ETV Bharat / state

Cyber crime: অপৰাধীৰ বিৰুদ্ধে সদা সষ্টম জি পি সিঙে এইবাৰ কি কৰিব ?

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 11:21 AM IST

যাৰ নাম শুনিলেই অপৰাধীৰ বুকু কঁপি উঠে, সেইজনকে জোকাই ল’লে এইবাৰ চাইবাৰ অপৰাধীয়ে ৷ ৰাজ্যৰ লগতে ৰাজ্যবাসীৰ সুৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াজন অৱশেষত লক্ষ্য হৈ পৰিল চাইবাৰ অপৰাধীৰ ।

cyber criminals target dgp g p singh
লক্ষ্য হৈ পৰল চাইবাৰ অপৰাধীৰ

গুৱাহাটী, ১১ নৱেম্বৰ : অৱশেষত চাইবাৰ অপৰাধীৰ লক্ষ্য হ’ল ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াজন । চাইবাৰ অপৰাধীয়ে এইবাৰ লক্ষ্য কৰি লৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক ।

সঞ্চালক প্ৰধান জি পি সিঙৰ নামত WhatsApp ত ভুৱা একাউণ্ট খুলি প্ৰৱঞ্চনাৰ জাল পেলাইছে । আৰক্ষী সঞ্চালক প্ৰধানজনৰ ফটো ব্যৱহাৰ কৰি ভুৱা WhatsApp একাউন্ট খুলি একাংশ ব্যক্তিলৈ মেছেজ প্ৰেৰণ কৰিছে অপৰাধীয়ে ।

এই সন্দৰ্ভত অৱগত হোৱাৰ পাচত অসম আৰক্ষীয়ে আৰক্ষী সঞ্চালক প্ৰধানজনৰ নামৰ পৰা WhatsApp ত কিবা মেছেজ আহিলে সেই নাম্বাৰ ব্লক কৰি অসম আৰক্ষীক জনাবলৈ আহ্বান জনাইছে । জানিব পৰা মতে, এই সমগ্ৰ বিষয়টোত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ।

cyber criminals target dgp g p singh
লক্ষ্য হৈ পৰল চাইবাৰ অপৰাধীৰ

ৰাজ্যত দিনক দিনে বৃদ্ধি পাই আহিছে বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনা । প্ৰায় প্ৰতিদিনেই অসমৰ কোনোবা নহয় কোনোবা স্থানত আৰক্ষীয়ে কৰায়ত্ত কৰে অপৰাধমূলক কামত জড়িত থকা ব্যক্তিক ৷ অসমখন অপৰাধমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে আৰক্ষী-প্ৰশাসনৰ কঠোৰ অভিযান অব্যাহত থকাৰ মাজতেই এইবাৰ দুষ্ট চক্ৰৰ লক্ষ্য হৈ পৰিল ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াজন ।

আৰক্ষী শীৰ্ষ বিষয়াগৰাকীৰ নামত কোনো দুষ্ট চক্ৰই ভুৱা WhatsApp একাউণ্ট খুলি বিভিন্নজনক ধন বিচাৰি মেছেজ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বে আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ লগতে শীৰ্ষ বহু আৰক্ষী বিষয়াৰ নামত দুষ্ট চক্ৰই ভুৱা ফেচবুক একাউণ্ট খুলি বিভিন্নজনলৈ টকা বিচাৰি মেছেজ প্ৰেৰণ কৰিছিল । কিন্তু দুৰ্ভাগ্যৰ বিষয় যে, বৰ্তমানলৈ এই ঘটনাৰে জড়িত চক্ৰৰ এজনো লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক : Cyber crime: অভিজ্ঞ চাইবাৰ এক্সপাৰ্টৰ সহায়ত চলিছে চাইবাৰ অপৰাধৰ তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.