ETV Bharat / state

Embankment in Rangia: ৯ মাহে নিৰ্মাণ সম্পূৰ্ণ নহ’ল ভগ্ন মথাউৰিৰ

author img

By

Published : Mar 15, 2023, 8:16 PM IST

বাৰিষা সমাগত, কিন্তু ৯ মাহৰ পিছতো নিৰ্মাণ নহ'ল বানে তচনচ কৰা ৰঙিয়াৰ ভগ্ন মথাউৰিসমূহ(Not built broken embankment in Rangia) । যাৰবাবে এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । বলীয়া বানে ভাঙি তচনচ কৰি পেলাইছিল ৰঙিয়াৰ বগৰীবাৰীৰ মথাউৰি । পিছে ৯ মাহে সম্পূৰ্ণ নহ’ল পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম ।

Broken Embankment could not be completed in 9 months
৯ মাহে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে ভগ্ন মথাউৰি

৯ মাহে নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে ভগ্ন মথাউৰি

ৰঙিয়া,১৫ মাৰ্চ: বিগত বৰ্ষত বানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি কৰিছিল তীব্ৰ প্ৰলয়ৰ । বানে ভাঙিছিল বহুকেইটা মথাউৰি । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ৰঙিয়াতো বানে মথাউৰি ভাঙি লৈছিল সংহাৰী ৰূপ । চৰকাৰৰ কাঢ়া নিৰ্দেশনাত আৰম্ভ কৰা হৈছিল ভগ্ন মথাউৰিৰ কাম । পিছে ৰঙিয়াৰ বগৰীবাৰীত যোৱা ৯ মাহে সম্পূৰ্ণ কৰিব নোৱাৰিলে পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম(Broken Embankment could not be completed in 9 months) । অতি লেহেমীয়া গতিত চলিছে মথাউৰি নিৰ্মাণৰ কাম(Not built broken embankment in Rangia) ।

জলসম্পদ বিভাগৰ তৰফৰ পৰা ঠিকাদাৰক কামৰ আবণ্টন দিয়া হৈছে যদিও অতি লেহেমীয়া গতিত চলিছে মথাউৰি নিৰ্মাণৰ কাম । প্ৰায় ৯ মাহ পূৰ্বে ৰঙিয়াৰ বগৰীবাৰীত পুঠিমাৰী নৈৰ ওপৰত থকা মথাউৰিটো প্ৰৱল বানে চিঙি ৰঙিয়াৰ বৃহত্তৰ অঞ্চলত সৃষ্টি হৈছিল জলপ্ৰলয়ৰ । তাৰপিচৰে পৰা এতিয়ালৈ প্ৰায় ৯ মাহ উকলি গ'ল । কিন্তু এতিয়াও সম্পূৰ্ণ নহ'ল মথাউৰি নিৰ্মাণৰ কাম(Flood in Rangia) ।

উল্লেখ্য যে যোৱা ১৬ জুনত হোৱা প্ৰলয়ংকাৰী বানৰ পিচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰিকাই উপস্থিত হৈ বানাক্ৰান্তক আশ্বাস দিছিল চেপ্তেম্বৰ মাহতে ভগ্ন মথাউৰিৰ পুনৰ নিৰ্মাণৰ কাম ক্ষিপ্ৰগতিত আৰম্ভ হ'ব(Water Resources Minister Piyush Hazarika) । বাৰিষাৰ পূৰ্বে ভগ্ন মথাউৰিৰ কাম বৈজ্ঞানিক পদ্ধতিৰে সম্পূৰ্ণ কৰা হ'ব । কিন্তু প্ৰলয়ংকাৰী বানৰ পিছত আশ্বাস দিয়াৰ ৯ মাহ পিছতহে অতি লেহেমীয়া গতিত চলিছে মথাউৰি নিৰ্মাণৰ কাম ।

বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'লে পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে যিকোনো মুহূৰ্ততে মথাউৰি চিঙি ৰঙিয়াত পুনৰাই জলপ্ৰলয় হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইয়াৰ উপৰিও প্ৰলয়ংকাৰী বানৰ পিছত পাঁচ মাহে ভগ্ন মথাউৰিৰ ওপৰতে আশ্ৰয় লৈ আছিল কেইবাটাও পৰিয়াল । ৯ মাহ পূৰ্বে যেতিয়া পুঠিমাৰী নৈৰ ওপৰত থকা বগৰীবাৰীৰ মথাউৰি হঠাতে ভাঙি গৈছিল তেতিয়া বহুকেইটা পৰিয়ালৰ ঘৰ পুঠিমাৰী নৈৰ প্ৰৱল সোতে উটুৱাই লৈ গৈছিল ।

তেতিয়াৰ পৰাই মথাউৰিৰ ওপৰতেই আশ্ৰয় লৈ আছিল পৰিয়ালসমূহে । বৰ্তমানেও কেইবাটাও পৰিয়ালক পুনৰ সংস্থাপনৰ ব‍্যৱস্থা নকৰিলে চৰকাৰে । ভুক্তভোগী পৰিয়াল কেইটাই অতি কষ্টৰ মাজেৰে কোনোমতে দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে । জলসম্পদ বিভাগৰ দৰে বিয়াগোম বিভাগে ৯ মাহে মথাউৰিটো সম্পূৰ্ণ কৰিব নোৱাৰা বাবে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে । সকলোৱে দাবী জনাইছে অনতিপলমে মথাউৰিটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি ৰাইজক যাতে শংকামুক্ত কৰে ।

লগতে পঢ়ক: New liquor policy: বিজেপিৰ শাসনত ৰাজ্যত বৃদ্ধি সুৰাৰ দোকান তথা বাৰৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.