ETV Bharat / state

VRS of Prateek Hajela : প্ৰতীক হাজেলাই ভি আৰ এছ পালে অসমীয়া জাতিৰ বিজয় হ'ব; মুখ্যমন্ত্ৰী

author img

By

Published : Apr 12, 2023, 10:26 PM IST

VRS of Prateek Hajela
প্ৰতীক হাজেলাই ভি আৰ এছ দিলে অসমীয়া জাতিৰ বিজয় হ'ব

ভি আৰ এছ বিচাৰিলে তেওঁক কাম নকৰাকৈ কিয় দৰমহা দি থাকিম ৷ তেওঁ ভি আৰ এছ লৈ যাব বিচাৰিলে যাব পাৰিব ৷ কিন্তু যিদিনাই আৰক্ষীয়ে তেওঁক মাতিব তেওঁ তেতিয়াই আহিব লাগিব ৷ পুনৰ প্ৰতীক হাজেলা প্ৰসংগত সৰৱ হৈ উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM on Prateek Hajela)৷

প্ৰতীক হাজেলাই ভি আৰ এছ দিলে অসমীয়া জাতিৰ বিজয় হ'ব

গুৱাহাটী, ১২ এপ্ৰিল: পুনৰ চৰ্চাত প্ৰতীক হাজেলাৰ প্ৰসংগ (Prateek Hajela NRC scam)৷ ডেপুটেচনৰ ম্যাদ শেষ হোৱাৰ পাচত পুনৰ ম্যাদ বৃদ্ধিৰ বাবে আবেদন জনাই মুখথেকেচা খোৱা প্ৰতীক হাজেলাই ভি আৰ এছ বিচৰা সন্দৰ্ভত সৰৱ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM on Prateek Hajela)৷ বুধবাৰে জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰতীক হাজেলাৰ ভি আৰ এছৰ প্ৰসংগত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, ‘‘ভি আৰ এছ বিচাৰিলে তেওঁক কাম নকৰাকৈ কিয় দৰমহা দি থাকিম ৷ তেওঁ ভি আৰ এছ লৈ যাব বিচাৰিলে যাব পাৰিব ৷ কিন্তু যিদিনাই আৰক্ষীয়ে তেওঁক যেতিয়াই মাতিব তেওঁ তেতিয়াই আহিব লাগিব ৷ ইতিমধ্যে প্ৰতীক হাজেলাৰ বিৰুদ্ধে থকা গোচৰটো অৰ্থনৈতিক অপৰাধ অনুসন্ধান সঞ্চালকালয়লৈ আনুষ্ঠানিকভাৱে ৰেজিষ্টাৰ কৰাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ ভি আৰ এছ আৰু গোচৰৰ তদন্ত দুটা সুকীয়া বিষয় (Himanta Biswa Sarma reacts on Prateek Hajela)৷

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘প্ৰতীক হাজেলাক কোনটো বিভাগ দিম৷ কাৰণ যিটো বিভাগ দিম সেইটো বিভাগতে তেওঁৰ বিৰুদ্ধে বাতৰি ওলাব ৷ এন আৰ চিৰ দৰে আন বিভাগবোৰ বেয়া কৰাৰ অভিযোগ উত্থাপন হ'ব ৷ ইয়াৰ দ্বাৰা মোৰ কোনো লাভ নহ'ব ৷ তেওঁ যদি সঁচাই ভি আৰ এছ দিয়ে তেন্তে সেইটো অসমীয়া জাতিৰ এটা বিজয় হ'ব (CM reacts on VRS of Prateek Hajela) ৷ তেওঁক আমি ভি আৰ এছলৈ ঠেলিব পাৰিলো ৷ মই এইটো জাতিৰ বিজয় বুলিয়ে ক'ম ৷ ইয়াৰ বাবে অলপ আভিজিত শৰ্মাকো ধন্যবাদ জনাম ৷’’

উল্লেখ্য যে, প্ৰতীক হাজেলাৰ প্ৰসংগৰ লগে লগেই অসমবাসীৰ মনলৈ আহে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ বিয়াগোম কেলেংকাৰীৰ কথা ৷ এন আৰ চিৰ খচৰা প্ৰস্তুত কৰাৰ পাছত নিৰাপত্তাৰ দোহাই দি এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই তিনিবছৰৰ বাবে গৃহ ৰাজ্য মধ্যপ্ৰদেশলৈ ডেপুটেচনত গৈছিল ৷ এন আৰ চিক লৈ থকা অসমবাসীৰ সপোন চূৰমাৰ কৰি ডেপুটেচনত যোৱা প্ৰতীক হাজেলাৰ ম্যাদ ইতিমধ্যে সমাপ্ত হৈছে ৷

২০১৩ চনৰ পৰা অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম আৰম্ভ হৈছিল (NRC scam in Assam)৷ সেই সময়ত প্ৰতীক হাজেলা এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্বত আছিল ৷ এন আৰ চি প্ৰকাশ পোৱাৰ পাছতে নিৰাপত্তাজনিত কাৰণত তেওঁ তিনিবছৰীয়া ডেপুটেচনত মধ্যপ্ৰদেশলৈ গুচি গৈছিল ৷

২০১৯ চনৰ ১ নবেম্বৰত তেওঁ অসম ত্যাগ কৰি ডেপুটেচনত মধ্যপ্ৰদেশলৈ গৈছিল । এন আৰ চি প্ৰকাশৰ পাছতে নিৰাপত্তাজনিত কাৰণত মধ্যপ্ৰদেশলৈ ডেপুটেচন বিচাৰি উচ্চতম ন্যায়ালয়ত তেওঁ আবেদন কৰিছিল ৷ সেই সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্বত আছিল ৰঞ্জন গগৈ ৷ ন্যায়ালয়ে তেওঁৰ আবেদন অনুমোদন জনোৱাত তেওঁ মধ্যপ্ৰদেশলৈ যায় ৷

লগতে পঢ়ক: Protest against Govt: এইবাৰ কাঁহী বাটি বজাবলৈ সাজু হৈছে কংগ্ৰেছ !

লক্ষ্যণীয় বিষয় যে, প্ৰতীক হাজেলাই ডেপুটেচনৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে পুনৰ আবেদন জনাইছিল যদিও কেন্দ্ৰীয় চৰকাৰে তেওঁৰ আবেদন খাৰিজ কৰে ৷ তেনেস্থলত তেওঁ অসমলৈ উভতি আহিবলৈ বাধ্য যদিও বৰ্তমান সময়ত তেওঁ অসমলৈ উভতি অহাৰ পথ মুকলি হৈ থকা নাই ৷ তেনেস্থলত প্ৰতীক হাজেলাই ভি আৰ এছ বিচৰাটো অস্বাভাৱিক নহয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.