ম্ৰিয়মান হৈ পৰিছিল অসমৰ সাংস্কৃতিক মহল ।

Death of Imminent personalities of 2022 in Assam
জ্ঞানেন্দ্ৰ পল্লব বৰুৱা

জ্ঞানেন্দ্ৰ পল্লৱ বৰুৱা: তেতিয়া ব’হাগৰ বতৰ । ৯০ দশকৰ প্ৰতিজনৰে প্ৰিয় মন যায় ছবিখনত অনন্য অভিনয়েৰে সুবাসিত কৰা প্ৰথিতযশা অভিনেতা জ্ঞানেন্দ্ৰ পল্লৱ বৰুৱাই যকৃতৰ ৰোগত আক্ৰান্ত হৈ বিদায় মাগিলে আমাৰ মাজৰ পৰা । "Me and My Sister" ৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা জ্ঞানেন্দ্ৰ পল্লব বৰুৱাৰ মৃত্যু অসমৰ ছবিজগতৰ বাবে এক অপূৰণীয় ক্ষতি । 21 এপ্ৰিলত হেঙেৰাবাৰী বাসগৃহত মৃত্যু হয় অভিনেতাগৰাকীৰ ৷

Death of Imminent personalities of 2022 in Assam
প্ৰতাপ বৰদলৈ

প্ৰতাপ বৰদলৈ: চলিত বৰ্ষতে অসমৰ সংবাদ মাধ্যমলৈ আহিছিল এটা বেয়া খবৰ । দূৰদৰ্শনৰ প্ৰথম অসমীয়া বাতৰি পঢ়োতা প্ৰতাপ বৰদলৈ আৰু নাই । সেই সময়ত দূৰদৰ্শনৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে প্ৰায়ে দৰ্শকৰ সন্মুখলৈ আহিছিল এখন চিনাকি মুখ, এটা চিনাকি কণ্ঠ । সেই চিনাকি মুখ আৰু চিনাকি কণ্ঠৰ বাতৰি পঢ়োতাগৰাকীয়েই আছিল প্ৰতাপ বৰদলৈ । সেই চিনাকি মুখ, চিনাকি কণ্ঠ নোহোৱা হৈ পৰিল ২০২২ চনৰ ১৯ ফ্ৰেব্ৰুৱাৰীত ।

Death of Imminent personalities of 2022 in Assam
পংকজ পূজাৰী

পংকজ পূজাৰী: ২০২২ বৰ্ষৰ ১৮ জানুৱাৰীত অসমৰ ভ্ৰাম্যমাণ উদ্যোগলৈ আহিছিল এটা বেয়া খবৰ । প্ৰবীণ অভিনেতা ভ্ৰাম্যমাণ নাটক, ধাৰাবাহিক আদিৰ যোগেদি কৰা অভিনয় প্ৰতিভাৰে দৰ্শকক মোহিত কৰা অভিনেতা পংকজ পূজাৰীয়েও ১৮ জানুৱাৰীত বিদায় মাগিলে ইহসংসাৰৰ পৰা ।

Death of Imminent personalities of 2022 in Assam
অনুপমা ভট্টাচাৰ্য

অনুপমা ভট্টাচাৰ্য: ভ্ৰাম্যমাণ উদ্যোগ কেৱল এটা নহয় জানুৱাৰী মাহটোত আহিছিল আন এটা বেয়া খবৰ ৷ মৃত্যু হয় অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ ৷ ক’ভিডত আক্ৰান্ত হৈ ৩০ জানুৱাৰীত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকী (Anupama Bhattacharjya Passes away)। তেওঁৰ মৃত্যু সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি ৷

Death of Imminent personalities of 2022 in Assam
কিশোৰ দাস

কিশোৰ দাস: ২০২২ তে হেৰাই গৈছিল অসমৰ আন এটি যুৱ প্ৰতিভা । কৰ্কট ৰোগ আক্ৰান্ত হৈ ২ জুলাইত অসমৰ এগৰাকী প্ৰচুৰ সম্ভাৱনা থকা নৃত্যশিল্পী, অভিনেতা কিশোৰ দাসে মেলানি মাগিছিল ইহ সংসাৰৰ পৰা । অকালতে মৰহি যোৱা সেই কলিটিলৈ চাই উচুপি উঠিছিল বহুজনে ।

Death of Imminent personalities of 2022 in Assam
কৌস্তুভ কাশ্যপ বৰুৱা

কৌস্তুভ কাশ্যপ বৰুৱা: সৌ সিদিনা বছৰটো শেষ হ’বলৈ ধৰোতেই ক্ৰীড়া জগতৰ বাবে আহিছিল এটা খুবেই বেয়া খবৰ । সুদক্ষ ক্ৰিকেটাৰ তথা প্ৰাক্তন ৰঞ্জী ট্ৰফী খেলুৱৈ নগাঁৱৰ কৌস্তুভ কাশ্যপ বৰুৱা আৰু নাই । ২৬ ডিচেম্বৰত ইহলীলা সম্বৰণ কৰে শচীন টেণ্ডুলকাৰৰে সু-সম্পৰ্ক থকা ক্ৰিকেটাৰ কৌস্তুভ কাশ্যপ বৰুৱা ওৰফে পৃথুৱে ।

Death of Imminent personalities of 2022 in Assam
গৰিমা হাজৰিকা

গৰিমা হাজৰিকা: পাহৰিব নোৱাৰি ৰাজ্যৰ বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকাৰ কথা । ৪ আগষ্টৰ দিনা আমাৰ মাজৰ পৰা আঁতৰি গ’ল বিশিষ্ট শাস্ত্ৰীয় নৃত্য পটিয়সী গৰিমা হাজৰিকা । বিশিষ্ট নৃত্য পটিয়সীগৰাকী আছিল অসমীয়া ছবি জগতৰ এগৰাকী চিনাকী কলা নিৰ্দেশক তথা কৰিঅ’গ্ৰাফাৰ ।

Death of Imminent personalities of 2022 in Assam
প্ৰবীণ চন্দ্ৰ দাস

প্ৰবীণ চন্দ্ৰ দাস: পাহৰিব নোৱাৰা এটি নাম প্ৰবীণ চন্দ্ৰ দাস (Prabin Chandra Das) । অসমৰ এগৰাকী লোক-সংস্কৃতিবিদ, গৱেষক, অধ্যাপক, লেখক সম্পাদক প্ৰবীণ চন্দ্ৰ দাসে মেলানি মাগিছিল ২০২২ ৰ ৪ ছেপ্টেম্বৰত ।

Death of Imminent personalities of 2022 in Assam
ড৹ অমল ৰাজখোৱা

ড৹ অমল ৰাজখোৱা: ৬ অক্টোবৰত অসমৰ সাহিত্য জগতৰ বাবে আহে এটা দুঃখবৰ । কুৰিৰো অধিক গ্ৰন্থ ৰচনা কৰা তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড৹ অমল ৰাজখোৱাৰ ৬ অক্টোবৰত হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ সৈতে যুঁজি মৃত্যু হয় । ৰাজখোৱাই ৮১ বছৰ বয়সত যোৰহাট মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে (Dr Amal Rajkhowa dies in JMCH) ।

Death of Imminent personalities of 2022 in Assam
ৰবীন বৰুৱা

ৰবীন বৰুৱা: (Rabin Baruah) অসমৰ এগৰাকী কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী আছিল ৰবীন বৰুৱা । তেওঁ প্ৰায় ৩৩ বছৰ জুৰি মৌচাক আৰু প্ৰান্তিক আলোচনীৰ পাতত ব্যাখ্যা চিত্ৰ অংকন কৰিছিল । ২১ জুনত ইহলীলা সম্বৰণ কৰে চিত্ৰশিল্পীগৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ ।

এটা বছৰ বাগৰি বছৰ আহে । স্মৃতিৰ টোপোলাও গধুৰ হৈ আহে । যি হেৰুৱাই সেয়া পুনৰাই পোৱা নাযায় । কিন্তু স্মৃতিৰ পটত চিৰযুগমীয়া হৈ ৰৈ যায় । চিৰ জ্যোতিষ্মাণ হৈ ৰৈ যায় বহু ব্যক্তি আৰু তেওঁলোকৰ সৃষ্টিৰাজী । বহু এনে ব্যক্তিও আছে যি অনবদ্য অৱদানেৰে চহকী কৰি থৈ গৈছে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভড়াল । কিন্তু তাৰ মাজতে আমাৰ সমীক্ষাত অনিচ্ছাকৃতভাৱে উল্লেখিত নোহোৱাকৈ ৰৈ গ’ল তেওঁলোকৰ নাম । আমি ক্ষমাপ্ৰাৰ্থী । সেই চিৰ জ্যোতিষ্মাণ সত্বালৈ আমাৰ সশ্ৰদ্ধ প্ৰণিপাত ।

Last Updated : Dec 30, 2022, 9:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.