ETV Bharat / state

NRC scam: এন আৰ চি কেলেংকাৰী সম্পৰ্কীয় গোচৰত প্ৰতীক হাজেলালৈ চমন জাৰি আদালতৰ

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 9:02 PM IST

১৭ নৱেম্বৰত সোঁ-শৰীৰে আদালতত হাজিৰ হ’ব লাগিব প্ৰতীক হাজেলা । 'কেগ'ৰ প্ৰতিবেদনৰ ভিত্তিত লুইত কুমাৰ বৰ্মনে কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত তৰিছিল গোচৰ । একেটা গোচৰত কামৰূপ মহানগৰ সত্ৰ আদালতে ইণ্টিগ্ৰেটেড চাৰ্ভিছ চিষ্টেম আৰু উইপ্ৰ' লিমিটেডকো চমন জাৰি । 'কেগ'ৰ প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই আছে এন আৰ চিৰ বিয়াগোম দুৰ্নীতি-অনিয়মৰ তথ্য ।

Prateek Hajela nrc scam
NRC scam

গুৱাহাটী,১৫ নবেম্বৰ: আদালতত হাজিৰ হ'ব লাগিব এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নিতকৰণৰ নামত অসমত হোৱা বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ৰুজু কৰা এক গোচৰৰ বাবে প্ৰতীক হাজেলা লৈ চমন জাৰি কৰিছে আদালতে ।

উল্লেখ্য যে 'কেগ'ৰ প্ৰতিবেদনৰ ভিত্তিত সাংস্কৃতিক কৰ্মী লুইত কুমাৰ বৰ্মনে কামৰূপ মহানগৰ সত্ৰ ন্যায়াধীশৰ আদালতত এটা গোচৰ তৰিছিল । এন আৰ চিৰ নামত হোৱা ব্যাপক দুৰ্নীতিৰ বিষয়ে 'কেগ'ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছিল আৰু তাৰেই ভিত্তিত লুইত কুমাৰ বৰ্মনে গোচৰ ৰুজু কৰিছিল । বিত্তীয় অনিয়মৰ সেই গোচৰত প্ৰতীক হাজেলালৈ চমন জাৰি কৰা হৈছে । অহা ১৭ নৱেম্বৰত সোঁ-শৰীৰে আদালতত হাজিৰ হ’ব লাগিব প্ৰতীক হাজেলা ।

আনহাতে, একেটা গোচৰত কামৰূপ মহানগৰ সত্ৰ আদালতে ইণ্টিগ্ৰেটেড চাৰ্ভিছ চিষ্টেম আৰু উইপ্ৰ' লিমিটেডকো চমন জাৰি কৰিছে । ১৭ নৱেম্বৰত আদালতত হাজিৰ হ’ব লাগিব প্ৰতীক হাজেলাৰ লগতে তিনিওটা পক্ষ । উল্লেখ্য যে 'কেগ'ৰ প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই এন আৰ চিৰ বিয়াগোম দুৰ্নীতি-অনিয়মৰ তথ্য প্ৰকাশ পাইছিল যদিও চৰকাৰীভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ।

লক্ষণীয় বিষয় যে এন আৰ চি উন্নীতকৰণৰ বিপৰীতে আৱণ্টিত পুঁজিত সংঘটিত কেলেংকাৰীৰ বাবে নাম উল্লেখ নকৰিলেও ‘কেগ’ৰ যোগেদি মূলতঃ এন আৰ চিৰ তদানীন্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাকে জগৰীয়া কৰা হৈছিল ।

ভাৰতৰ মহাপঞ্জীয়কে ২০১৩ চনৰ ৫ ডিচেম্বৰত এক জাননীমৰ্মে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ঘোষণা কৰিছিল । এই জাননী জাৰিৰ তিনি বছৰৰ ভিতৰত অৰ্থাৎ ২০১৬ চনৰ ৪ ডিচেম্বৰৰ ভিতৰত উন্নীতকৰণ প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ সময়সীমা বান্ধি দিয়া হৈছেল । অৱশ্যে ২০১৪ চনৰ ১৭ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে ২৭৪/২০০৯ নম্বৰৰ লেখ আবেদনখনৰ বিপৰীতে দিয়া ৰায়ত এই সময়সীমা ১৪ মাহলৈ হ্ৰাস কৰিছিল ।

সেইমৰ্মে ২০১৫ চনৰ ২৬ মাৰ্চত অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া আৰম্ভ হয় । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া ২০১৬ চনৰ জানুৱাৰী মাহত শেষ হ’ব লাগিছিল । আৰম্ভণিতে তিনি বছৰৰ ভিতৰত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে ভাৰতৰ মহাপঞ্জীয়কে ২০১৪ চনৰ ২২ মে'ত এক অধিসূচনাযোগে ২৮৮.১৮ কোটি টকাৰ পুঁজিত অনুমোদন জনাইছিল । পিছে উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিভিন্ন পৰিৱৰ্তন আৰু সময় অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ বাজেট সংশোধন কৰি ১,৬০২.৬৬ কোটি টকালৈ বৃদ্ধি কৰা হৈছিল ।

ভাৰতৰ মহাপঞ্জীয়কে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগলৈ এই ধনৰাশি মুকলি কৰি দিছিল । কিন্তু ইয়াৰ বিপৰীতে ব্যয় হৈছিল ১,৫৭৯.৭৮ কোটি টকা । উচ্চতম ন্যায়ালয়ে অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ সময়সীমা সাতবাৰ বৃদ্ধি কৰিছিল । এনেদৰে সময়সীমা বৃদ্ধিৰ সমান্তৰালভাৱে ১,৫৭৯.৭৮ কোটি টকা ব্যয় আৰু ৪০ হাজাৰৰ পৰা ৭১ হাজাৰ চৰকাৰী কৰ্মচাৰী নিয়োগ কৰা সত্ত্বেও আজিপর্যন্ত পূৰ্ণ নহ'ল এখন বৈধ-ত্ৰুটিহীন এন আৰ চিৰ প্ৰকৃত উদ্দেশ্য ।

লক্ষণীয় বিষয় যে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত যি অনিয়ম সংঘটিত হোৱাৰ তথ্য ‘কেগ’ৰ প্ৰতিবেদনত পোহৰলৈ আহিছিল সেয়া ঘটিছিল প্ৰতীক হাজেলাই এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক পদত কার্যনিৰ্বাহ কৰি থকাৰ সময়ছোৱাত । ‘কেগ’ৰ প্ৰতিবেদন অনুসৰি এন আৰ চি উন্নীতকৰণত ব্যয় হোৱা মুঠ ১,৫৭৯.৭৮ কোটি টকাৰ ভিতৰত ৬৪.৪৬ শতাংশ হাৰে সৰ্বাধিক ১,০১৮.৩৫ কোটি টকা খৰচ হৈছিল মানৱ সম্পদৰ ওপৰত ।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে ছফ্টৱেৰ ডিজাইন, বিকাশ আৰু এন আৰ চি সেৱা কেন্দ্ৰ (এন এছ কে) স্থাপনৰ বাবে ছিষ্টেম ইন্টিগ্ৰেটৰ বাছনিৰ প্ৰস্তাৱৰ অনুৰোধ (আৰ এফ পি) জাৰি কৰিছিল ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত । এই ক্ষেত্ৰত মেছাৰ্ছ উইপ্ৰ’ লিমিটেড একক নিবিদা দাখিল কৰোতা হোৱাৰ বাবে প্ৰতিষ্ঠানটোকে ছিষ্টেম ইন্টিগ্ৰেটৰ হিচাপে নিযুক্ত কৰা হৈছিল । আৰ এফ পি অনুসৰি ছিষ্টেম ইণ্টিগ্ৰেটৰৰ দ্বাৰা ৰাজ্যৰ ২,৫০০ এন এছ কেত ৫,০০০ অপাৰেটৰক নিযুক্তি কৰিব লাগিছিল ।

ছিষ্টেম ইন্টিগ্ৰেটৰে চুক্তিৰ আৰম্ভণিৰে পৰা ইন্টিগ্ৰেটেড ছিষ্টেমছ এণ্ড ছাৰ্ভিচেছ নামৰ আন এটা প্ৰতিষ্ঠানক উপ-ঠিকাদাৰ হিচাপে নিযুক্তি দিছিল । 'কেগ'ৰ হিচাপ পৰীক্ষাত এই কথা স্পষ্ট হৈছিল যে এন আৰ চি উন্নীতকৰণৰ আউট ছ'ৰ্চ কৰ্মচাৰী-শ্ৰমিক নিয়োগ চুক্তিখন ইন্টিগ্ৰেটেড ছিষ্টেমছ এণ্ড ছাৰ্ভিচেছৰ সৈতে উপ-চুক্তিবদ্ধ কৰা হৈছিল । পিছে চৰ্তাৱলী সম্পৰ্কে দুয়োটা প্ৰতিষ্ঠানৰ মাজত সম্পাদিত চুক্তিখন এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ নথি-পত্ৰত উপলব্ধ নাছিল ।

মেছাৰ্ছ উইপ্ৰ’ লিমিটেডে ২০১৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা ২০১৯ চনৰ নৱেম্বৰ মাহলৈকে ২,৮১৯-৭,৮২৫ পৰিসৰৰ ভিতৰত আউট ছ'ৰ্চ কৰ্মচাৰী নিয়োজিত কৰিছিল । ইয়াৰ বাবে প্ৰতিষ্ঠানটোৱে দাবী কৰিছিল মুঠ ৫৬৩.৩৪ কোটি টকা । ইতিমধ্যে এই ধনৰাশিৰ ৫৩৩.৫২ কোটি টকা মেছাৰ্ছ উইপ্ৰ’ লিমিটেডক এন আৰ চিৰ ৰাজ্যিক সমন্বয়কে পৰিশোধ কৰিছিল ।

প্ৰকৃততে 'কেগ'ৰ পৃষ্ঠাই পৃষ্ঠাই প্ৰতীক হাজেলাই কৰা দুৰ্নীতি-অনিয়মৰ তথ্য স্পষ্ট হৈছিল । তথ্য অনুসৰি এন এছ কেৰ অপাৰ্টেৰক কম মজুৰি দি ছিষ্টেম ইন্টিগ্ৰেটৰ উইপ্ৰ’ লিমিটেডে ১৫৫.৮৩ কোটি টকাৰ দুৰ্নীতি কৰিছিল । তৃতীয় নিৰীক্ষণ পৰামৰ্শদাতাক জড়িত কৰি অনুমোদন অবিহনে ১০.২০ কোটি টকা ব্যয় কৰা হৈছিল । ন্যূনতম মজুৰি আইন উলংঘা কৰি ৬৭.১৪ কোটি টকা লাভৰ পৰা বঞ্চিত কৰিছিল আউটছৰ্চ কৰ্মচাৰীক।

প্ৰকল্প ব্যৱস্থাপনা কার্যকলাপত ১.৭৮ কোটি টকা অতিৰিক্ত খৰচ কৰা হৈছিল । ২০ হাজাৰ টকীয়া জেনেৰেটৰ ক্ৰয় কৰা হৈছিল ৯৩,৯৬৪.৬৪ টকাত । অপৰিকল্পিত আৰু জধে-মধে ৬১.৪৩ কোটি টকা ব্যয় কৰা হৈছিল । এন আৰ চিৰ নামত কেৱল লুণ্ঠনহে চলোৱা হৈছিল । যাৰ বাবে আজিও অসমবাসীয়ে নাপালে এখন ত্ৰুটিমুক্ত শুদ্ধ এন আৰ চি ।

ইফালে এন আৰ চি প্ৰকাশ হোৱাৰ পাছত নিৰাপত্তাৰ দোহাই দি এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই তিনিবছৰৰ বাবে গৃহ ৰাজ্য মধ্যপ্ৰদেশলৈ ডেপুটেচনত গৈছিল । এন আৰ চিক লৈ থকা অসমবাসীৰ সপোন চূড়মাৰ কৰি ডেপুটেচনত যোৱা প্ৰতীক হাজেলাৰ তিনিবছৰীয়া ডেপুটেচনৰ ম্যাদ উকলাৰ পাছত তেওঁক মধ্যপ্ৰদেশ চৰকাৰে অসমলৈ উভতি যোৱাৰ বাবে জাননী জাৰি কৰিছিল ।

২০১৯ চনৰ ১ নবেম্বৰত তেওঁ অসম ত্যাগ কৰি ডেপুটেচনত মধ্যপ্ৰদেশলৈ গৈছিল । এন আৰ চি প্ৰকাশৰ পাছতে নিৰাপত্তাজনিত কাৰণত মধ্যপ্ৰদেশলৈ ডেপুটেচন বিচাৰি উচ্চতম ন্যায়ালয়ত তেওঁ আবেদন কৰিছিল । সেই সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল ৰঞ্জন গগৈ ।

প্ৰতীক হাজেলাই ডেপুটেচনৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে পুনৰ আবেদন জনাইছিল যদিও কেন্দ্ৰীয় চৰকাৰে তেওঁৰ আবেদন খাৰিজ কৰে । তেনেস্থলত অসমলৈ উভতি আহিবলৈ বাধ্য আছিল যদিও প্ৰতীক হাজেলাই অৱশেষত ভি আৰ এছৰ বাবে আবেদন কৰি অসমলৈ অহাৰ পৰা বিৰত থাকে । কিন্তু অৱশেষত লুইত কুমাৰ বৰ্মনে ৰুজু কৰা গোচৰত আদলতে প্ৰতীক হাজেলাক ১৭ নবেম্বৰত হাজিৰ হোৱাৰ বাবে চমন জাৰি কৰিছে ।

লগতে পঢ়ক: AAP demands resignation of Assam Governor: সংবিধান বিৰোধী কৰ্মত লিপ্ত হৈছে ৰাজ্যপাল: আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.