ETV Bharat / state

বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ সৈতে হাত মিলালে চিপিআই(এম)য়ে

author img

By

Published : Oct 8, 2020, 9:59 PM IST

বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত কংগ্ৰেছ আৰু চিপিআই (এম)ৰ মাজত অনুষ্ঠিত হয় নিৰ্বাচনকেন্দ্ৰিক গুৰুত্বপূৰ্ণ বৈঠক ৷ বৈঠকত বিজেপিক পৰাভূত কৰাৰ উদ্দেশ্যেৰে দুয়োটা দলে ঐক্যৱদ্ধভাৱে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

Congress and CPI(M) alliance
কংগ্ৰেছ আৰু চিপিআই(এম)ৰ মিত্ৰজোঁট

গুৱাহাটী,8 অক্টোবৰ: সমাগত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক কুচ-কাৱাজো আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত কংগ্ৰেছ আৰু চিপিআই (এম)ৰ মাজত হোৱা এখন নিৰ্বাচন কেন্দ্ৰিক গুৰুত্বপূৰ্ণ বৈঠকত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত দুয়োটা দলে ঐক্যৱদ্ধভাৱে কাম কৰাৰ পোষকতা কৰি মিত্ৰজোঁট গঠন কৰে ।

জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিষয়সমূহত ঐক্যৱদ্ধভাৱে যুঁজ দিয়াৰ ক্ষেত্ৰতো দুয়োটা দলে সহমত গ্ৰহণ কৰে । বৈঠকত বিজেপি তথা সাম্প্ৰদায়িক বিৰোধী সকলো শক্তিক একগোট কৰি ঐক্যবদ্ধ সংগ্ৰামৰ জৰিয়তে বিজেপিক উৎখাত কৰিবলৈ দুয়োটা দলে সংকল্প লয়।

এই বৈঠকত উপস্থিত থাকে কংগ্ৰেছ দলৰ হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা,সাংসদ গৌৰৱ গগৈ,কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন উপস্থিত থকাৰ বিপৰীতে চিপিআই (এম) দলৰ হৈ ভাগ লয় বৰ্ষীয়ান নেতা হেমেন দাস, প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মন, দলটোৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য আৰু সম্পাদক মণ্ডলীৰ সদস্য সুপ্ৰকাশ তালুকদাৰে । আনহাতে,বৈঠকৰ সমন্বয়ক হিচাপে উপস্থিত থাকে মুখপাত্ৰ তথা প্ৰদেশ কংগ্ৰেছৰ আৰটিআই বিভাগৰ অধ্যক্ষ কমল কুমাৰ মেধি আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ প্ৰফুল্ল কুমাৰ দাস ।

লগতে পঢ়ক: নিজ মাতৃয়ে অজ্ঞাত ব্যক্তিক গতালে ছমহীয়া সন্তানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.