ETV Bharat / state

Mahabahu Brahmaputra is sick : জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱত ৰুগ্ন হৈ পৰিছে মহাবাহু ব্ৰহ্মপুত্ৰ

author img

By

Published : Feb 25, 2023, 9:26 PM IST

Climate change impacts on Mahabahu Brahmaputra
ৰাজ্যখনত তাপমাত্ৰা বৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত ৰাজ্যখনত তাপমাত্ৰা বৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ । অভাৱনীয়ভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত সংকটত পৰিছে অসম আৰু অসমীয়াৰ জীৱন ৰেখা সদৃশ মহাবাহু ব্ৰহ্মপুত্ৰ । ৰাজ্যৰ বহু জিলাত স্বাভাৱিকতকৈ ৯৭ শতাংশ পর্যন্ত হ্ৰাস পাইছে বৰষুণ । হাহাকাৰ কৰিবলগীয়া হৈছে কৃষকে । জলবায়ুৰ পৰিৱৰ্তনে ৰাজ্যৰ কৃষি অর্থনীতিৰ লগতে চাহ উদ্যোগতো ব্যাপক প্ৰভাৱ পেলাইছে ।

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী : সমগ্ৰ বিশ্বতে ভাবুকিৰ কাৰক হৈ পৰা জলবায়ু পৰিৱৰ্তনে অসমলৈও অশনি সংকেত কঢ়িয়াই আনিছে । জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত ৰাজ্যখনত তাপমাত্ৰা বৃদ্ধি পোৱাৰ বিপৰীতে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ ।

অভাৱনীয়ভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত সংকটত পৰিছে অসম আৰু অসমীয়াৰ জীৱন ৰেখাসদৃশ মহাবাহু ব্ৰহ্মপুত্ৰ (M Mahabahu Brahmaputra is sick)। উদ্বেগৰ বিষয় যে লুইতৰ পানী অস্বাভাৱিকভাৱে শুকাবলৈ আৰম্ভ কৰিছে । যাৰ ফলত শদিয়াৰ পৰা ধুবুৰীলৈকে এতিয়া ব্ৰহ্মপুত্ৰৰ বুকু বালিময় হৈ পৰিছে (Climate change impacts on Mahabahu Brahmaputra)। সংকটত পৰিছে নদীখনৰ পাৰত বাস কৰা লোকসকলৰ লগতে জলজ প্ৰাণীসমূহ ।

Climate change impacts on Mahabahu Brahmaputra
সংকটত পৰিছে অসম

লক্ষণীয় বিষয় যে জলবায়ুৰ পৰিৱৰ্তনৰ ফলত ৰাজ্যখনত বিগত বাৰিষা অস্বাভাৱিকভাৱে বৰষুণ হোৱাৰ লগতে খৰালি কালত এতিয়া বৰষুণৰ পৰিমাণ অভাৱনীয়ভাৱে হ্ৰাস পাইছে (Climate change in Assam) । বিগত ডেৰ মাহতে ৰাজ্যখনত প্ৰায় ৭৫ শতাংশ বৰষুণ হ্ৰাস পাইছে । বিশেষকৈ বৰপেটা, বাক্সা, নলবাৰী, মৰিগাঁও, হাইলাকান্দি আদি জিলাত স্বাভাৱিকতকৈ ৯৭ শতাংশ পর্যন্ত বৰষুণ হ্ৰাস পাইছে । যাৰ ফলত কৃষকসকলে হাহাকাৰ কৰিবলগীয়া হৈছে ।

উল্লেখ্য যে, ৱৰ্ল্ড মেট্ৰল’জিকেল অৰ্গেনাইজেশানে প্ৰকাশ কৰা প্ৰভিজনেল ষ্টেট অব দ্য গ্ল’বেল ক্লাইমেট ইন-২০২২ শীর্ষক প্ৰতিবেদনখনতো অনাগত দিনত অসম তথা উত্তৰ-পূৱত প্ৰকৃতিয়ে ভয়ানক ৰূপ লোৱাৰ আগজাননী দিছে । সেইদৰে বেংগালুৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স, মাণ্ডি আৰু গুৱাহাটী আই আই টিৰ এটা বিশেষজ্ঞ দলে প্ৰকাশ কৰা মতে জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত সকলোতকৈ সংবেদনশীন ৰাজ্য হিচাপে বিবেচিত হৈছে অসম ।

Climate change impacts on Mahabahu Brahmaputra
বহু জিলাত হ্ৰাস পাইছে বৰষুণৰ মাত্ৰা

ইফালে মহাবাহুৰ পানী অভাৱনীয়ভাৱে হ্ৰাস পোৱাৰ ফলত ডিব্ৰু-চৈখোৱা আৰু পবা বৰ্ষাৰণ্যৰ লগতে অৰুণাচল প্ৰদেশৰ ডি ইৰিং ৰাষ্ট্ৰীয় উদ্যানলৈ নামি আহিছে ভাবুকি । লক্ষণীয় বিষয় যে ১৯৫০ চনত হোৱা বৰভূমিকম্পৰ পিচৰে পৰা ব্ৰহ্মপুত্ৰৰ চৰিত্ৰ ব্যাপকভাৱে সলনি হ’বলৈ ধৰে । প্ৰতি বছৰে বান-খহনীয়াৰ প্ৰকোপ ক্ৰমে বৃদ্ধি পাইছে ।

আনহাতে, শেহতীয়াকৈ চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাটাও বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ ফলত এতিয়া খৰালি কালত নদীখনৰ পানী ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে । এনে পৰিস্থিতিত বাৰিষা কালত সাগৰসদৃশ পৰিৱেশে বিৰাজ কৰা ব্ৰহ্মপুত্ৰ এতিয়া শুকান হৈ পৰিছে ।

ইফালে হিমাচল পৰিৱেশ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদে চলোৱা এক অধ্যয়ন অনুসৰি হিমালয়ত থকা হিমবাহ (গ্লেচিয়াৰ)সমূহ গলাৰ ফলত অনাগত সময়ত ব্ৰহ্মপুত্ৰ আৰু গংগা ভয়ংকৰ বিপদৰ সম্মুখীন হ’ব লাগিব । অধ্যয়ন মতে আগন্তুক দিনত ৰাজ্যত বানপানীৰ প্ৰকোপ বৃদ্ধি পাব । ইয়াৰ বিপৰীতে খৰালি কালত নদীখন শুকাই যাব ।

Climate change impacts on Mahabahu Brahmaputra
ৰাজ্যত তাপমাত্ৰা বৃদ্ধি

উল্লেখ্য যে, জলবায়ুৰ পৰিৱৰ্তনৰ কু-ফল ৰাজ্যৰ ১৫ খন জিলাত পৰা পৰিলক্ষিত হৈছে । অসমৰ এই ১৫ খন জিলাৰ ভিতৰত কৰিমগঞ্জ শীৰ্ষত আছে । জলবায়ুৰ পৰিৱৰ্তনে ৰাজ্যৰ কৃষি অর্থনীতিত ব্যাপক প্ৰভাৱ পেলাইছে । ৰাজ্যখনৰ উষ্ণতা যোৱা কিছু বছৰ ধৰি নিৰন্তৰ বৃদ্ধি পাই আহিছে । তাৰ সমান্তৰালকৈ বৰষুণৰ পৰিমাণো যথেষ্ট হ্ৰাস পাইছে । ইয়াৰ প্ৰভাৱ অসমৰ চহকী চাহ উদ্যোগত পৰিছে । বিগত তিনি-চাৰি বছৰ ধৰি ৰাজ্যৰ চাহ উদ্যোগটোৱে সংকটৰ সন্মুখীন হ’ব লগা হৈছে ।

উল্লেখ্য যে, বিজ্ঞানীসকলে অনাগত সময়ত বন ধ্বংসৰ বাবেই ৰাজ্যখনৰ পৰিৱেশ আৰু জলবায়ুৰ পৰিৱৰ্তন ঘটাৰো শংকা ব্যক্ত কৰিছে । এনে পৰিস্থিতিত অনাগত দিনত ৰাজ্যখনত বান, খৰাং আদি সমস্যা ভয়ংকৰ ৰূপত বৃদ্ধি পাব বুলিও শংকা ব্যক্ত কৰিছে বহুজনে ।

লগতে পঢ়ক : Humanity still alive : 45 বছৰৰ পূৰ্বে লোৱা 10 টকা সুদে-মূলে ওভতাই দিবলৈ আহিল মংগল শ্বেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.