ETV Bharat / state

Mission 1 Lakh: চিভিল ছাৰ্ভিচেজ এচিভাৰ্ছ পইণ্টৰ বিনামূলীয়া "মিছন ১ লাখ" শিক্ষাৰ ঘোষণা

author img

By

Published : Aug 15, 2023, 6:58 PM IST

শিক্ষা প্ৰতিষ্ঠান চি এছ এ পিয়ে প্ৰশংসনীয় পদক্ষেপ । আজিৰে পৰা প্ৰতিষ্ঠানখনৰ উদ্যোগত মুকলি কৰা হৈছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিনামূলীয়া অনলাইন পাঠদান ।

Interview Guidance program
শিক্ষাপ্ৰতিষ্ঠান চি এছ এ পিৰ বিনামূলীয়া "মিছন ১ লাখ" শিক্ষাৰ ঘোষণা

শিক্ষাপ্ৰতিষ্ঠান চি এছ এ পিৰ বিনামূলীয়া "মিছন ১ লাখ" শিক্ষাৰ ঘোষণা

গুৱাহাটী, ১৫ আগষ্ট: ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰশাসনীয় সেৱাৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষৰ্থীসকলৰ বাবে এটা ভাল খবৰ । চিভিল ছাৰ্ভিচেজ এচিভাৰ্ছ পইণ্ট(Civil Service Achievers Point) চমুকৈ চিএছএপিয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ । প্ৰতিষ্ঠানখনৰ উদ্যোগত ১ লাখ অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব UPSC, APSC, SSC আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিনামূলীয়া পাঠদান ।

মঙলবাৰে এই "মিছন ১ লাখৰ" কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই । মিছন ১ লাখৰ অধীনত অনলাইন মাধ্যমেৰে ছাত্ৰ- ছাত্ৰীসকলে অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাগ্ৰহণ কৰিব পাৰিব । ১আগষ্টৰ পৰা ইতিমধ্যেই পৰীক্ষামূলকভাৱে "মিছন ১ লাখৰ" জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ অন্তৰ্ভুক্তিৰ কাম আৰম্ভ হৈছে । প্ৰায় ৫০০০ ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমান পঞ্জীয়ন কৰিছে ৷

"মিছন ১ লাখৰ" জৰিয়তে অন্তৰ্ভুক্ত হোৱা ছাত্ৰ-ছাত্ৰীসকলক অসামৰিক সেৱা পৰীক্ষা তিনিওটা পৰ্যায়- প্ৰাৰম্ভিক পৰীক্ষা, মুখ্য পৰীক্ষা আৰু সাক্ষাৎকাৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । প্ৰতিদিনে শিক্ষাৰ্থীসকলে এঘণ্টাৰ বাবে বিনামূলীয়াকৈ ভাৰ্চুৱেলী পাঠদান গ্ৰহণ কৰিব পাৰিব ।

ইফালে আজিৰে পৰা প্ৰতিষ্ঠানখনত Interview Guidance program ৰো আৰম্ভ কৰা হৈছে । ইয়াত অভিজ্ঞতা প্ৰশিক্ষকৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক interview Guidance program ৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব । সংবাদমেলযোগে এই কথা উল্লেখ কৰে প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই ।

উল্লেখ্য যে, দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি চিভিল ছাৰ্ভিচেজ এচিভাৰ্ছ পইণ্টে আজি "মিছন ১ লাখৰ" মুকলি কৰে ৷ প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বৰ্তমান ইয়াৰ অধীনত অধ্যয়ন কৰা ১০৭ গৰাকী শিক্ষাৰ্থীয়ে ইতিমধ্যে বিভিন্ন বিভাগত কৰ্মৰত হৈ আছে ৷

লগতে পঢ়ক: New song released: কেলেংকাৰীত অভিযুক্তৰ মুখত দেশপ্ৰেমমূলক গীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.