ETV Bharat / state

Eviction in Silsako Beel: শিলসাঁকোৰ ভূমি দখল সন্দৰ্ভত কংগ্ৰেছৰ গাত দোষ জাপি নিষ্কণ্টক হ’ব খুজিছে নেকি ড৹ শৰ্মা !

author img

By

Published : Mar 1, 2023, 8:59 PM IST

Eviction in Silsako Beel
শিলসাঁকোৰ ভূমি দখল

গুৱাহাটীৰ শিলসাঁকো বিলত চলা উচ্ছেদৰ বলি এটা কণমানিটিৰ ভিডিঅ’ই এতিয়া হৃদয় কঁপাইছে অসমবাসীৰ ৷ এফালৰ পৰা চলিছে বুলড’জাৰ (Silsako child viral video) ৷ কান্দোনৰ ৰোল উঠিছে শিলসাঁকোৰ পাৰত ৷ আজি উচ্ছেদৰ তৃতীয় দিন ৷ প্ৰশ্নৰ সন্মুখীন হৈছে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰ (Eviction in Silsako Beel) ৷

কংগ্ৰেছৰ গাত দোষ জাপি নিষ্কণ্টক হ’ব খুজিছে নেকি ড৹ শৰ্মা

গুৱাহাটী, 1 মাৰ্চ: শিলসাঁকো বিলত চলি থকা উচ্ছেদৰ মাজতে উত্থাপন হৈছে কেইবাটাও প্ৰশ্ন ৷ চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে বিভিন্ন সংগঠনৰ লগতে বিৰোধী দল ৷ কেৱল খাটি খোৱা লোকেই কিয় বলি হ’ব লগীয়া হৈছে উচ্ছেদৰ ? দুখীয়াৰ ঘৰ ভঙা চৰকাৰে আজমলৰ মাটিত বুলড’জাৰ চলাব কেতিয়া ? বিলৰ বুকউত থকা জিঞ্জাৰ হোটেল উচ্ছেদ হ’ব কেতিয়া ? কিন্তু এনেবোৰ প্ৰশ্নৰ পিচতো নিজৰ স্থিতিত অটল আছে ৰাজ্য চৰকাৰ ৷ কঠোৰতা প্ৰদৰ্শন কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ চৰকাৰৰ কাৰোৰে প্ৰতি মৰম দেখুৱাব লগা নাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Eviction in Silsako Beel) ৷

জিঞ্জাৰ হোটেল, অমিয় কুমাৰ দাস প্ৰতিষ্ঠান উঠাই দিবলৈ বুধবাৰে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ চৰকাৰে কাৰো প্ৰতি মৰম নেদেখুৱাই বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ শিলসাঁকোত থকা আজমলৰো মাটি লৈ ল’ব চৰকাৰে ৷ এইখন চৰকাৰৰ কোনো ব্যক্তিৰ প্ৰতি নাই দয়া-মায়া ৷ শিলসাঁকোত ৩০০-৪০০ ঘৰ মানুহ আছে, গতিকে এইটো ইচ্যু নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ (Himanta Biswa Sarma on eviction) ৷

লগতে পঢ়ক: Eviction at Silsako Beel: শিলসাঁকোৰ উচ্ছেদত উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তী স্থগিতাদেশ

কিন্তু তাৰ মাজতে আইনী দিশৰ লগতে মানৱীয় দিশটোও চৰকাৰক সোঁৱৰাই দিছে বিভিন্নজনে ৷ লগতে প্ৰশ্ন উত্থাপন হৈছে কোন মন্ত্ৰীৰ দিনত মাটি আৱণ্টন হৈছিল ? বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ দিনত জিঞ্জাৰ হোটেল গঢ়ি উঠা বুলি ক’লেও, সেই সময়ত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওপৰত সকলো দোষ জাপি দি যেন নিষ্কণ্টক হ’ব খুজিছে ড৹ শৰ্মা (CM Himanta criticizes Gogoi govt) ৷

ইফালে একাংশ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে এই উচ্ছেদক লৈ ৷ এই স্থানত লোকসকলে ভূমি দখল কৰি ঘৰ সজাৰ সময়ত চৰকাৰ বা প্ৰশাসনে কিয় বাধা দিয়া নাছিল বুলি প্ৰশ্ন উত্থাপন হৈছে ৷ উচ্ছেদিত শ শ পৰিয়ালৰ কান্দোনৰ মাজতে শিলসাঁকোৰ উচ্ছেদ আৰু ভূমি দখল প্ৰসংগত উত্থাপিত হৈছে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় (Protest against Silsako eviction) ৷

লগতে পঢ়ক: Assam CM on eviction drive: আজমলৰ পৰা হিম্মৎ সিংকালৈ কোনেও ৰেহাই নাপায়; মুখ্য়মন্ত্ৰীৰ কঠোৰ নিৰ্দেশ

অসমীয়াত এষাৰ প্ৰবচন আছে, খাই কাৰ্শলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল ৷ এতিয়া সাধাৰণ লোকৰ মৰণ মিলিছে ৷ শিলসাঁকোত হল্ডিং নম্বৰ দিয়া সকলৰ বিৰুদ্ধে তদন্ত হ’বনে ? বিজুলী সংযোগ দিয়া সকলৰ বিৰুদ্ধে তদন্ত হ’বনে ? দখল কৰি ঘৰ বনাওতে কি কৰি আছিল প্ৰশাসনে ? এইবোৰ প্ৰশ্ন এতিয়া উত্থাপন কৰিছে বিভিন্নজনে (Silsako eviction news) ৷

এতিয়া কথা হ’ল মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ দৰে আজমলৰ মাটিত বা জিঞ্জাৰত সঁচাকৈয়ে বুলড’জাৰ চলাব পাৰিবনে কেতিয়াবা ? নে কিছুদিনৰ পিছত আন বহু কথাৰ দৰে এয়াও লীন যাব পাহৰণিৰ গৰ্ভত ? সেয়া সময়তহে লক্ষ্যনীয় হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.