ETV Bharat / state

এনআৰচিৰ সমন্বয়কৰ নতুন নিৰ্দেশৰ বিৰোধিতা কংগ্ৰেছৰ

author img

By

Published : Oct 17, 2020, 7:10 PM IST

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা ডি ভোটাৰ আৰু পৰিয়ালবৰ্গ, বিদেশী বুলি ঘোষিত লোক আৰু পৰিয়ালবৰ্গৰ উপৰিও বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা লোক আৰু পৰিয়ালবৰ্গৰ নাম কৰ্তন কৰিবলৈ সকলো জিলাৰ উপায়ুক্তক নিৰ্দেশ দিয়া কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ অন্যতম বিৰোধী দল কংগ্ৰেছে ।

congress react on nrc new order guwahati assam etv bharat news
এনআৰচিৰ সমন্বয়কৰ নতুন নিৰ্দেশৰ বিৰোধিতা কংগ্ৰেছৰ

গুৱাহাটী,17 অক্টোবৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই এনআৰচিৰ চূড়ান্ত তালিকাৰ পৰা ডি ভোটাৰ আৰু পৰিয়ালবৰ্গ, বিদেশী বুলি ঘোষিত লোক আৰু পৰিয়ালবৰ্গৰ উপৰিও বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা লোক আৰু পৰিয়ালবৰ্গৰ নাম কৰ্তন কৰিবলৈ সকলো জিলাৰ উপায়ুক্তক নিৰ্দেশ দিয়া কাৰ্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ অন্যতম বিৰোধী দল কংগ্ৰেছে ।

এনআৰচিৰ সমন্বয়কৰ নতুন নিৰ্দেশৰ বিৰোধিতা কংগ্ৰেছৰ

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এনে নিৰ্দেশৰ বিৰোধ কৰি কয় যে, উচ্চতম ন্যায়ালয়ক অৱজ্ঞা কৰি এনআৰচি-ৰ পৰা নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰিব বিচাৰিছে । উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত যিখন এনআৰচি প্ৰকাশ কৰা হৈছে তাৰ ওপৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ দায়বদ্ধতা থকা উচিত । কিন্তু এই সকলোবোৰ নিয়ম-নীতি অৱজ্ঞা কৰি শেহতীয়াকৈ আমাৰ ৰাজ্যিক এনআৰচি সমন্বয়কে ডি ভোটাৰ বা যি সকলৰ গোচৰ বিদেশী ন্যায়াধিকৰণত চলি আছে তেনে লোকৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ জিলা উপায়ুক্তসমূহলৈ এক নিৰ্দেশনা পঠিওৱাৰ বাতৰি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে । যিহেতু ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ আদেশ লোৱা হোৱা নাই; গতিকে ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰিছে । ৰাজ্য চৰকাৰক এনে কাৰ্য নকৰিবলৈ তথা উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত যি গোচৰ আছে তাৰ সমাধান উলিয়াই এনআৰচি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ অনুৰোধ জনাই বিৰোধী দলপতিগৰাকীয়ে ।

আকৌ এনআৰচি-ৰ লগত জড়িত অন্য এটা বিষয় আছিল যে, যদিহে কোনো লোকৰ লিগেচী দাতাত কোনো সন্দেহ নাই অথবা তেওঁ ডি ভোটাৰ নহয়, তেন্তে তেওঁৰ নাম অন্তৰ্ভুক্ত হোৱা উচিত ৷ কিন্তু এতিয়া বহু ক্ষেত্ৰত লিগেচী পৰীক্ষা নকৰাকৈ নাম কৰ্তন কৰিব বিচৰা হৈছে । ঠিক তেনেকৈ 14 বছৰ বা তাৰ তলৰ যি সকলৰ মাক-দেউতাকৰ লিগেচীত কোনো সন্দেহ নাই তেন্তে তেওঁলোকৰ নাম স্বতঃস্ফুৰ্তভাৱে তালিকাত অন্তৰ্ভূক্ত হ’ব লাগে । কিন্তু এতিয়া 14 বছৰৰ তলৰ শিশুসকলৰ নামো এনআৰচিৰ পৰা বাদ দিব বিচৰা হৈছে, যিটো এক দুৰ্ভাগ্যজনক বিষয় । যিহেতু মুখ্যমন্ত্ৰীয়ে কাৰ্যভাৰ গ্ৰহণ কৰিয়েই প্ৰথম এনআৰচি-ৰ কাৰ্যালয় পৰিদৰ্শন কৰিবলৈ গৈছিল আৰু নিৰ্বাচনী ইস্তাহাৰতো ইয়াৰ ৰূপায়ণৰ কথা উল্লেখ আছিল; গতিকে মুখ্যমন্ত্ৰীয়ে অসমৰ বাবে এখন বিশেষ আৰু শুদ্ধ এনআৰচি প্ৰকাশৰ ওপৰত মনোযোগ দিবলৈ গুৰুত্ব আৰোপ কৰে দেৱব্ৰত শইকীয়াই ।

ইয়াৰ উপৰিও যেতিয়া এনআৰচিখন প্ৰকাশ কৰা হ'ল, তেতিয়া দেখা গৈছিল যে অসমৰ বহু থলুৱা জাতি-জনগোষ্ঠীৰ লোকে বিভিন্ন কাৰণবশতঃ তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ অসমৰ্থ হৈছিল । সেয়ে সেইসকল থলুৱা লোকৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে বিশেষভাৱে এক সুযোগ দিব লাগে, যাতে অসমত বাস কৰা প্ৰতিগৰাকী ভাৰতীয় লোকৰ নাম অন্তৰ্ভুক্তিৰে এখন প্ৰকৃত এনআৰচি অসমৰ ৰাইজে লাভ কৰে ।

লগতে চাওকঃ ৰাইজৰ দলে মুকলি কৰিলে ৪৪ পৃষ্ঠাযোৰা সংবিধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.