ETV Bharat / state

Ankur Surana Kidnap Case: অংকুৰ চুৰাণাৰ অপহৰণকাণ্ডত ব্যৱহৃত গাড়ী উদ্ধাৰ

author img

By

Published : Feb 8, 2023, 7:21 PM IST

অংকুৰ চুৰাণাৰ অপহৰণকাণ্ডই লৈছে নতুন মোৰ । অপহৰণকাণ্ডৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ৫ জনকৈ ব্যক্তিক । ইতিমধ্যে সাতগাঁৱৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে অংকুৰ চুৰানাৰ অপহৰণকাণ্ডত ব্যৱহাৰ কৰা বাহনখন(Car used in kidnapping of Ankur Churana recovered) ।

Car used in kidnapping of Ankur Churana recovered
অংকুৰ চুৰাণাৰ অপহৰণকাণ্ডত ব্যৱহৃত গাড়ী উদ্ধাৰ

অংকুৰ চুৰাণাৰ অপহৰণকাণ্ডত ব্যৱহৃত গাড়ী উদ্ধাৰ

গুৱাহাটী,৮ ফেব্ৰুৱাৰী: ডিজিটেল যুগত টেলিফোনত ধনদাবী কৰা দিন উকলিল । ডিজিটেল যুগত অপহৰণকাৰীয়েও ধনদাবীৰ বাবে গ্ৰহণ কৰিছে বিটকইনৰ দৰে অত্যাধুনিক কৌশল । চিনেমাৰ কাহিনীৰ লেখীয়াকৈ প্ৰথমবাৰৰ বাবে অসমত বিটকইনৰ মাধ্যমত ধনদাবী কৰা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে । এক ফেব্ৰুৱাৰীত মহানগৰীত সংঘটিত এক অপহৰণ কাণ্ডত বিটকইনৰ এই কাহিনীয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ(Ankur Surana Kidnap Case) ।

এক ফেব্ৰুৱাৰীত নিশা প্ৰায় ১০:৩০ বজাত বন্ধুৰ সৈতে নৈশ পাৰ্টিৰ বাবে ওলাই গৈছিল ভৰলুমুখৰ অংকুৰ চুৰাণা (Ankur Surana guwahati kidnapped by friends) । তেতিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল অংকুৰ চুৰাণা(Ankur Surana kidnap case guwahati) । ২ ফেব্ৰুৱাৰীত অংকুৰ চুৰাণাৰ পিতৃয়ে অংকুৰ নৈশ পাৰ্টী কৰিবলৈ গৈ নিৰুদ্দেশ হৈ থকাৰ অভিযোগ দিছিল ভৰলুমুখ আৰক্ষীক । দুই অক্টোবৰৰ দিনাই অংকুৰক অপহৰণ কৰা অপহৰণকাৰীৰ দলে হাই টেকন'লজিৰ জৰিয়তে ধন দাবী কৰি ইন্টাৰনেট ফোন কৰিছিল মুম্বাইত থকা অংকুৰৰ বায়েকলৈ(Ankur Surana kidnapper demand bit coins) ।

৩ ফেব্ৰুৱাৰীত অংকুৰৰ বায়েকলৈ বীট কইনৰ যোগে ধন দিবলৈ লিংক প্ৰেৰণ কৰি ১০৪ BTC ধন দাবী কৰিছিল । টকা হিচাপত দাবী কৰা বীট কইনৰ টকা হিচাপত মূল্য আছিল ১৯ কোটিটকৈ অধিক । সমগ্ৰ ঘটনা আৰক্ষীক জনোৱা পিছত আৰক্ষীৰ হেঁচাত ৪ ফেব্ৰুৱাৰীত পুৱতি নিশা প্ৰায় ৪ বজাত আমচিং চাহ বাগিচাৰ সমীপৰ এটা পথত হাত ভৰি বান্ধি অংকুৰক পেলাই গৈছিল অপহৰণকাৰীয়ে ।

সেই স্থানৰ পৰাই আৰক্ষীয়ে উদ্ধাৰ কৰিছিল অংকুৰক । ইতিমধ্যে সাতগাঁৱৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে অংকুৰ চুৰানাৰ অপহৰণকাণ্ডত ব্যৱহাৰ কৰা AS 01-BT-0176 নম্বৰৰ চুইফট ডিজায়াৰ বাহনখন(Car used in kidnapping of Ankur Churana recovered) । আনহাতে অংকুৰ চুৰাণাই লৈ যোৱা SCross বাহনখন এতিয়াও উদ্ধাৰ কৰিব পৰা নাই । এতিয়াও পলাতক মুল অভিযুক্তসহ তিনিজন ৷ ইফালে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইতিমধ্যে আৰক্ষীয়ে ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।

উল্লেখ্য যে নৈশ পাৰ্টিৰ বাবে অংকুৰ চুৰাণাক এজন বন্ধুৱে আমচিং থকা PK ECO Resorts লৈ মাতি নিছিল । এক ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ১০:৩০ বজাত বন্ধুৰ সৈতে নৈশ পাৰ্টিৰ বাবে ওলাই গৈছিল অংকুৰ চুৰাণা । পাৰ্টি কৰিবলৈ গৈ থকা অৱস্থাতে আমচিঙৰ পৰা অপহৰণ কৰিছিল অংকুৰ চুৰাণাক । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইজন ক্ৰমে ৰূপম দাস, ৰাজেন কাইমাল, আজাহাৰ চৌধুৰী, হৰেণ দাস আৰু গৌতম দাস । আনহাতে এতিয়াও পলাতক আন ৩ তিনিজন । গ্ৰেপ্তাৰ হোৱা তিনিজন PK ECO Resort ৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে ।

ইফালে পলাতক হৈ আছে প্ৰবাল কলিতা । প্ৰবাল কলিতা সন্দৰ্ভত পোহৰলৈ আহিছে আন এক তথ্য । PK ECO Resorts খনৰ মালিক প্ৰবাল কলিতাই চৰকাৰী মাটিত ৰিজৰ্টখন চলাই থকাৰো অভিযোগ উত্থাপন হৈ আহিছে কিছুদিন পূৰ্বৰে পৰা । পিছে আৰক্ষীৰ তদন্ততহে ওলাব ওৰহীৰ ওৰ ।

লগতে পঢ়ক: Naga aggression : অসমৰ গছ কাটি তহিলং কৰিলে নগা দুৰ্বৃত্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.