ETV Bharat / state

জানুৱাৰীত আলোচনাপন্থী আলফাৰে হ’ব শান্তিচুক্তি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 7:19 PM IST

Updated : Dec 15, 2023, 7:37 PM IST

Peace treaty with pro ULFA: হয়তো খুউব সোনকালে সমাধান হ’ব এক দীৰ্ঘদিনীয়া সমস্যা ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই শুকুৰবাৰে নতুন দিল্লীত কোৱা অনুসৰি নতুন বছৰৰ প্ৰথমটো মাহৰ ভিতৰতে স্বাক্ষৰিত হ’ব আলফা আৰু চৰকাৰৰ মাজত শান্তিচুক্তি ৷

peach agreement with ulfa
জানুৱাৰীত আলোচনাপন্থী আলফাৰে হ’ব শান্তিচুক্তি

জানুৱাৰীত আলোচনাপন্থী আলফাৰে হ’ব শান্তিচুক্তি

নতুন দিল্লী, ১৫ ডিচেম্বৰ : শীঘ্ৰেই স্বাক্ষৰিত হ’ব আলফা আৰু চৰকাৰৰ মাজত শান্তিচুক্তি ৷ সকলো ঠিকে থাকিলে অহা জানুৱাৰী মাহত আলফাৰ আলোচনাপন্থী গোটেৰে স্বাক্ষৰিত হ’ব শান্তিচুক্তি ৷ নতুন দিল্লীত এই ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

“অহা জানুৱাৰী মাহৰ ভিতৰত আলোচনাপন্থী আলফাৰে শান্তিচুক্তি স্বাক্ষৰিত হ’ব বুলি আশা কৰিছো ৷ শান্তি চুক্তিৰ ড্ৰাফট প্ৰায় সাজু হৈছে ৷ 'ফাইনেল টাচ্ছ’ দিবলৈ বাকী আছে ৷ “ নতুন দিল্লীত শুকুৰবাৰে সংবাদ মাধ্যমৰ সমুখত এই মন্তব্য ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ বুধবাৰে দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰে এক আলোচনাত মিলিত হৈছিল ড৹ শৰ্মা ৷ আনহাতে, আজি চেন্ট্ৰেল আই বিৰ মূৰব্বী তপন কুমাৰ ডেকাৰ সৈতেও এক দীঘলীয়া বৈঠকত মিলিত হৈছিল দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ তাৰ পিছতে আলফাৰে জানুৱাৰীত শান্তচুক্তি হ’ব বুলি সাংবাদিকৰে হোৱা কথা-বাৰ্তাত সদৰী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

লগতে এতিয়াও পৰৰাষ্ট্ৰত আশ্ৰয় লৈ সক্ৰিয় হৈ থকা আলফা স্বাধীন আৰু পৰেশ বৰুৱা প্ৰসংগতো মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ৷ আলোচনাপন্থী গোটেৰে শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে পৰেশ বৰুৱাৰেও আলোচনাৰ কথা-বতৰা আগবঢ়োৱা হ’ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ আলোচনাপন্থী আলফাৰ শান্তিচুক্তিত কি কি বিষয়ে প্ৰাধান্য পাব তাৰো এক আভাস দিলে মুখ্যমন্ত্ৰীয়ে ৷

মূলতঃ অসম চুক্তিৰ ৬ নম্বৰ দফাই শান্তিচুক্তি প্ৰস্তাৱত প্ৰাধান্য পাইছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ প্ৰাধান্য দিয়া সাংবিধানিক, অৰ্থনৈতিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভূমিৰ অধিকাৰ আদিৰ বিষয়ে আলফাৰে শান্তিচুক্তিত চৰকাৰৰ ওচৰত কিমান গুৰুত্ব পাব সেয়া শান্তিচুক্তিৰ আগেয়ে গম পোৱা যাব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

শান্তিচুক্তি আৰু পৰেশ বৰুৱা সন্দৰ্ভত ইতিবাচক বতৰা দিয়াৰ সমান্তৰালকৈ কিন্তু আলফা স্বাধীনে যোৱা এটা পষেকৰ ভিতৰত তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাটত কৰা গ্ৰেণেড বিস্ফোৰণ প্ৰসংগতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ “দুই-তিনিটা গ্ৰেণেড ফুটুৱালেই অসম স্বাধীন হৈ নাযায় ৷ নিজৰ জননী জন্মভূমিৰ ওপৰত কোনে বোমা মাৰে !” এইদৰেও আলফা(স্বা)ক মৃদু সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ ।

আনহাতে পৰেশ বৰুৱাৰে মুখ্যমন্ত্ৰী হোৱাৰ পিছত কমেও ৯-১০ বাৰ তেওঁ কথা পতা বুলি কৈ ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়াও প্ৰয়োজন হ’লে কথা পাতিম ৷ কিন্তু কথা পাতিলেই সমস্যা সমাধান হৈ নাযায় । সমস্যা সমাধানৰ বাবে আগবাঢ়ি যাব লাগিব ৷

স্বাভাৱিকতে অহা জানুৱাৰীত আলফা আলোচনাপন্থী গোটেৰে শান্তিচুক্তি স্বাক্ষৰিত হোৱাৰ বাতৰিয়ে শান্তিৰ দিশলৈ এখোজ আগবঢ়াই নিছে অসমক৷ এই প্ৰক্ৰিয়াৰ মাজতে ৰাজ্যৰ তিনি ঠাইত কম সময়ৰ ব্যৱধানত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনে গ্ৰেণেড বিস্ফোৰণেও তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক : সাধাৰণ ৰাইজক নহয়, মোক টাৰ্গেট কৰক : আলফা(স্বা)ক প্ৰত্যাহ্বান ডিজিপিৰ

Last Updated : Dec 15, 2023, 7:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.