ETV Bharat / state

দিছপুৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

author img

By

Published : Nov 4, 2021, 5:29 PM IST

CM Himanta Biswa Sarma inaugurated supermarket flyover
ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

নিৰ্ধাৰিত ৩৬ মাহৰ বিপৰীতে মাত্ৰ ২২ মাহৰ ভিতৰতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ল গুৱাহাটীৰ জি এছ ৰোডৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুৰ । ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

গুৱাহাটী, ৪ নৱেম্বৰ : ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত সংযোজন হ'ল আন এখন নতুন উৰণীয়া সেঁতু । বৃহস্পতিবাৰৰ পৰা আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হ'ল জি এছ ৰোডৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে উৰণীয়া সেঁতুখন ৰাইজৰ বাবে উৎসৰ্গিত কৰে । এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক দীপান্বিতাৰ শুভেচ্ছা জনাই উৎসৱটোৰ আধ্যাত্মিক তাৎপৰ্য উল্লেখ কৰে।

CM Himanta Biswa Sarma inaugurated supermarket flyover
ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে
দক্ষিণ-পূৱ এছিয়াৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে, গুৱাহাটীৰ সম্প্ৰসাৰণ মূল লক্ষ্য । নিৰ্ধাৰিত সময়তকৈ বহু পূৰ্বে উৰণীয়া সেঁতুখন নিৰ্মাণ কৰি উলিওৱাৰ বাবে মুখ্যমন্ত্রীয়ে ঠিকাদাৰ অনিল দাসৰ লগতে বিভাগীয় বিষয়াসকলক শুভেচ্ছা জ্ঞাপন কৰে । আনহাতে, গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী ব্ৰহ্মপুত্রৰ দলংখনৰ কাম দ্ৰুতগতিত কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে । সেইদৰে চাংসাৰিত নিৰ্মাণকাৰ্য চলি থকা এইমছ চলিত বিত্তীয় বৰ্ষৰ ভিতৰত মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

মুখ্যমন্ত্রীয়ে লগতে কয় যে, গুৱাহাটীৰ ছেৰাভাটি আৰু মালিগাঁৱত নিৰ্মাণকাৰ্য চলি থকা উৰণীয়া সেঁতু দুখনৰ কাম ইতিমধ্যে ক্ৰমে ২০ শতাংশ আৰু ৩৫ শতাংশ সম্পূৰ্ণ হৈছে । ২০২৩ চনত উৰণীয়া সেঁতু দুখন মুকলি কৰা হ'ব । গুৱাহাটীৰ আৰ জি বৰুৱা ৰোডৰ গীতানগৰত আৰু এখন উৰণীয়া সেঁতু হ'ব আৰু দুমাহৰ ভিতৰত ইয়াৰ কাম আৰম্ভ হৈ ডেৰ বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্রীয়ে আজি ঘোষণা কৰে ।

CM Himanta Biswa Sarma inaugurated supermarket flyover
ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

সেইদৰে ভাৰতমালাৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰতিটো জংছনত ছয় লেনযুক্ত ৰিং ৰোড হ'ব । আনহাতে, পলাশবাৰী আৰু শুৱালকুছিৰ মাজত আৰু এখন দলং হ'ব । গুৱাহাটীৰ বামুণীমৈদামতো এখন সেঁতু হ'ব । মুখ্যমন্ত্রীয়ে কয় যে, গুৱাহাটীত পানী যোগান প্ৰকল্পৰ কাম দ্ৰুত গতিত চলি আছে ।

সেইদৰে ব্ৰহ্মপুত্রৰ পাৰতো নদীৰ সৌন্দৰ্য উপভোগ কৰাৰ বাবে ডিচেম্বৰৰ ভিতৰত মুকলি কৰি দিয়া হ'ব । গুৱাহাটীৰ চানমাৰিত ১২ বিঘা ভূমিত এখন বিশাল উদ্যান গঢ় দিয়া হ'ব । গুৱাহাটীখনকলৈ চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে । ইফালে, চৰকাৰী বিভিন্ন কামৰ ক্ষেত্রত থকা দালালৰাজৰ অৱসান ঘটোৱাৰ বাবে চৰকাৰে বিভিন্ন সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে । ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা ট্ৰেড লাইচেন্স অনলাইন যোগে লাভ কৰাৰ ব্যৱস্থা কাৰ্যকৰী কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে ঘোষণা কৰে ।

CM Himanta Biswa Sarma inaugurated supermarket flyover
ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

১৮ নৱেম্বৰৰ পৰা প্ৰজেক্ট সদ্ভাৱনাৰ যোগেদি জনতা ভৱনৰ ফাইলৰ কাম কৰা হ'ব । দালালৰ যোগেদি কোনো কাম কৰিবলগীয়া নহ'ব । অহা বছৰৰ ১০ মে'ত চৰকাৰখনৰ এবছৰ সম্পূৰ্ণ হ'ব আৰু ইয়াৰ পূৰ্বে ২ লাখ ফাইলৰ কাম সম্পূৰ্ণ কৰা হ'ব । লগতে মিছন বসুন্ধৰাৰ যোগেদি মাটি-বাৰী সম্পৰ্কীয় সকলো বিবাদ নিষ্পত্তি কৰা হ'ব ।

মুখ্যমন্ত্রীয়ে থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক সকিয়াই দি কয়- 'এজাহাৰ লিখাৰ বাবে থানাৰ বাহিৰত থকা লোকসকলক ভাৰপ্ৰাপ্ত বিষয়াসকলে দহ দিনৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে মই নিজে কৰিম । এজাহাৰ লিখা কামটো থানাৰ উপ পৰিদৰ্শকজনৰ । প্ৰতিটো ক্ষেত্রতে দলাল তথা দুৰ্নীতি নাইকিয়া কৰিব লাগিব । গোটেই বজাৰ বন্ধ হ'ব লাগিব ।'

CM Himanta Biswa Sarma inaugurated supermarket flyover
ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে, মন্ত্রীসকলে কষ্ট কৰিব লাগিব । মন্ত্রীসকলে কষ্ট কৰিলে বিধায়ক আৰু বিষয়াসকলে কষ্ট কৰিব । মুখ্যমন্ত্রীয়ে উৰণীয়া সেঁতুখনৰ পৰিষ্কাৰ কৰি ৰখাৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনাই কয় যে, উৰণীয়া সেঁতুখনক সজাই তোলা শিল্পীসকলৰ সৃষ্টিশীলতাক সকলোৱে সন্মান জনোৱা উচিত ।

সভ্যতাই জাতিটোক আকৰ্ষণীয় কৰে বুলি মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে । ইফালে অনুষ্ঠানত ভাষণ দি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই কয়, 'পিক পেলাব নালাগে । তামোল নাখাব বুলি নকও । কিন্তু গুটখাত নিষেধাজ্ঞা আৰোপ কৰিব লাগে । মানুহে নিজে সলনি হ'ব লাগিব' ।

CM Himanta Biswa Sarma inaugurated supermarket flyover
ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু মুকলি কৰিলে মুখ্যমন্ত্রীয়ে

তেওঁ লগতে কয়, 'কোনোৱাই পিক পেলোৱা দেখুৱাই দিব পাৰিলে মই মোৰ ফালৰ পৰা ৫ হাজাৰ টকা দিম' । পিক পেলোৱা মানুহক ধৰি দিলে ৫ হাজাৰ টকা দিম, লাগিলে মোৰ লোকচানেই হওক ।' অনুষ্ঠানত মন্ত্রী অশোক সিংঘালে কয়- 'আত্মনিৰ্ভৰশীল অসমৰ ছবি এইখন সেঁতু । তামোল খোৱাৰ অভ্যাস থাকিলেও পিক পেলাই সেঁতুখন নষ্ট নকৰিব' ।

অনুষ্ঠানত সাংসদ কুইন ওজা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীকে ধৰি কেইবাগৰাকী মন্ত্রী-বিধায়ক আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকল উপস্থিত থাকে । উল্লেখ্য যে, নিৰ্ধাৰিত সময়তকৈ ১৪ মাহ পূৰ্বেই নির্মাণকাৰ্য সম্পূৰ্ণ কৰি আজি ৰাইজৰ বাবে দুই লেনযুক্ত সেঁতুখন মুকলি কৰা হ'ল । উৰণীয়া সেঁতুখনৰ নিৰ্মাণকাৰ্য নিৰ্ধাৰিত ৩৬ মাহৰ বিপৰীতে মাত্ৰ ২২ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰা হয় ।

২০১৯ চনৰ ৮ ডিচেম্বৰত সেঁতুখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল । ৰাজ্য চৰকাৰৰ স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ২০১৯-২০ বৰ্ষৰ অধীনত ১২৭.২০ কোটি টকা ব্যয় সাপেক্ষে সেঁতুখন নিৰ্মাণ কৰা হৈছে । সেঁতুখনৰ মুঠ দৈৰ্ঘ্য ১২০৫ মিটাৰ ।

গণেশগুৰিৰ পৰা ছুপাৰ মাৰ্কেট সংযোগী জি এছ ৰোডৰ অংশখিনিৰ দৈৰ্ঘ্য ৮২৫ মিটাৰ । তেনেদৰে ছুপাৰ মাৰ্কেট পৰা লাষ্টগেটলৈ অংশটোৰ দৈৰ্ঘ্য ৩৯৪ মিটাৰ । মুঠ ২৫ টা স্পান থকা উৰণীয়া সেঁতুখনত অসমৰ চহকী কলা-সংস্কৃতিৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ বিশেষত্বক চিত্রৰ মাজেৰে উপস্থাপন কৰা হৈছে ।

লগতে পঢ়ক:বিগত 24 ঘণ্টাত ৰাজ্যত কৰ’ণাত আক্ৰান্ত 276 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.