কামাখ্যাত আৱৰ্জনা নিষ্কাশন প্ৰকল্প মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

author img

By

Published : Nov 5, 2021, 5:29 PM IST

CM Himanta Biswa Sarma inaugurated Garbage Disposal Project at kamakhya

কামাখ্যা দেৱালয় পৰিচালনা কমিটীৰ কামাখ্যা মিছন আঁচনিৰ অধীনত নিৰ্মাণ কৰা হৈছে আৱৰ্জনা নিষ্কাশন প্ৰকল্প । এক কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পটো শুকুৰবাৰে মুকলি কৰিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই । দুই-তিনি মাহৰ ভিতৰত শুভ উদ্বোধন হ’ব কামাখ্যাৰ নৱ নিৰ্মিত বিকল্প পথ ।

গুৱাহাটী, ৫ নৱেম্বৰ: শুকুৰবাৰে কামাখ্যা মন্দিৰ(Kamakhya Temple)ত আৱৰ্জনা নিষ্কাশনৰ এটা প্ৰকল্প মুকলি কৰা হয় । এক কোটি টকা ব্যয় সাপেক্ষে কামাখ্যা দেৱালয় পৰিচালনা কমিটীৰ কামাখ্যা মিছন আঁচনিৰ অধীনত নিৰ্মাণ কৰা আৱৰ্জনা নিষ্কাশন প্ৰকল্পটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই ।

CM Himanta Biswa Sarma inaugurated Garbage Disposal Project at kamakhya
কামাখ্যাত আৱৰ্জনা নিষ্কাশন প্ৰকল্প মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

উল্লেখ্য যে, আজি কেদাৰনাথ ধামত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে আদিগুৰু শংকৰাচাৰ্যৰ ১২ ফুট উচ্চতাৰ মূৰ্তি উন্মোচন কৰাৰ লগত সংগতি ৰাখি ৰাজ্যিক বিজেপিৰ উদ্যোগত ৰাজ্যৰ পাঁচটাকৈ স্থানত আয়োজন কৰা হয় আধ্যাত্মিক অনুষ্ঠান । সেই উপলক্ষে কামাখ্যা দেৱালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । লগত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ কুইন ওজা, বিধায়ক জয়ন্ত মল্ল বৰুৱা ।

CM Himanta Biswa Sarma inaugurated Garbage Disposal Project at kamakhya
কামাখ্যাত আৱৰ্জনা নিষ্কাশন প্ৰকল্প মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মা কামাখ্যাৰ আশীষ লৈ মুকলি কৰে কামাখ্যা মিছন আঁচনিৰ অধীনত নিৰ্মিত আৱৰ্জনা নিষ্কাশন প্ৰকল্পটো । এই প্ৰকল্পটোৰ যোগেদি পেলনীয়া সামগ্ৰী নিষ্কাশন কৰি প্ৰস্তুত কৰা হ'ব প্ৰয়োজনীয় সামগ্ৰী । ভাষণ প্ৰসংগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় "কামাখ্যা দেৱালয়ে এক কোটি টকাৰ নিজৰ পুঁজিৰে স্বচ্ছতাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আৰ্ৱজনা নিষ্কাশন প্ৰকল্প স্থাপন কৰিছে । কামাখ্যা মন্দিৰৰ উন্নয়নৰ বাবে সদায় আমি কাম কৰি আছো । অহা দুই-তিনি মাহৰ ভিতৰত কামাখ্যাৰ নৱ নিৰ্মিত বিকল্প পথ শুভ উদ্বোধন কৰা হ'ব" ।

কামাখ্যাত আৱৰ্জনা নিষ্কাশন প্ৰকল্প মুকলি কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

বিকলাংগ লোকসকলে এস্কেলেটৰৰ জৰিয়তে আহিব পৰাকৈ নতুনকৈ চিন্তা কৰা হৈছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে । কামাখ্যাবাসীৰ দীৰ্ঘদিনীয়া পানীৰ সমস্যা দূৰ কৰা কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক : ঈশান উদয় ছাত্ৰ বৃত্তি কেলেংকাৰী : বঙাইগাঁৱত কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.