ETV Bharat / city

বিগত 24 ঘণ্টাত ৰাজ্যত কৰ’ণাত আক্ৰান্ত 276 গৰাকী

author img

By

Published : Nov 4, 2021, 1:26 PM IST

increase-covid-19-patients-in-assam
ৰাজ্যত পুনৰ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা

বিগত 24 ঘণ্টাত ৰাজ্যত কৰ'ণাত আক্ৰান্ত হয় প্ৰায় 276 গৰাকী ব্যক্তি ৷ বিপৰীতে আৰোগ্য লাভ কৰে 365 গৰাকীয়ে ৷ কামৰূপ(ম), কামৰূপ(গ্ৰাম্য) আৰু বৰপেটাত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷

নিউজ ডেস্ক, 4 নৱেম্বৰ : ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি হৈছে কৰ’ণা (Corona) ৰোগীৰ সংখ্যা ৷ চৰকাৰে লক ডাউন (Lockdown) বহু পৰিমাণে শিথিল কৰাৰ পিছত কৰ’ণা ৰোগীৰ সংখ্যা লাহে লাহে বাঢ়ি গৈছে ৷ বিগত 24 ঘণ্টাত ৰাজ্যত ক'ভিড 19 ত আক্ৰান্ত হয় প্ৰায় 276 গৰাকী আৰু আৰোগ্য লাভ কৰে 365 গৰাকীয়ে ৷ ইাৰ বিপৰীতে মৃত্যু হয় 4 গৰাকীৰ ৷

বৰ্তমান ৰাজ্যত ক'ভিডত (COVID-19) আক্ৰান্তৰ সংখ্যা 6,015 গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 6,01,468 গৰাকীয়ে ৷ তদুপৰি মৃত্যুৰ হাৰ .98 শতাংশ বুলি স্বাস্থ্য বিভাগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে ৷

যোৱা 24 ঘণ্টাত 39,657 টা কৰ’ণাৰ নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ এতিয়ালৈকে ৰাজ্যখনত মুঠ 2,48,30,364 টা পৰীক্ষা সম্পন্ন কৰা হৈছে ।

লগতে কামৰূপ(ম), কামৰূপ (গ্ৰাম্য়) আৰু বৰপেটাত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ৰাজ্যত পুনৰ কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি, 7 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.