ETV Bharat / state

TMC women Wing Memorandum: নাৰী নির্যাতনকাৰীক শাস্তিৰ দাবীত অসম তৃণমূল মহিলা কংগ্ৰেছৰ স্মাৰক পত্ৰ প্ৰদান

author img

By

Published : May 12, 2023, 8:31 PM IST

নাৰীজনিত অপৰাধ ৰোধ আৰু নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি সমূহ জিলা তৃণমূল মহিলা কংগ্ৰেছৰ তৰফৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্য সচিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয় (TMC submits statewide memorandum)।

Assam Trinamool Mahila Congress submits statewide memorandum
অসম তৃণমূল মহিলা কংগ্ৰেছৰ ৰাজ্যজুৰি স্মাৰক পত্ৰ প্ৰদান

গুৱাহাটী, 12 মে’ : ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি হৈছে নাৰী নির্যাতন, নাৰী উৎপীড়নৰ ঘটনা ৷ নাৰীজনিত অপৰাধ ৰোধত বিজেপি চৰকাৰৰ ব্যর্থতা হোৱা বুলি অভিযোগ উত্থাপন কৰি নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি সমূহ জিলা তৃণমূল মহিলা কংগ্ৰেছৰ তৰফৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্য সচিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে (TMC submits statewide memorandum)। গুৱাহাটীত কামৰূপ মহানগৰ জিলা তৃণমূল মহিলা কংগ্ৰেছৰ সভানেত্রী ৰেখা বৰগোহাঁইৰ নেতৃত্বত যোৱা এটি সঁজাতী দলে কামৰূপ মেট্ৰ'ৰ উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্য সচিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে (TMC women Wing Memorandum)।

সেইদৰে প্ৰতিখন জিলা তৃণমূল কংগ্ৰেছ সমিতিয়ে নিজ নিজ জিলাৰ উপায়ুক্তৰ জৰিয়তে মুখ্য সচিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে (Assam Trinamool Mahila Congress)। এই সন্দৰ্ভত তৃণমূল মহিলা কংগ্ৰেছৰ সভানেত্রী ৰেখা বৰগোহাঁইয়ে কয়, "ৰাজ্যজুৰি নাৰী নিৰ্যাতনৰ লগতে নাৰীজনিত অপৰাধ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু বিজেপি চৰকাৰে এই ক্ষেত্ৰত একো কৰিব পৰা নাই । নাৰী সুৰক্ষাত ব্যৰ্থ হৈছে চৰকাৰ (Demanding punishment for women abusers) ৷"

সভানেত্ৰীগৰাকীয়ে লগতে কয় যে, বৰডুবিত বিজেপিৰ এগৰাকী পঞ্চায়ত সভাপতিৰ দ্বাৰা নাবালিকাক বলাৎকাৰ সংঘটিত হৈছে (Statewide memorandum Demanding punishment)। এই ক্ষেত্ৰত দোষীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা শূন্য। আকৌ গোলাঘাট জিলাৰ দেৰগাঁৱত মন্দিৰৰ পুৰোহিতৰ দ্বাৰা ১৩ বছৰীয়া পালিত কন্যাক বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে । কিন্তু অভিযুক্ত শম্ভূ দোছাদক আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই ।

ইপিনে কাছাৰৰ ৰাজনগৰ কাটাটিল্লাত সঞ্জয় ৰয় নামৰ এজনৰ দ্বাৰা ৯ বছৰীয়া নাবালিকাক বলাৎকাৰ ঘটনা সংঘটিত হৈছে । এই ক্ষেত্ৰতো আৰক্ষীৰ ব্যৱস্থা শূন্য। ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত জাহিৰুল আলম নামৰ লোকজনৰ দ্বাৰা নাবালিকাক অপহৰণ কৰি ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে । নগাঁও জিলাৰ বটদ্ৰৱাৰ মেৰাতলত দুই পথাচাৰী মহিলাক ৫ দুৰ্বৃত্তৰ দ্বাৰা বলাৎকাৰ । জাজৰি থানাত গোচৰ দিয়াৰ পাছতো অভিযুক্ত ছাহজাহান, নাছিৰুদ্দিন, ৱাজিউল ইছলাম,আনাৰ হুছেইন, হাবিজুদ্দিনৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা শূন্য ।

মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তৰ চেলেঙত টিংকু গড় নামৰ এজন যুৱকৰ দ্বাৰা খুৰাকৰ ১২ বছৰীয়া কন্যাক বলাৎকাৰ । লখিমপুৰ জিলাৰ বগীনদীৰ অকৰাবস্তি গাঁৱত আব্দুল আলী নামৰ জলজীৱনৰ মিছনৰ কামত জড়িত ধুবুৰী জিলাৰ শ্ৰমিকৰ দ্বাৰা যুৱতীক ধৰ্ষণ। বলাৎকাৰৰ দৃশ্য গোপনে মোবাইলত ৰেকৰ্ডিং কৰি ঘটনাৰ বিষয়ে মুখ খুলিলে ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দি ঢকুৱাখানালৈ পলায়ন কৰে আব্দুল আলী । দোষীৰ বিৰুদ্ধে ব্যৱস্থা শূন্য।

স্মাৰক পত্ৰত উল্লেখ কৰে যে, এইকেইটা মাত্ৰ সংবাদ মাধ্যমত প্ৰকাশিত তথ্যহে । ৰাজ্যখনত প্ৰতিদিনে এনেকৈ যৌন নিৰ্যাতন, বলাৎকাৰৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে । আনহাতে, মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত মহিলাৰ ডিঙিৰ পৰা দিন দুপৰতে ডিঙিৰ চেইন বলপূৰ্বক ছিঙি লৈ যোৱা ঘটনাৰ সংখ্যা বিগত সময়ছোৱাত বৃদ্ধি পাইছে । কিন্তু কোনোটোতে আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই । বহু ক্ষেত্ৰত চিচিটিভিৰ ভিজুৱেলসহ জমা দিয়াৰ পাচতো আৰক্ষী নীৰৱ-নিৰ্বিকাৰ হৈ থকাটো ৰহস্যজনক হৈ পৰিছে বুলি তৃণমূল মহিলা কংগ্ৰেছৰ সভানেত্রী ৰেখা বৰগোহাঁইয়ে অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: Sarita Toshniwal Murder Case : ১৭ মে’ত হ’ব ডাঃ সৰিতা তছনিৱাল হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.