ETV Bharat / state

কোভিডৰ সমান্তৰালকৈ উন্নয়নমূলক আঁচনি ৰূপায়নত গুৰুত্ব প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jul 10, 2020, 12:34 AM IST

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী বাসভৱনৰ পৰাই ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্ত,আৰক্ষী অধীক্ষক আৰু যুটীয়া স্বাস্থ্য সঞ্চালকসকলৰ সৈতে এক ভিডিঅ' কনফাৰেঞ্চত মিলিত হয় ৷

covid-19-situation-observe-chief-minister-sarbananda-sonwal-and-vedio-confarance-all-districts-dc-sp-and-other-offcers
কোভিডৰ সমান্তৰালকৈ গুৰুত্ব দিয়ক উন্নয়নমূলক আঁচনি ৰূপায়নতোঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

গুৱাহাটী,৯জুলাই : কোভিড-19 য়ে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ সৈতে যুঁজ দিয়াৰ সমান্তৰালভাৱে ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়নত অগ্ৰাধিকাৰ দিয়া উচিত ৷ অসমৰ সকলো জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকললৈ এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী বাসভৱনৰ পৰাই ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্ত,আৰক্ষী অধীক্ষক আৰু যুটীয়া স্বাস্থ্য সঞ্চালকসকলৰ সৈতে এক ভিডিঅ' কনফাৰেঞ্চত মিলিত হৈ এই নিৰ্দেশ দিয়ে ।

covid-19-situation-observe-chief-minister-sarbananda-sonwal-and-vedio-confarance-all-districts-dc-sp-and-other-offcers
কোভিডৰ সমান্তৰালকৈ গুৰুত্ব দিয়ক উন্নয়নমূলক আঁচনি ৰূপায়নতোঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰাজ্যৰ কোভিড-19 হটস্পট ৰূপে চিহ্নিত অঞ্চলসমূহৰ বাসিন্দাসকলক যাতে কোনো কাৰণতে অৱজ্ঞা কৰা নহয় তাৰ প্ৰতি‌ লক্ষ্য ৰাখিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে । একেসময়তে যাতে চিকিৎসা সেৱাৰ পৰা আৰম্ভ কৰি সকলো সা-সুবিধা সেই অঞ্চলৰ লোকসকলে লাভ কৰে সেয়া নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে।

covid-19-situation-observe-chief-minister-sarbananda-sonwal-and-vedio-confarance-all-districts-dc-sp-and-other-offcers
কোভিডৰ সমান্তৰালকৈ গুৰুত্ব দিয়ক উন্নয়নমূলক আঁচনি ৰূপায়নতোঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আনহাতে কোভিড-19ৰ সমান্তৰালকৈ যিহেতু বান পৰিস্থিতিৰ সৈতেও কেইবাখনো জিলা প্ৰশাসনে যুঁজ দিবলগীয়া হৈছে,গতিকে বান বিধ্বস্ত ৰাইজৰ অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰতো সজাগ হৈ থাকিবলৈ তেওঁ জিলা প্ৰশাসনসমূহক আহ্বান জনায় । ইপিনে"আত্মনিৰ্ভৰ ভাৰত"ৰ জৰিয়তে নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যে বহিঃৰাজ্যৰ পৰা উভতি অহা অসমৰ লোকসকলৰ সংস্থাপনৰ দিশটোত যাতে গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়কঃ এইবাৰ অখিল গগৈৰ মুক্তিৰ দাবীত ডিজিটেল আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.