Guwahati gang rape : গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ সৈতে জড়িত অভিযুক্তক গ্ৰেপ্তাৰত ব্যৰ্থ মহানগৰ আৰক্ষী

author img

By

Published : Mar 12, 2022, 8:37 PM IST

city-police-fail-to-arrest-five-accused-of-guwahati-gang-rape

গুৱাহাটীৰ গাড়ীগাঁৱত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে স্মাৰ্ট মহানগৰ আৰক্ষী(Gang rape in Guwahati) । এজাহাৰ দিয়া পাঁচদিন উকলি যোৱাৰ পাছতো অভিযুক্ত শুংসূত্ৰ লাভ কৰা নাই আৰক্ষীয়ে ৷

গুৱাহাটী, ১২ মাৰ্চ: গুৱাহাটী মহানগৰীৰ গাড়ীগাঁৱত সংঘটিত জঘন্য দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ লগত জড়িত পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে স্মাৰ্ট মহানগৰ আৰক্ষী(Minor girl raped in Guwahati) । এজাহাৰ দিয়া পাঁচদিন উকলি যোৱাৰ পাছতো অভিযুক্তৰ কোনো শুংসূত্ৰ লাভ কৰা নাই হৰমিত সিং নেতৃত্বাধীন গুৱাহাটী আৰক্ষীয়ে (Gang rape in Guwahati)। তদন্তৰ অব্যাহত ৰাখিছে যদিও অভিযুক্তই আত্মগোপন কৰি থকা কোনোধৰণৰ তথ্য বৰ্তমানেও লাভ কৰা নাই আৰক্ষীয়ে ।

গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ সৈতে জড়িত অভিযুক্তক গ্ৰেপ্তাৰত ব্যৰ্থ মহানগৰ আৰক্ষী

উল্লেখ্য যে, শনিবাৰে পাঁচ অভিযুক্তৰ পৰিয়ালৰ সদস্য়ক পানবজাৰ মহিলা থানাত সোধ-পোচ অব্যাহত ৰাখে যদিও কোনো কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে । ইফালে, বিশেষ সূত্ৰ অনুসৰি ১৬ বছৰীয়া কিশোৰীগৰাকীৰ সৈতে অভিযুক্ত বিকি আলিৰ (২২) প্ৰেমৰ সম্পৰ্ক থকা বুলিও আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে । ১৬ ফেব্ৰুৱাৰীত অভিযুক্ত বিকি আলিয়ে কিশোৰীগৰাকীক লৈ গৈছিল ঘৰলৈ । ঘৰতে কিশোৰী গৰাকীক ধৰ্ষণ কৰি মোবাইল ফোনটো আবদ্ধ কৰিছিল ভিডি'অ (Minor girl gang raped filmed by several men)।

মোবাইলত আবদ্ধ ভিডি'অ ভাইৰেল কৰি দিয়াৰ ভাবুকি দি ১৯ ফেব্ৰুৱাৰীত আদাবাৰীস্থিত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচলৈ মাতি নিছিল নাবালিকা কিশোৰীগৰাকীক । এই গেষ্ট হাউচৰে ১০৫ নম্বৰ কোঠাত চাৰি বন্ধুৰ সৈতে মিলি দলবদ্ধভাৱে ধৰ্ষণ কৰা হৈছিল কিশোৰীগৰাকীক ।

ইফালে, ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ কৰ্তৃপক্ষই অৱগত কৰা মতে বিকি আলীয়ে OYOৰ জৰিয়তে ১০৫নম্বৰ কোঠা বুক কৰিছিল । সমগ্র ঘটনা পোহৰলৈ অহাৰ পাছত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত উপস্থিত হৈ মহানগৰ আৰক্ষীয়ে চিচি টিভিৰ জৰিয়তে অনুসন্ধান চলায় ।

সূত্ৰ মতে, কিশোৰীগৰাকীয়ে ৭মাৰ্চৰ দিনা পৰিয়ালক সমগ্র ঘটনা অৱগত কৰে । ইয়াৰ ভিত্তিত ৮ মাৰ্চত কিশোৰীগৰাকীৰ পৰিয়ালে পাণবজাৰস্থিত মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে(FIR lodged at Women police station in Panbazar) ।

লগতে পঢ়ক : Guwahati Gang rape : গুৱাহাটীৰ গাড়ীগাঁৱত পাঁচ যুৱকৰ কামনাৰ বলি কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.