ETV Bharat / state

Protest in Guwahati : চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদ

author img

By

Published : Nov 1, 2022, 2:25 PM IST

শ্ৰমিক কৰ্মচাৰীৰ ন্যায্য প্ৰাপ্তিৰ দাবীত পুনৰবাৰ প্ৰতিবাদত বহিল চি আই টি ইউ, অসম ৷ মঙলবাৰে গুৱাহাটীত CITU য়ে ৰূপায়ন কৰা এই প্ৰতিবাদ শ শ প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে (CITU protest in Guwahati) ৷

CITU protest in Guwahati
চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদ

গুৱাহাটী, 1 নৱেম্বৰ : ৰাজ্যত আকৌ প্ৰতিবাদ (Protest in Assam) ৷ এইবাৰ প্ৰতিবাদী কণ্ঠত গুঞ্জৰিছে অসমৰ আকাশ-বতাহ ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত পুনৰবাৰ প্ৰতিবাদত নামিল চি আই টি ইউৰ অসম ৰাজ্যিক কমিটি (CITU protest in Guwahati) ৷

বিশেষকৈ শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলি 21 হাজাৰ টকা নিৰ্ধাৰণ কৰি শীঘ্ৰে চৰকাৰী জাননী প্ৰকাশ কৰা, অংগনবাড়ী কর্মী-সহায়িকা, আশা কৰ্মী, ৰন্ধন কর্মীসহ আঁচনিৰ্ভূক্ত কৰ্মচাৰীসকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰা, ভাৰতীয় শ্ৰম সন্মিলনৰ পৰামৰ্শ মতে চাহ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰা ইত্যাদি দাবীত মঙলবাৰে চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিয়ে গুৱাহাটীৰ শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী ।

চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি বঞ্চিত শ্ৰমিকৰ প্ৰতিবাদ

সংগঠনটোৰ পূৰ্ব ঘোষিত কাৰ্যসূচী অনুযায়ী প্ৰতিবাদকাৰীসকলে মঙলবাৰে পুৱা শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত মিলিত হয় । তাৰ পৰা প্ৰতিবাদকাৰীসকলে শ্ৰম আয়ুক্তৰ কাৰ্যালয়লৈ হাতে হাতে বেনাৰ, ল্ফেগ, ফেষ্টুন লৈ সমদল বাহিৰ কৰে । আনকি প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ CITU ৰ নেতা মদন তালুকদাৰে কয় যে, অসমৰ শ্ৰমিক কৰ্মচাৰীসকলে কেইটামান গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে গুৱাহাটীৰ চচলত এক বৃহৎ সমাৱেশ যোৱা 1 ছেপ্তেম্বৰত সংগঠিত কৰিছিল । এই সমাৱেশৰ মাজেৰে শ্ৰম বিভাগৰ এগৰাকী বিষয়াৰ জৰিয়তে শ্ৰম আয়ুক্তালৈ এখন স্মাৰক পত্ৰো প্ৰেৰণ কৰিছিল ।

শ্ৰমিক কৰ্মচাৰীসকলে এই স্মাৰক পত্ৰৰ জৰিয়তে জনাইছিল যে, ৰাজ্যখনত প্ৰতিদিন সকলো বস্তুৰ দাম বৃদ্ধি পাই থকাৰ পিছতো অসমৰ শ্ৰম বিভাগে শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধি কৰা নাই । দেশত প্ৰচলিত এখন মজুৰি আইন থকাৰ পিছতো শ্ৰম বিভাগে যোৱা সাত বছৰ ধৰি মজুৰি নিৰ্ধাৰণ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । শ্ৰমিক কৰ্মচাৰীসকলে পূৰ্বতে শ্ৰম আয়ুক্তৰ ওচৰত সযোৰে দাবী উত্থাপন কৰিছিল যে, শ্ৰমিকৰ মজুৰি পুনৰ নিৰ্ধাৰণ কৰিব লাগে ।

একেদৰে আঁচনিভুক্ত কৰ্মচাৰী যেনে অংগনৱাড়ী কর্মী-সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মীসকলক মাননিৰ সলনি মজুৰি প্ৰদান কৰা, ভাৰতীয় শ্ৰম সন্মিলনৰ পৰামৰ্শ মতে চাহ শ্ৰমিকক দৈনিক হাজিৰা আদায় দিয়া, নির্মাণ শ্ৰমিকৰ আইনী হিত লাভবোৰ সময় মতে প্ৰদান কৰা, মটৰ শ্ৰমিক সহকাৰে অসংগঠিত শ্ৰমিকৰ বাবে কল্যান আইন শীঘ্ৰে প্ৰৱৰ্তন কৰা, সমান কামত ঠিকা শ্ৰমিককো সমান মজুৰি প্ৰদান কৰা আৰু অসমৰ কাগজ কল দুটাৰ লগতে নামৰূপ সাৰ কাৰখানা আৰু ৰাজহুৱা শিল্পবোৰ পুনৰুজ্জীৱিত কৰা আদি দাবী উত্থাপন কৰিছিল শ্ৰমিক-কৰ্মচাৰীসকলে ।

তেওঁ কয় যে, অতি পৰিতাপৰ কথা যে আজি দুমাহ ধৰি শ্ৰম বিভাগে অসমৰ শ্ৰমিক কৰ্মচাৰীসকলৰ এই আবেদনৰ প্ৰতি সঁহাৰি জনাই কি পদক্ষেপ গ্ৰহণ কৰিলে তাক জানিব পৰা নগ’ল । শ্ৰমিক-কর্মচাৰীসকলে উক্ত স্মাৰক পত্ৰৰ জৰিয়তে শ্ৰম আয়ুক্তক অৱগত কৰিছিল যে অসমৰ একাংশ কাৰখানা কৰ্তৃপক্ষই শ্ৰম বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি শ্ৰম আইনৰ পৰা শ্ৰমিক কৰ্মচাৰীসকলক বঞ্চিত কৰাৰ বিভিন্ন কৌশল প্ৰস্তুত কৰিছে আৰু তীব্ৰ গতিত শ্ৰম শোষণ কৰি আছে ।

অসমৰ লাখ লাখ ঠিকা শ্ৰমিকক সামান্য মজুৰিৰ বিনিময়ত 12 ঘণ্টা পর্যন্ত কাম কৰাৰ বাবে বাধ্য কৰাই থকা হৈছে । অসমৰ প্ৰায় 2 লাখ 71 হাজাৰ আঁচনিৰ্ভুক্ত কৰ্মচাৰীক কোনো ধৰণৰ শ্ৰম আইনৰ সুবিধা প্ৰদান নকৰাকৈ সামান্য মাননিৰ বিনিময় কামত খটুৱাই আছে ।

ব্যক্তিগত বিভিন্ন প্ৰতিষ্ঠান আৰু নাৰ্চিংহোম আদিয়ে 20 ৰ পৰা 30 বছৰ ধৰি কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীয়ে মাত্ৰ 8/10 হাজাৰ টকাৰ বিনিময়ত 12 ৰ পৰা 14 ঘণ্টালৈ কাম কৰিবলৈ বাধ্য কৰাই আছে । বে-চৰকাৰী খণ্ডত নিয়োজিত ট্ৰাক, বাছ, টেম্প, ই-ৰিক্সাকে ধৰি লাখ লাখ গ্ৰাম্য টেক্সিৰ কৰ্মচাৰীয়ে কোনো শ্ৰম আইনৰ ব্যৱস্থা নোহোৱাকৈ কাম কৰি আছে ।

ইপিনে বিজেপি চৰকাৰে শ্ৰমিক কৰ্মচাৰীৰ এনে আইনগত সুবিধাবোৰ আদায় কৰি দিয়াৰ বিপৰীতে শ্ৰম আইনবোৰক ভৰিৰে মোহাৰি শ্ৰম কোডত পৰিণত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে । ইয়াৰ ফলত বৰ্তমানে শ্ৰম আইনৰ সামান্য সুবিধা পাই থকা শ্ৰমিক কৰ্মচাৰীসকলে ইয়াৰ পৰা বঞ্চিত হোৱাৰ সম্ভৱনাই দেখা দিছে ।

প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে CITU ৰ নেতা গৰাকীয়ে শ্ৰমিক কৰ্মচাৰীসকলৰ উক্ত ন্যায্য দাবীবোৰ শীঘ্ৰে পূৰণ কৰাৰ দাবী জনায় । কাৰ্যসূচীৰ শেষত CITU ৰ অসম ৰাজ্যিক কমিটিৰ তৰফৰ পৰা শ্ৰম আয়ুক্তক বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক : Firing in Dibrugarh: ডিব্ৰুগড়ৰ গুলী চালনাৰ ঘটনা সন্দৰ্ভত আটক দুই অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.