ETV Bharat / state

Firing in Dibrugarh: ডিব্ৰুগড়ৰ গুলী চালনাৰ ঘটনা সন্দৰ্ভত আটক দুই অভিযুক্ত

author img

By

Published : Nov 1, 2022, 2:08 PM IST

সোমবাৰে ডিব্ৰুগড়ত সংঘটিত হয় গুলী চালনাৰ ঘটনা (Dibrugarh Firing Case) ৷ এই ঘটনা সন্দৰ্ভত ইতিমধ্যে দুজনক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে (Dibrugarh police arrested two for firing case) ৷

Firing at Laluka Gaon Dibrugarh
ডিব্ৰুগড় গুলী চালনা, আটক দুই অভিযুক্ত

ডিব্ৰুগড়, 1 নৱেম্বৰ : ৰাজ্যত আকৌ গুলী চালনাৰ ঘটনা ৷ এইবাৰ গুলী ফুটিল ডিব্ৰুগড়ত (Dibrugarh Firing Case) ৷ অৱশ্যে অসম আৰৰক্ষীৰ বিপৰীতে এইবাৰ ডিব্ৰুগড়ত এজন বাইক আৰোহীক লক্ষ্য কৰি অচিনাক্ত দুৰ্বৃত্তই কৰে গুলী চালনা (Man shot at by unidentified gunmen in Dibrugarh) ৷

জানিব পৰা মতে, সোমবাৰে বিয়লি ডিব্ৰুগড়ৰ ৰাজপথত সংঘটিত হোৱা এই গুলী চালনাত আহত হয় সিদ্ধাৰ্থ ৰাজখোৱা নামৰ বাইক আৰোহীগৰাকী ৷ ডিব্ৰুগড় চহৰৰ পৰা কমাৰনী চিঙাৰ গৃহ অভিমুখে গৈ থকা অৱস্থাতে ডিব্ৰুগড়ৰ লালুকাত এখন ট্ৰায়াৰ দোকানৰ সন্মুখত হঠাৎ গুলীবিদ্ধ হয় লোকজন (Firing at Laluka Gaon Dibrugarh) । ইয়াৰ পাচতে বাইক আৰোহী সিদ্ধাৰ্থ ৰাজখোৱাই কিছু দূৰ গৈয়ে পথৰ কাষতে ধলি পৰে ।

ডিব্ৰুগড় গুলী চালনা, আটক দুই অভিযুক্ত

স্থানীয় লোকৰ তৎপৰতাত গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয় সিদ্ধাৰ্থ ৰাজখোৱাক ৷

তাৰ পাচতে গুৰুতৰভাৱে আহত গুলীবিদ্ধ সিদ্ধাৰ্থক ভৰ্তি কৰোৱা হয় AMCH ত । তথ্য অনুসৰি, ডিব্ৰুগড় আদালতৰ কৰ্মচাৰী হৈছে সিদ্ধাৰ্থ ৰাজখোৱা ওৰফে নাজিৰ । ইফালে খবৰ পোৱা মাত্ৰে ঘটনাস্থলীত উপস্থিত হয় ডিব্ৰুগড় আৰক্ষী আৰু আৰম্ভ কৰে তদন্ত ৷

লগতে পঢ়ক : Firing in Dibrugarh : ডিব্ৰুগড়ত দুৰ্বৃত্তৰ গুলীত আহত এজন

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰা অনুসৰি, উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তত পবিত্ৰ ৰাজখোৱা, প্ৰদীপ ৰাজখোৱা নামৰ দুজনক আটক কৰি গ্ৰেপ্তাৰ কৰিছে (Dibrugarh police arrested two people for firing case) ।

জানিব পৰা মতে, দুয়োজন লোকেই সিদ্ধাৰ্থ ৰাজখোৱাৰ সম্পৰ্কীয় । দীৰ্ঘদিনৰ ধৰি ঘৰুৱা সংঘাত চলি আছিল লোক দুজনৰ সৈতে ৰাজখোৱাৰ । যাৰ বাবে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে অভিযুক্ত পবিত্ৰ ৰাজখোৱা, প্ৰদীপ ৰাজখোৱাৰ বিৰুদ্ধে ৷

আনহাতে, ডিব্ৰুগড় আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আন তিনিজন লোককো সোধ-পোচা বাবে আটক কৰিছে বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, পইন্ট 22 (.22) পিষ্টলেৰে গুলীচালনা কৰিছিল সিদ্ধাৰ্থ ৰাজখোৱাক । কিয়নো ঘটনাস্থলীৰ পৰা তদন্তকাৰী আৰক্ষীয়ে খালী কাৰ্টিজ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

আৰক্ষীৰ সন্দেহ অবৈধ পিষ্টলেৰে গুলী কৰা হৈছিল সিদ্ধাৰ্থ ৰাজখোৱাক ৷ অতি সোনকালে সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলি উল্লেখ কৰে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক : Tripura Congress Allegation : ত্ৰিপুৰাত কংগ্ৰেছকৰ্মীক আক্ৰমণ, কাৰ্যালয় লণ্ড-ভণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.