ETV Bharat / state

Construction Workers Protest: শ্ৰমিকৰ গৰ্জনত কঁপি উঠিল সোণাৰাম হাইস্কুলৰ খেলপথাৰ

author img

By

Published : Feb 11, 2023, 7:36 PM IST

শনিবাৰে প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটীৰ সোণাৰাম হাইস্কুলৰ খেলপথাৰ ৷ হাজাৰ হাজাৰ শ্ৰমিকৰ গৰ্জনত কঁপি উঠিল নিৰ্মাণ শ্ৰমিক ফেডাৰেচনৰ দশম সৰ্বভাৰতীয় সন্মিলন ৷ চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে সমবেত হ’ল সহস্ৰাধিক শ্ৰমিক (Construction Workers Protest in Guwahati)।

Construction Workers Protest
শ্ৰমিকৰ গৰ্জনত কঁপি উঠিল সোণাৰাম হাইস্কুলৰ খেলপথাৰ

শ্ৰমিকৰ গৰ্জনত কঁপি উঠিল সোণাৰাম হাইস্কুলৰ খেলপথাৰ

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীৰ সোণাৰাম হাইস্কুল খেলপথাৰত হাজাৰ হাজাৰ শ্ৰমিকৰ গৰ্জন ৷ শনিবাৰে ভাৰতৰ নিৰ্মাণ শ্ৰমিক ফেডাৰেচনৰ দশম সৰ্বভাৰতীয় সন্মিলন মহানগৰীৰ ভৰলুমুখৰ সোণাৰাম হাইস্কুল খেলপথাৰত (Sonaram High School) অনুষ্ঠিত হয় (Construction Workers Federation summit)। এই সৰ্বভাৰতীয় সমাৱেশত অংশগ্ৰহণ কৰে দেশৰ বিভিন্ন স্থানৰ পৰা অহা কেইবাজনো শ্ৰমিক নেতাই ৷

চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে সমবেত হয় কেইবা সহস্ৰাধিক শ্ৰমিক । সন্মিলনত মূল্যবৃদ্ধি ৰোধ, সুলভ মূল্যত যোগান ধৰা, অসম চৰকাৰে অতি শীঘ্ৰে নূন্যতম মজুৰি ঘোষণা কৰা, নূন্যতম মজুৰি মাহিলি ২৬ হাজাৰ টকা ধাৰ্য কৰা, অংগনৱাড়ী কৰ্মী সহায়িকা আশাকৰ্মী আৰু ৰন্ধন কৰ্মচাৰীক মাননিৰ সলনি মজুৰি প্ৰদান কৰা, নিৰ্মাণ শ্ৰমিকৰ কল্যাণ আঁচনিৰ ধন অতি শীঘ্ৰে আদায় দিয়া, নিৰ্মাণ শ্ৰমিক কল্যাণ আঁচনিৰ পুঁজি কেৱল মাত্ৰ শ্ৰমিকৰ বাবে ব্যয় কৰাটো নিশ্চিত ৰখা, অসমৰ চাহ শ্ৰমিকৰ দিন হাজিৰা 661 টকা ধাৰ্য কৰা, মটৰ পৰিবহনসহ অন্যান্য অসংগঠিত খণ্ডৰ শ্ৰমিক কল্যাণ আঁচনি অতিশীঘ্ৰে ৰূপায়ন কৰাৰ দাবী জনায় শ্ৰমিকসকলে ৷

ইয়াৰোপৰি নামৰূপ সাৰ কাৰখানাত চতুর্থ গোট অতি শীঘ্ৰে স্থাপন কৰা, অসমৰ তেল নিগমকে ধৰি ৰাজহুৱা খণ্ডৰ শিল্প-প্ৰতিষ্ঠান ব্যক্তিগতকৰণ বন্ধ কৰা, শুৱালকুছি তাঁতশিল্পকে ধৰি অসমৰ বস্ত্ৰ উদ্যোগ ৰক্ষা কৰা, শিপিনী পেঞ্চন ঘোষণা কৰা, বিদ্যুৎ খণ্ডত কৰ্মৰত সকলো অস্থায়ী কৰ্মচাৰীৰ কৰ্ম নিৰাপত্তা নিশ্চিত কৰা আৰু এন পি এছ বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা অব্যাহত ৰখাৰ দাবী জনায় ।

প্ৰাক্তন সাংসদ তথা বাওপন্থী প্ৰবীণ নেতা উদ্ধৱ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সমাৱেশত CWFI ৰ সভাপতি সুখবীৰ সিং প্ৰভাত, সম্পাদক শশীকুমাৰ, CITU (Centre of Indian Trade Unions) ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তপন সেন, বিধায়ক মনোৰঞ্জন তালুকদাৰ (MLA Manoranjan Talukdar), চিটুৰ সৰ্বভাৰতীয় নেত্ৰী কে হেমলতা (K Hemalata in Guwahati), ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা উপস্থিত থাকে । তেওঁলোকে ভাষণৰ প্ৰসংগত মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷

বিধায়ক মনোৰঞ্জন তালুকদাৰে চৰকাৰক সমালোচনা কৰি কয়- ‘‘মোডী নেতৃতাধীন বিজেপি চৰকাৰে শ্ৰমজীৱি মানুহৰ সকলো কল্যাণমূলক ২৮ খন আইন বিলোপ কৰি চাৰিটা কোডত অনাৰ চেষ্টা কৰি অধিকাৰ খৰ্ব কৰাৰ যত্নপৰ হৈছে ৷’’ সেয়েহে শ্ৰমজীৱি মানুহ চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৷

লগতে পঢ়ক: Protest in Nalbari: চিকিৎসালয় স্থানান্তৰকৰণক লৈ নলবাৰীত উত্তপ্ত পৰিস্থিতি; প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.