নৰেন্দ্র মােডীৰ জন্মদিনৰ উপলক্ষে সেৱা আৰু সমর্পণ অভিযান যুৱ মৰ্চাৰ

author img

By

Published : Sep 16, 2021, 8:31 PM IST

নৰেন্দ্র মােডীৰ জন্মদিনৰ উপলক্ষে সেৱা আৰু সমর্পণ অভিযান যুৱ মৰ্চাৰ

সংবাদ মেলৰ জৰিয়তে ভাৰতীয় জনতা যুৱ মর্চাৰ অসম প্ৰদেশৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই "সেৱা আৰু সমর্পণ" অভিযানৰ লগত সংগতি ৰাখি এলানী কার্যসূচী ঘোষণা কৰে । ১৭ ছেপ্তেম্বৰৰ পৰা ১৯ ছেপ্তেম্বলৈকে অসমৰ প্ৰতিখন জিলাত জিলাভিত্তিক "নৱ ভাৰত মেলা "নামে কুইজ" আৰু "ৰক্তদান শিবিৰ"অনুষ্ঠিত কৰা হ'ব জানিবলৈ দিয়ে ৷

গুৱাহাটী,১৬ ছেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষ্যে ১৭ ছেপ্তেম্বৰৰ পৰা ২০ দিনীয়াকৈ ভাৰতীয় জনতা যুৱ মর্চাৰ উদ্যোগত 'সেৱা আৰু সমর্পণ' অভিযান পালন কৰা হ'ব । প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু পৰবৰ্তী সময়ত ভাৰতবর্ষৰ প্ৰধানমন্ত্ৰী হিচাপে কার্যনিবাহ কৰা ৭ অক্টোবৰৰ দিনা ২০ বছৰ সম্পূর্ণ কৰিব প্ৰধানমন্ত্ৰী নবেন্দ্ৰ মোডীয়ে ।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ আহ্বান অনুসৰি দলে ১৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ কৰিবলগীয়া"সেৱা আৰু সমর্পণ" অভিযানৰ অংশ হিচাপে ভাৰতীয় জনতা যুৱ মর্চায়ো এলানী কার্যসূচী পালন কৰিব । বৃহস্পতিবাৰে এক সংবাদ মেলৰ জৰিয়তে ভাৰতীয় জনতা যুৱ মর্চাৰ অসম প্ৰদেশৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই "সেৱা আৰু সমর্পণ" অভিযানৰ লগত সংগতি ৰাখি এলানী কার্যসূচী ঘোষণা কৰে ।

নৰেন্দ্র মােডীৰ জন্মদিনৰ উপলক্ষে সেৱা আৰু সমর্পণ অভিযান যুৱ মৰ্চাৰ

দলৰ গুৱাহাটীস্থ মুখ্য কাৰ্য‍লয়ত সংবাদ মেল সম্বোধন কৰি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই সেৱা আৰু সমর্পণ অভিযানৰ অংশ হিচাপে ১৭ ছেপ্তেম্বৰৰ পৰা ১৯ ছেপ্তেম্বলৈকে অসমৰ প্ৰতিখন জিলাত জিলাভিত্তিক "নৱ ভাৰত মেলা "নামে কুইজ" আৰু "ৰক্তদান শিবিৰ" অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়কঃ চৰকাৰক ফেৰী সেৱাত সংঘটিত হৈ থকা ছিণ্ডিকেটৰাজ উৎখাতৰ দাবী AJYCP ৰ

প্ৰধানমন্ত্ৰীৰ ৰূপে নৰেন্দ্ৰ মোডীৰ ৭ বছৰীয়া কার্যকালৰ সফলতা সমূহ নৱ ভাৰত মেলা শীর্ষক প্ৰৰ্দশনীৰে ৰাইজৰ মাজলৈ লৈ যোৱা হ'ব । এই প্ৰৰ্দশনী অনুষ্ঠানতে মোডীয়ে আৰম্ভ কৰা মুদ্ৰা যোজনা, স্কিল ইণ্ডিয়া, ষ্টার্টআপ ইণ্ডিয়া আদিৰ প্ৰচাৰ আৰু বিভিন্ন আঁচনিৰ বিষয়ে জনগণক সজাগ কৰোৱাৰ লগতে পঞ্জীয়ন আদিও কৰা হ'ব ।

আনহাতে "সেৱা আৰু সমর্পণ" অভিযানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'বলগীয়া কুইজ প্ৰতিযোগিতাত নৰেন্দ্ৰ মোডীয়ে জীৱন আৰু মোডী নেতৃত্বাধীন চৰকাৰৰ কৃতিৰ বিষয়ে ১০০ টা প্ৰশ্ন প্ৰতিযোগিতা অংশগ্ৰহণকাৰী সকলক সোধা হ'ব ।

'আজাদী কি অমৃৎ মহোৎসৱ' জিলা আৰু মণ্ডল পর্যায়ৰ কার্যকর্তা সকলে স্বাধীনতা দিৱসৰ স্মৃতি বিজড়িত স্থান সমূহত বিভিন্ন কার্যসূচীৰে উলহ মালহৰে পালন কৰিব । লগতে স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া শ্বহীদ পৰিয়ালক যুৱ মর্চাৰ স্থানীয় নেতৃত্বই সাক্ষাৎ কৰি সন্মান জনাব বুলি ৰাজ্যিক যুব মর্চাৰ সভাপতি বৰুৱাই সংবাদ মেলত সদৰি কৰে ৷

২৫ ছেপ্তেম্বৰ দিনা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে সমাজৰ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীক যুৱ মৰ্চাৰ কার্যকর্তাসকলে সহায় সহযোগৰ মাধ্যমৰে সেৱা আগবঢ়াব । সংবাদমেলত তেওঁ ২০ দিনীয়া কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে ।

লগতে পঢ়কঃ খুচবুৰ পাছত এইবাৰ আটক নগাঁও কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয়ৰ জ্যেষ্ঠ গাণনিক সঞ্জীৱ মিশ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.