ETV Bharat / state

ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাত মুখ্যমন্ত্রী

author img

By

Published : Sep 16, 2021, 9:40 PM IST

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই দলৰ কাৰ্যকর্তা সকলক ২০ টা বছৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে দেশ তথা সমাজ নির্মাণৰ কাৰণে গ্রহণ কৰা যুগান্তকাৰী পদক্ষেপ সমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ আহ্বান জনায় । “সেৱা আৰু সমর্পণ” অভিযানৰ প্রস্তুতি তথা অনুষ্ঠানটো কেনেদেৰে সফলভাৱে আয়ােজন কৰিব পাৰি সেই সন্দৰ্ভত বিস্তৃতভাৱে আলােচনা ।

chief minister sarma in state bjps executive meeting
ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাত মুখ্যমন্ত্রী

গুৱাহাটী,১৬ ছেপ্তেম্বৰ : ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত বৃহস্পতিবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত ৰাজ্যিক বিষয়ববীয়াসকল এক বৈঠকত মিলিত হয়। বৈঠকত প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ ওপজা দিনৰ লগত সংগতি ৰাখি ২০ দিনীয়াকৈ আয়ােজিত হ'বলগীয়া “সেৱা আৰু সমর্পণ” অভিযানৰ প্রস্তুতি তথা অনুষ্ঠানটো কেনেদেৰে সফলভাৱে আয়ােজন কৰিব পাৰি সেই সন্দৰ্ভত বিস্তৃতভাৱে আলােচনা কৰা হয় ।

সভাপতি ভৱেশ কলিতাই ৰাজ্যিক বিজেপিৰ বুথ, মণ্ডল আদি সকলাে পর্যায়ৰ ৪২ লাখৰাে অধিক কার্যকর্তাক সমগ্ৰ অসমতে “সেৱা আৰু সমর্পণ” অভিযান সফলভাৱে আয়ােজন কৰিবলৈ আহ্বান জনায় । সভাত উপস্থিত থাকি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই দলৰ কাৰ্যকর্তা সকলক ২০ টা বছৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে দেশ তথা সমাজ নির্মাণৰ কাৰণে গ্রহণ কৰা যুগান্তকাৰী পদক্ষেপ সমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ আহ্বান জনায় ।

chief minister sarma in state bjps executive meeting
ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভাত মুখ্যমন্ত্রী

সভাত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শর্মা, সাধাৰণ সম্পাদত্রয় সাংসদ পল্লৱ লােচন দাস, পুলক গােহাঁই আৰু দিপ্লু ৰঞ্জন শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ মৰ্চাৰ সভাপতিকে আদি কৰি সকলাে বিষয়ববীয়া উপস্থিত আছিল ।

উল্লেখ যে “সেৱা আৰু সমর্পণ” অভিযানৰ লগত সংগতি ৰাখি ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা প্ৰতিখন জিলা, মণ্ডল আৰু ২০,০০০ ৰাে অধিক বুথ স্তৰত এক বিস্তৃত কুৰি দিনীয়া কাৰ্যসূচী হাতত লােৱা হৈছে । এই “সেৱা আৰু সমর্পণ” কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ১৭ ছেপ্তেম্বৰৰ পুৱা ১০.৩০ বজাত পশ্চিম বৰাগাঁৱৰ বংশীগােপাল নামঘৰত উপস্থিত থকাৰ লগতে অন্যান্য বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰিব । এইক্ষেত্ৰত সাংসদ কুইন ওজাই মুখ্যমন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰিব ।

প্রদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই কাৰ্যসূচীৰ প্রথম অংশ হিচাপে বেজেৰাৰ এছ কে দত্ত হাইস্কুলত উপস্থিত থাকি ক’ভিড ভেকচিনেশ্যন চেণ্টাৰৰ উদ্বোধন কৰিব । এই অনুষ্ঠানৰ পিছতে সভাপতিগৰাকীয়ে পশ্চিম বৰাগাঁৱৰ বংশীগােপাল নামঘৰত উপস্থিত হৈ বন্তি প্রজ্বলন আৰু নৈবদ্য আগবঢ়াব । উক্ত অনুষ্ঠানৰ পিছতে কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত আয়ােজিত হ'বলগীয়া পােষণ কার্যসূচীত উপস্থিত থাকিব । এই অনুষ্ঠানৰ পিছতেই ৰাজ্যিক বিজেপিৰ কিষাণ মৰ্চাৰ উদ্যোগত দক্ষিণ কামৰূপ জিলাৰ মুখ্য কাৰ্যালয়ত আয়ােজিত হ'বলগীয়া “কিষাণ জোৱান,সন্মান দিৱস” অনুষ্ঠানত উপস্থিত থাকিব ।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই মঙলদৈত, উত্তৰ পূৰ্বৰ সাংগঠনিক সাধাৰণ সম্পাদক অজয় জামােৱালে পাঠৰকুৱেৰীৰ ৰাজহুৱা নামঘৰত আৰু ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শৰ্মাই আজৰাৰ কেওতপাৰা মা মনসা মন্দিৰত আয়ােজন হ'বলগীয়া “সেৱা আৰু সমর্পণ”কার্যসূচীত উপস্থিত থাকিব । উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ১৭ ছেপ্তেম্বৰত প্রধানমন্ত্রী গৰাকীৰ জন্মদিন উপলক্ষে ৰাজ্যিক বিজেপিৰ ৪২ লাখৰাে অধিক কার্যকৰ্তাক প্রধানমন্ত্রী গৰাকীৰ সু-স্বাস্থ্য আৰু দীঘায়ু কামনা কৰি নিজ নিজ বাসগৃহৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক : নৰেন্দ্র মােডীৰ জন্মদিনৰ উপলক্ষে সেৱা আৰু সমর্পণ অভিযান যুৱ মৰ্চাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.