ETV Bharat / state

ফাইল নিষ্পত্তিৰ বাবে এইবাৰ "প্ৰজেক্ট সদ্ভাৱনা"

author img

By

Published : Oct 29, 2021, 3:45 PM IST

Updated : Oct 29, 2021, 4:00 PM IST

ফাইলৰ কামৰ বাবে বাৰে বাৰে অসম সচিবালয়লৈ অহাৰ আৰু প্ৰয়োজন নাই । সচিবালয়ত পৰি থকা ফাইলৰ কাম প্ৰক্ৰিয়াগতভাৱে নিষ্পত্তি কৰিবলৈ আৰম্ভ কৰা হৈছে "প্ৰজেক্ট সদ্ভাৱনা" । অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই । ক'ভিড-১৯(COVID-19)ৰ টীকাকৰণ সন্দৰ্ভত তেওঁ কয় যে, অসমত এক কোটি ৭৬ লাখ লোকে প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰিছে ।

CM Himana Biswa Sarma pressmeet on mission sadbhavana
প্ৰজেক্ট সদ্ভাৱনা

গুৱাহাটী, ২৯ অক্টোবৰ: "অসমত ক'ভিড-১৯(COVID-19)ৰ টীকাকৰণ প্ৰায় ৯৫ শতাংশ সম্পূৰ্ণ হৈছে" । শুকুৰবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma)ই এই মন্তব্য কৰে । তেওঁ লগতে কয় যে, ৰাজ্যৰ প্ৰায় দুই কোটি লোকে ক'ভিড-১৯ প্ৰতিষেধক(Vaccine)ৰ প্ৰথম পালি গ্ৰহণ কৰিছে । আনহাতে, ১ কোটি ৭৬ লাখ লোকে প্ৰতিষেধকৰ দুয়োটা পালি গ্ৰহণ কৰিছে ।

কিছুদিন পূৰ্বে ক'ভিড-১৯ৰ সংক্ৰমণ হ্ৰাস পাইছিল যদিও বৰ্তমান মহামাৰীৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ইফালে, এই সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, বছৰৰ পিছত বছৰ ধৰি অসম সচিবালয়ত পৰি থকা কমেও দুই লাখ ফাইলৰ কাম প্ৰক্ৰিয়াগতভাৱে নিষ্পত্তি কৰিবলৈ ৰাজ্য চৰকাৰে "প্ৰজেক্ট সদ্ভাৱনা" শীৰ্ষক এক নতুন অভিযান আৰম্ভ কৰিছে । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ৰঞ্জিত দাসৰ লগতে মুখ্য সচিব জিষ্ণু বৰুৱাক লগত লৈ সংবাদমেলত এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰজেক্ট সদ্ভাৱনাৰ জড়িয়তে ২০২১ৰ ১০ মে'ৰ পূৰ্বৰ সকলো ফাইল, যিসমূহ এতিয়াও নিস্পত্তিবিহীনভাৱে জনতা ভৱনত বিভাগীয় বিষয়াৰ টেবুলে টেবুলে পৰি আছে সেই সকলো বিলাক ২০২২ চনৰ ১০ মে'ৰ ভিতৰত নিস্পত্তি কৰা হ'ব ।

প্ৰজেক্ট সদ্ভাৱনা

ইয়াৰ বাবে ৰাইজ জনতা ভৱনলৈ অহাৰ প্ৰয়োজন নাই । ৰাইজে কেৱল ৰাজ্য চৰকাৰৰ আৰ টি পি এছ বা পি এফ চি পৰ্টেলত তেওঁলোকৰ ফাইল নম্বৰ আপলোড কৰিলেই হ'ল ।

এই দুটা পৰ্টেলৰ উপৰিও জনতা ভৱনৰ চৌহদত বা জিলা উপায়ুক্তৰ কাৰ্যালয়ত এই সেৱাৰ বাবে চৰকাৰে মুকলি কৰা কাউন্টাৰত তেওঁলোকৰ ফাইল নম্বৰ আৰু দুই এটা তথ্য জমা দিলেও ফাইল নিষ্পত্তিৰ ব্যৱস্থা কৰা হ'ব । সম্প্ৰতি শিক্ষা বিভাগতে সৰ্বাধিক ফাইল নিষ্পত্তি বিহীনভাৱে পৰি আছে । আনকি বহু বিভাগত ২০০৩ চনৰ ফাইলো নিষ্পত্তি নোহোৱাকৈ পৰি আছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ‌। আনহাতে, বসুন্ধৰাৰ জৰিয়তে ৰাইজক আগবঢ়োৱা সেৱাৰ বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে ।

লগতে পঢ়ক:৭,৯৬,৪৫৬ গৰাকী ভােটাৰে নির্ণয় কৰিব ৩১ গৰাকী প্রার্থীৰ ভাগ্য

Last Updated :Oct 29, 2021, 4:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.