Lok Sabha Election 2024 : জৰা-ফুকা কৰি কংগ্ৰেছেৰে মিত্ৰতা গঢ়িব আজমলে

author img

By

Published : Jan 10, 2023, 8:56 PM IST

Lok Sabha Election 2024

কংগ্ৰেছে নামানে, AIUDFএ নেৰে ৷ জৰা-ফুকা কৰি হ’লেও কংগ্ৰেছৰ সৈতে মিত্ৰতা গঢ়ি তুলিবই AIUDFএ ৷ শেহতীয়াকৈ কংগ্ৰেছে AIUDFক চকু পাৰি দেখিব নোৱাৰা হ’লেও কংগ্ৰেছৰ প্ৰতি AIUDFৰ আকৰ্ষণ কমা নাই ৷ সেয়ে জৰা-ফুকা কৰি হ’লেও দুয়োদল ‘এক’ হোৱাৰ পণ লৈছে বদৰুদ্দিন আজমলে (Badruddin Ajmal incantation)৷

গুৱাহাটী, ১০ জানুৱাৰী : নিৰ্বাচনৰ বতৰ আহিলেই বৰণ, আচৰণ সকলো সলনি হৈ যায় এ আই ইউ ডি এফৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমলৰ ৷ নিৰ্বাচন আহিলেই কাষ চাপে সাধাৰণ জনতাৰ ৷ আজমলৰ কুটিল ৰাজনীতিৰ আওভাও পোৱা কঠিন সাধাৰণ লোকৰ বাবে ৷ নিৰ্বাচনৰ বাবে প্ৰধান অস্ত্ৰৰূপে ব্যৱহাৰ কৰি আহিছে জৰা-ফুকাৰ ৰাজনীতি ৷

আকৌ জৰা-ফুকা ৰাজনীতিৰেই শিৰোনামলৈ অহাৰ চেষ্টা আজমলৰ ৷ আনকি মিত্ৰতাৰ দৰে কামো আজমলে সম্ভৱপৰ কৰি তুলিব ফু মাৰি । এইবাৰ নিৰ্বাচনৰ সময়ত নিজৰ জৰা ফুকাৰ শক্তি প্ৰয়োগ কৰিব আজমলে ৷ ইমানদিনে সহজ-সৰল অনাখৰী সংখ্যালঘু লোকক পানী ফু মাৰি জৰা-ফুকাৰ ৰাজনীতিৰ অভিপ্সা পূৰণ কৰি আহিছে বদৰুদ্দিন আজমলে ৷

এইবাৰ কংগ্ৰেছ দলৰ সৈতে এ আই ইউ ডি এফৰ মিত্ৰতা(Congress AIUDF alliance) প্ৰসংগতো আজমলে লৈছে জৰা-ফুকা ৰাজনীতিৰ আশ্ৰয় ৷ কংগ্ৰেছেৰ মিত্ৰতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আছে আজমলে ৷ কিন্তু অসম প্ৰদেশ কংগ্ৰেছে অস্বীকাৰ কৰি আহিছে ৷ সেয়ে আজমলৰ শেহতীয়া মন্তব্য- যাদুকৰী শক্তিৰে তেওঁ কংগ্ৰেছেৰে মিত্ৰতা সম্ভৱপৰ কৰি তুলিব ৷ ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ নিৰ্বাচনত আজমলৰ দলেৰে হোৱা তিক্ততাপূৰ্ণ অভিজ্ঞতাৰ বাবে অসমত এ আই ইউ ডি এফেৰে নিজৰ মিত্ৰতা ভংগ কৰিছিল কংগ্ৰেছে ৷

এতিয়া লোকসভা নিৰ্বাচনৰ (Lok Sabha Election 2024) কাষ চপাৰ লগে লগে পুনৰ আজমলে চৰ্চালৈ আনিছে দুই দলৰ মিত্ৰতা প্ৰসংগ ৷ কোনোকাৰণতে এ আই ইউ ডি এফেৰে পুনৰ মিত্ৰতা নহয়৷ এপিচিচিৰ স্পষ্ট মত৷ আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভৃপেন বৰাই স্পষ্টকৈ কৈছে- “প্ৰদেশ কংগ্ৰেছৰ স্থিতিক সন্মান জনাই আনকি আজমলে দুবাৰ প্ৰস্তাৱ দিয়া স্বত্বেও ৰাহুল গান্ধীয়ে ভাৰত জোড়ো কাৰ্যসূচীলৈ খোজকাঢ়িবলৈ নামাতিলে আজমলক’’৷

তাৰ পিছতো কংগ্ৰেছেৰে মিত্ৰতাৰ বাবে আশাবাদী আজমলৰ দাবী- বিজেপিৰ বিৰুদ্ধে বিৰোধী একত্ৰিত হ’ব লাগে । বিপৰীতে কংগ্ৰেছৰ ভূপেন বৰাৰ দাবী- AIUDFৰ সৈতে মিত্ৰতা কৰাতকৈ পোনপতীয়াভাৱে বিজেপিৰ সৈতে মিত্ৰতা কৰাই ভাল ৷ কংগ্ৰেছৰ মতে AIUDF বিৰোধী দল নহয় ৷ সেয়ে প্ৰদেশ কংগ্ৰেছে মিত্ৰতা নিবিচাৰে ৷ এনে চৰ্চাৰ সময়তে মিত্ৰতা প্ৰসংগত পূৰ্বৰ জৰা-ফুকা ৰাজনীতিৰ আশ্ৰয় লৈ পুনৰ শিৰোনামলৈ আহিছে বদৰুদ্দিন আজমল ৷

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজমলৰ শেহতীয়া দাবী- কংগ্ৰছেৰে মিত্ৰতা নহ’লে কেয়াৰ নকৰে আজমলে ৷ কংগ্ৰেছৰ সৈতে মিত্ৰতা আজমলৰ বাবে মিত্ৰতা সৰু কথা ৷ এটা ফু মাৰি দি সকলো ঠিক কৰি দিব তেঁও (Badruddin Ajmal Magic)৷ অৰ্থাৎ বিশেষ কায়দাৰে কংগ্ৰেছ হাই কামাণ্ডক সৈমান কৰাই তেঁও কংগ্ৰেছেৰে মিত্ৰতা সম্ভৱপৰ কৰি তুলিব ৷ এইদৰে কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ বাবে পৰম আশাবাদী হ’লেও কংগ্ৰেছক কটাক্ষ কৰিবলৈ পাহৰা নাই আজমলে ৷ বিলাসীপাৰাত সোমবাৰে নিশা আজমলৰ কংগ্ৰেছক কটাক্ষ- কংগ্ৰেছ এতিয়া দেশৰ দহ নম্বৰত থকা ৰাজনৈতিক ৰাজনৈতিক দল ৷

বিপৰীতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজমলে একেদিনাই কয়- "কি মিত্ৰতাৰ কথা কোৱা? জৰা-ফুকাৰ কথা কোৱা ৷ এটা ফুঁক মাৰি দিম সকলো ঠিক হৈ যাব ’’৷ আনহাতে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই শৰাইঘাটৰ ইতিহাসৰ সৈতে জড়িত বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ বুলি কোৱা প্ৰসংগতো আজমলে তৰল মন্তব্যৰে দায় সাৰিলে ৷ ‘‘মইতো বাঘ হাজৰিকাক দেখা নাই ৷ মোৰ দেউতা-ককাদেউতায়ো দেখা নাই । মই সেই সময়ত নাছিলো৷ কেনেকৈ জানিম বাঘ হাজৰিকা আছিল নে নাছিল?৷ এয়াই হ’ল আজমলৰ শেহতীয়া ৰাজনীতি (Badruddin Ajmal on Bagh Hazarika)৷

লগতে পঢ়ক: Bagh Hazarika controversy: হিমন্ত বিশ্ব শৰ্মাক অযোগ্য মুখ্যমন্ত্ৰী আখ্যা ৰাইজৰ দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.