ETV Bharat / state

নিলম্বনৰ পাছত বিধায়ক ছিদ্দিক আহমেদৰ বিস্ফোৰণ

author img

By

Published : Apr 1, 2022, 3:49 PM IST

ৰাজ্যসভাৰ নিৰ্বাচনৰ পাছতে কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদক দলৰ পৰা নিলম্বন (MLA Siddique Ahmed suspended from Congress)। নিলম্বনৰ পাছতে কেইবাটাও বিস্ফোৰণ বিধায়কগৰাকীৰ ।

Congress
নিলম্বনৰ পাছত বিধায়ক ছিদ্দিক আহমেদৰ বিস্ফোৰণ

গুৱাহাটী,১ এপ্ৰিল : ইচ্ছাকৃতভাৱে ভোট নষ্ট কৰাৰ অভিযোগত কংগ্ৰেছৰ পৰা নিলম্বন কৰা বিধায়ক ছিদ্দিক আহমেদে (MLA Siddique Ahmed suspended from Congress) শুকুৰবাৰে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে । উল্লেখ্য যে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যসভাৰ নিৰ্বাচনত (Rajya Sabha election 2022) বিধায়ক ছিদ্দিক আহমেদে সংখ্যাৰ বিপৰীতে আখৰেৰে 'one' লিখি ভোট নষ্ট কৰা তথা দলীয় হুইপ অমান্য কৰাৰ অভিযোগত নিলম্বিত কৰিছিল । এই নিলম্বনৰ প্ৰসংগত সৰৱ হৈ পৰে বিধায়ক ছিদ্দিক আহমেদ ।

বিধানসভা চৌহদত সাংবাদিকৰ আগত তেওঁ মহাবিস্ফোৰণ ঘটায় (Congress MLA Siddique Ahmed blasts after suspends)। তেওঁ কয় যে কংগ্ৰেছক বেয়া পোৱা হ'লে ভোট নষ্ট কৰাৰ বিপৰীতে প্ৰত্যক্ষভাৱে বিজেপিক ভোট দিলে হয় । তেওঁ লগতে কয় যে কংগ্ৰেছৰ এজনে বিজেপিক ভোট দিছে । তেওঁৰ ভোট নষ্ট হোৱা নাই বুলি দৃঢ়তাৰে উল্লেখ কৰি তেওঁ কয় যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ওচৰত তেওঁ এজেণ্ট হিচাপে থকা পৃথ্বিৰাজ সাথেৰ বিৰুদ্ধে অভিযোগ দিব । লগতে তেওঁৰ ভোটতো পৰীক্ষা কৰাৰ বাবে দাবী জনাব ।

Congress
নিলম্বনৰ পাছত বিধায়ক ছিদ্দিক আহমেদৰ বিস্ফোৰণ

বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাৰ আঁৰত কংগ্ৰেছৰ কেইবাজনো জড়িত হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ চৰ্দাৰ হৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বিৰাজ সাথে । তেওঁৰ ভোটতো যদি নষ্ট হৈছিল তেতিয়া কিয় লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে বুলি উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে বিয়লি কিয় ক'লে । কংগ্ৰেছত এটা লবীকেন্দ্ৰিক ৰাজনীতিৰ সৃষ্টি হৈছে বুলি সদৰি কৰি তেওঁ কয় যে পৃথ্বিৰাজ সাথেই সকলো জানে কোনে কোনে গণ্ডগোল কৰিছে ।

কংগ্ৰেছৰ এই লবীত মেইন মেইন লিডাৰবোৰ জড়িত হৈ আছে । এতিয়া তেওঁলোকে এ আই ইউ ডি এফক জগৰীয়া কৰি আছে । তেওঁ বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে বিধানসভা নিৰ্বাচনৰ টিকট দিয়াৰ সময়ত কংগ্ৰেছৰ শীৰ্ষ নেতা জিতেন্দ্ৰ সিং আৰু পৃথ্বিৰাজ সাথেই তেওঁৰ পৰা ৫ কোটি টকা বিচাৰিছিল আৰু যাক লৈ কাজিয়া হৈছিল । তেওঁলোকে বহুতৰ পৰা টকা লৈছে বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে তেতিয়াৰে পৰা তেওঁলোকৰ লগত ছিদ্দিক আহমেদৰ মনোমালিন্য আছিল ।

তেওঁলোকৰ এই লবীত কংগ্ৰেছৰ কেইবাজনো নেতা জড়িত হৈ আছে । তেওঁলোক যিমান দিন কংগ্ৰেছত থাকিব সিমান দিনলৈ কংগ্ৰেছ ক্ষমতাত নাহে । এই লবীটোত কমলাক্ষ্য দে পুৰকায়স্থই মধ্যস্থতাকাৰী হিচাপে মূখ্য ভূমিকা পালন কৰিছে । বৃহস্পতিবাৰৰ ঘটনাৰ পাছত কৰিমগঞ্জত কমলাক্ষ্যৰ লোকে তেওঁৰ পুত্তলিকা দাহ কৰিছে বুলি তেওঁ অভিযোগ কৰে ।

সাথেক বেপাৰী আখ্যা দি তেওঁ কয় যে সাথেই জানে কোনে কোনে বেপাৰ কৰি বিজেপিক ভোট দিছে । তেওঁ কংগ্ৰেছক ভোট দিয়া বুলি সদৰি কৰি প্ৰত্যাহ্বান জনাই কয় যে তেওঁ ভোট দিয়া পেপাৰখনত নম্বৰ আছে আৰু সেইটো চালেই গ'ম পাব তেওঁ ক'ত ভোট দিছে । তেওঁৰ ভোট কোনো কাৰণতে ভুল হ'ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ নিজৰ ৰাজনৈতিক অভিজ্ঞতাৰ কথা উল্লেখ কৰে । তেওঁ সংখ্যাৰ ওৱান লিখিছে বুলি দৃঢ়তাৰে কয় ।

তেওঁ লগতে কয় যে তেওঁলোকে পৰিকল্পিতভাৱে তেওঁক বলিৰ পঠা সজাব বিচাৰিছে । শ্ব'কজ নকৰাকৈ কেনেকৈ নিলম্বন কৰিব পাৰে বুলি প্ৰশ্ন কৰি তেওঁ কয় যে তেওঁক আৰু এ আই ইউ ডি এফক বলিৰ পঠা সজাব বিচাৰিছে । বিজেপিয়ে লাভ কৰা ভোটখিনি কংগ্ৰেছৰ বুলি অভিযোগ কৰি তেওঁ কয় যে এই কাম পৰিকল্পিতভাৱে পূৰ্বেই কৰা হৈছে । তেওঁলোকে পইচা লৈ দুই নম্বৰি কৰি আনৰ ওপৰত বদনাম জাপি দিছে ।

তেওঁ কয় যে বৰ্তমান কংগ্ৰেছত ৯০ শতাংশ মুছলিম ভোট আছে আৰু বৰাকত হোৱা কংগ্ৰেছৰ কমিটিবোৰৰ নেতৃত্বত মুছলিম নেতা নাই । কংগ্ৰেছত পদাধিকাৰ ল'বলৈ হ'লে পইচা দিব লাগে বুলি অভিযোগ কৰি তেওঁ কয় যে কংগ্ৰেছক পইচা দি পদ লোৱাৰ সংস্কৃতি আৰম্ভ হৈছে । নিলম্বন কৰা বাবে আজি এই কথাবোৰ কৈছো বুলি তেওঁ উল্লেখ কৰে ।

তেওঁৰ অভিযোগ ভূপেন বৰা অহাৰ পিছত পইচা দিয়াৰ কালচাৰটো বেছিকৈ হৈছে । আনহাতে উপ-নিৰ্বাচনটো তেওঁলোকে বিজেপিৰ পক্ষ লৈছিল বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে । বৰ্তমানৰ নেতাবোৰ থাকিলে কংগ্ৰেছ কেতিয়াও ক্ষমতাত নাহে ।

কংগ্ৰেছ এতিয়া এটা কোম্পানীত পৰিণত হৈছে আৰু কেইজনমান মানুহে চলাই আছে । নিলম্বন সন্দৰ্ভত তেওঁ কয় যে সমষ্টিবাসী ৰাইজৰ লগত আলোচনা কৰি ৰাইজৰ সিদ্ধান্ত মতে তেওঁ আগবাঢ়িব । পূৰ্বৰে পৰাই পৰিকল্পিতভাৱে তেওঁক বদনাম কৰাৰ চেষ্টা চলাই অৱশেষত ৰাজ্যসভাৰ নিৰ্বাচনৰ দিনা এই কাৰ্য কৰা হ'ল বুলি তেওঁ কয় ।

লগতে পঢ়ক :ৰাজ্যসভা নিৰ্বাচনতো বিধস্ত: অসমৰ পৰা নাথাকিল কোনো কংগ্ৰেছ সাংসদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.