ETV Bharat / state

’কটনিয়ান’ৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অধ্যাপক সঞ্জীৱ বৰুৱা

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 9:03 AM IST

Closing Ceremony of the Centennial Celebration of Cottonian
’কটনিয়ান’ৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান

"স্মৃতি সদায় জটিল, ঐতিহ্য কেতিয়াও ইতিহাস নহয়" : "কটনিয়ান"ৰ শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানত অধ্যাপক সঞ্জীৱ বৰুৱা ৷ কটনিয়ানৰ প্ৰাক্তন সম্পাদক, অধ্যাপকৰ লগতে ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে এই অনুষ্ঠানত ।

গুৱাহাটী, 29 নৱেম্বৰ: কটন বিশ্ববিদ্যালয়ৰ মুখপত্ৰ ’কটনিয়ান’ৰ বছৰজোৰা শতবৰ্ষ অনুষ্ঠানৰ সামৰণি অনুষ্ঠানটি মংগলবাৰে সম্পন্ন হয় । বিশিষ্ট সমাজ বিজ্ঞানী, বুদ্ধিজীৱী ,"কটনিয়ান"ৰ প্ৰাক্তন সম্পাদক,বাংলাদেশৰ চিট্টাগঙস্থিত "এছিয়ান ইউনিভাৰ্চিটি ফৰ উইমেন"ৰ বিশিষ্ট অধ্যাপক সঞ্জীৱ বৰুৱাই এই উপলক্ষে বক্তৃতা প্ৰদান কৰে । "এপ’ল’ যানৰ চন্দ্ৰত অৱতৰণৰ বছৰটোত কটন কলেজ: স্মৃতি আৰু প্ৰতিফলন" শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে অধ্যাপক বৰুৱাই ৷

অধ্যাপক বৰুৱাই স্মৃতি ৰোমন্থন কৰি কয় যে 1968-1969 চনত "কটনিয়ান"ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত মানুহে প্ৰথমবাৰলৈ চন্দ্ৰত খোজ দিছিল । এই ঐতিহাসিক ঘটনাৰ প্ৰতিফলন তেওঁৰ সম্পাদনাত প্ৰকাশ পোৱা "কটনিয়ান" ৰ বেটুপাতত প্ৰকাশ পোৱাৰ ঘটনাক বৰুৱাই আনন্দেৰে স্মৰণ কৰে । তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে যে তেওঁৰ সম্পাদকীয় স্তম্ভটোৱে ফৰাচী ছাত্ৰ-ছাত্ৰীসকলৰ আন্দোলন, আমেৰিকাৰ ছাত্ৰ-ছাত্ৰীৰ আন্দোলন আৰু সেই সময়চোৱাৰ অন্যান্য প্ৰাসংগিক বিষয় আদিকো প্ৰতিফলিত কৰিছিল ।

তেওঁ লগতে কয়, "ঐতিহ্যই ইতিহাস নহয় আৰু স্মৃতিবোৰ সদায়েই জটিল । ইতিহাসৰ কোনবোৰ ঘটনাৰ ঐতিহাসিক মূল্য আছে সেই সিদ্ধান্ত কোনে লয় সেই কথাই মোক সদায়েই কৌতুহলী কৰি তোলে । আজি মই যিখিনি কৰিছো তাৰ কাৰণ মোৰ সেই কৌতূহলপ্ৰৱণতা ।" বৰুৱাই ভাষণ প্ৰসংগত অসম আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কটোৱা অভিজ্ঞতাৰ বিষয়েও সদৰী কৰে ।

অধ্যাপক ড০ বৰুৱাই অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশ লৈ কয় ,"শিক্ষাৰ উদ্দেশ্য হ’ব লাগে এনে সাহসী স্থান সৃষ্টি কৰা যাতে মানুহে আলোচনা কৰিব পাৰে, লগতে বিদ্যমান ইতিহাস আৰু চিন্তা প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাব পাৰে ।" ছাত্ৰ-ছাত্ৰীসকলক কৌতূহল বিকশিত কৰিবলৈ আৰু উল্লেখযোগ্য বিষয় বাচনি দৃষ্টিভংগীক আদৰি জনাবলৈ বৰুৱাই আহ্বান জনায় ।

আদৰণি ভাষণত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয়, “কটনিয়ান আলোচনীখন 1922 চনত আৰম্ভ হৈছিল । অসমৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা প্ৰকাশিত এই আলোচনীখনেই হৈছে একমাত্ৰ আলোচনী যিয়ে এশ বছৰ সম্পূৰ্ণ কৰিছে । আলোচনীখনে বৌদ্ধিক চৰ্চাৰ অনুঘটক হিচাপে চিনাকি দি আহিছে ।" বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ মুৰব্বী অধ্যাপিকা ৰাখী কলিতা মৰলে অধ্যাপক বৰুৱা উত্তৰ-পূৱ ভাৰতৰ এক বিশিষ্ট কণ্ঠ আৰু তেওঁৰ লেখাৰ সৈতে পৰিচিত নোহোৱাকৈ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনৈতিক অধ্যয়ন সম্ভৱ নহয় বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ।

এই কাৰ্যসূচীত কটনিয়ানৰ প্ৰাক্তন সম্পাদক, অধ্যাপকৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক: কলমৰ সাঁফৰ বন্ধ কৰিলে বিশিষ্ট সাংবাদিক অনিল বৰুৱাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.