New liquor policy: বিজেপিৰ শাসনত ৰাজ্যত বৃদ্ধি সুৰাৰ দোকান তথা বাৰৰ সংখ্যা

author img

By

Published : Mar 15, 2023, 5:54 PM IST

New liquor policy

গেৰুৱাদলৰ চৰকাৰৰ দিনত অসমত সুৰাৰ বিপনীৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ বিধানসভাৰ সদনত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দিয়া তথ্য মতে বর্তমান অসমত ১৭০৮ খন বিদেশী সুৰাৰ দোকান আৰু ৮৬৩ খন বাৰ আছে (Number of Wines Shops in Assam)।

গুৱাহাটী, ১৫ মাৰ্চ: ২০১৬ চনত ৰাজ্যত বিজেপি নেতৃত্বত চৰকাৰ গঠন হোৱাৰ পিচত ৰাজ্যত দেশীয় সুৰাৰ দোকান আৰু বাৰৰ সংখ্যা বৃদ্ধি পাইছে । বিধানসভাত বুধবাৰে কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী দেৱব্ৰত শইকীয়াই দেশীয় সুৰাৰ দোকান আৰু বাৰ সম্পৰ্কে সোধা প্ৰশ্ন উত্তৰত এই তথ্য পোহৰলৈ আহিছে । তথ্য মতে, ৰাজ্যত ১৯৯০ চনত ৮৩ খন দেশীয় সুৰাৰ দোকান আৰু ২৯ খন বাৰৰ অনুজ্ঞাপত্ৰ দিয়া হয় । ১৯৯৬ চনত দেশীয় সুৰাৰ দোকান ২৬১ খন আৰু বাৰ ৪৬ খনলৈ বৃদ্ধি হয় । আকৌ ২০১৬ চনত দেশীয় সুৰাৰ দোকান ১১১৬ খন আৰু বাৰ ৪৭৩ খনলৈ বৃদ্ধি কৰা হয় (Number of Wines Shops in Assam) ।

বুধবাৰে অসম বিধানসভাৰ বাজেট অধিবেশনৰ চতুৰ্থ দিনা বিধায়ক দেৱব্ৰত শইকীয়াই অসম চৰকাৰে নিজস্ব ৰাজহ বৃদ্ধি কৰিবলৈ আৱকাৰী বিভাগৰ মদৰ দোকান, বাৰ আদিৰ সংখ্যা বৃদ্ধি কৰাৰ কথাটো সঁচা নেকি বুলি প্ৰশ্ন কৰে । উত্তৰত আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য কয় যে, অসম চৰকাৰে কেৱল ৰাজহ সংগ্ৰহৰ স্বাৰ্থত আবকাৰী বিভাগৰ মদৰ দোকান, বাৰ আদিৰ অনুজ্ঞাপত্র প্রদান নকৰে । অৱশ্যে জিলা উপায়ুক্তৰ বাস্তৱ উপযোগিতাৰ (Viability Report) ওপৰত ভিত্তি কৰি তথা ক্রমবর্ধমান নগৰীকৰণ, পর্যটন ক্ষেত্ৰৰ বিকাশ, জনসংখ্যা বৃদ্ধি আদিৰ প্ৰতি লক্ষ্য ৰাখি নতুন অনুজ্ঞাপত্ৰৰ বিষয়ে বিবেচনা কৰা হয় (Revenue collection from excise in Assam)।

২০০১ চনৰ পৰা মদৰ দোকান (IMFL'OFF')ৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হোৱা নাছিল, কিন্তু জিলাসমূহৰ পৰা পোৱা প্ৰয়োজনীয়তাৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰি ২০২২ চনত অসমৰ কেইখনমান জিলাত মুঠ ১৪ খন মদৰ দোকানৰ (IMFL"OFF") অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় ৷ ইয়াৰ উপৰিও ২০২২-২৩ বৰ্ষৰ বাজেট অনুসৰি গাঁও অঞ্চলত থকা বাৰ (IMFL "ON") সমূহক মদৰ দোকান (IMFL "OFF") লৈ পৰিবৰ্তিত কৰিবলৈ সুযোগ প্রদান কৰা হয় (Assam govt new liquor policy)।

লগতে পঢ়ক: HSLC Paper Leak : প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ তদন্তৰ বুজ ল'বলৈ ডিব্ৰুগড়ত জিপি সিং

আন এক প্ৰশ্নৰ উত্তৰত আবকাৰী মন্ত্ৰীয়ে জনায় যে, বর্তমান অসমত ১৭০৮ খন বিদেশী সুৰাৰ (IMFL) দোকান আৰু ৮৬৩ খন বাৰ আছে । অত্যাধিক মাদক দ্রব্য ব্যৱহাৰ কৰাৰ ফলত অসমত কিমান লোক মৃত্যুমুখত পৰিছে, এই সম্পৰ্কে চৰকাৰৰ হাতত তথ্য আছেনে বুলি দেৱব্ৰত শইকীয়াই কৰা প্ৰশ্নৰ উত্তৰত আবকাৰী মন্ত্ৰীয়ে জনায় যে, এই সন্দৰ্ভত চৰকাৰৰ হাতত কোনো তথ্য নাই (Total foreign liquor shops in Assam)।

দেশীয় সুৰাৰ দোকান আৰু বাৰ সম্পৰ্কে বিধায়ক দেৱব্ৰত শইকীয়াই কৰা আন এক প্ৰশ্নৰ উত্তৰ দি আবকাৰী মন্ত্ৰীয়ে কয় যে, ২০১৬ চনত এই চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ আগেয়ে ৰাজ্য খনত মুঠ ১১১৬ খন বিলাতী সুৰাৰ দোকান, ৪৭৩ খন বিলাতী সুৰাৰ বাৰ আছিল ৷ ইয়াৰ লগতে ৫ টা আবকাৰী পণ্যাগাৰ ( Excise Warehouse of Country Spirit) আৰু ১৯৫ খন দেশীয় সুৰাৰ দোকান (মহল) আছিল । অবৈধভাৱে তৈয়াৰী মাদক দব্য সেৱন কৰি বিভিন্ন সময়ত ৰাজ্যখনৰ বহু ঠাইত মানুহ মৃত্যু মুখত পৰিছিল (Total number o Bar in Assam)।

কিন্তু এই চৰকাৰে ২০১৬ চনত দায়িত্বভাৰ গ্ৰহণ কৰি ভাৰতীয় সংবিধানৰ Directive Principles of State Policy অনুসৰি ৰাজ্যখনত মাদক দ্ৰব্যৰ ক্ষেত্ৰত বিভিন্ন ফলপ্রসূ পদক্ষেপ হাতত লৈছে । এনেধৰণৰ পদক্ষেপৰ জৰিয়তে পূৰ্বে চলি থকা ৫ টা আবকাৰী পণ্যাগাৰ (Excise Warehouse of Country Spirit) আৰু ১৯৫ খন দেশীয় সুৰাৰ দোকান (মহল) বন্ধ কৰা হৈছে ৷ তদুপৰি সুৰাৰ গুণাগুণ পৰীক্ষা কৰিবলৈ আধুনিক ৰসায়নাগাৰ স্থাপন কৰা হৈছে । ইয়াৰ উপৰিও মানুহৰ স্বাস্থ্যৰ বাবে হানিকাৰক চুলাই মদ ৰোধৰ বাবে অহৰহ কাৰ্যপন্থা হাতত লোৱা হৈছে ।

লগতে পঢ়ক: Abolition of districts: হোজাই জিলা বিলুপ্তিকৰণৰ সন্দৰ্ভত চৰকাৰক জবাবদিহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এই ক্ষেত্ৰত বিজ্ঞানসন্মত ভাবে আধুনিক কাৰখানাত তৈয়াৰী উচ্চ মানদণ্ডৰ দেশীয় সুৰা চাহিদা অনুযায়ী ৰাজ্যখনত প্ৰচলন কৰা হৈছে । ২০১৮ চনত অসম আবকাৰী আইনৰ সংশোধন ঘটাই জামিনবিহীন ধাৰা প্ৰয়োগ কৰা হৈছে । ইয়াৰ ফলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই মুঠ ৬৯,৪৯৮ টা গোচৰ ৰুজু কৰি ১৮,৬৩৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ উপৰিও আবকাৰী আইন উলংঘাৰ বাবে মুঠ ১,১৮,০৩,১০৪.৯০ টকা জৰিমনা সংগ্ৰহ কৰা হৈছে ৷ এই চৰকাৰে মাদক দ্ৰব্যৰ বিধিবহির্ভূত প্ৰচলনৰ বিৰুদ্ধে অহৰহ কাৰ্যব্যৱস্থা গ্ৰহণ কৰি আছে, যাতে সংবিধানৰ Directive Principles of State Policy মতে ইয়াৰ প্ৰচলন হ্ৰাস কৰিব পাৰি ।

পৰিপূৰক প্ৰশ্নৰ সন্দৰ্ভত তেওঁ লগতে জনায় যে, আবকাৰী বিভাগত নতুনকৈ বিলাতী সুৰাৰ বিপনী (IMFL'OFF') ১১ খন জিলাত ক্ৰমে- লখিমপুৰ, চৰাইদেউ, শোণিতপুৰ, ধুবুৰী, ধেমাজী, হাইলাকান্দি, কৰিমগঞ্জ, ওদালগুৰি, কামৰূপ, কামৰূপ (মহানগৰ) আৰু কাছাৰত দিয়াৰ ব্যৱস্থা কৰা হৈছিল ৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰ, কামৰূপ, কাছাৰ, চৰাইদেউ আৰু লখিমপুৰত যথাক্রমে এখনকৈ আৰু শোণিতপুৰ, ধুবুৰী, ধেমাজীত ক্রমে তিনিখনকৈ অনুজ্ঞাপত্ৰৰ অনুমোদন দিয়া হৈছে ।

তদুপৰি ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত মর্মে গ্রাম্য অঞ্চলত থকা ৪০৮ খন বাৰক (IMFL "ON") দৰ দোকান (IMFL "OFF") লৈ পৰিবৰ্তিত (Conversion) কৰা হৈছে । ইয়াৰ উপৰিও নগৰ অঞ্চলত চলি থকা 'Restaurant' সমূহত আবেদন অনুযায়ী বাৰৰ (IMFL "ON") অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা আছে । ২০২১-২০২২ বিত্তীয় বৰ্ষত আবকাৰী ৰাজহ ১৯৩০.৬৭ কোটি টকা সংগ্রহ হয় । বর্তমান ২০২২-২০২৩ বিত্তীয় বৰ্ষৰ (ফেব্ৰুৱাৰী,২০২৩) লৈ ২২০১.৯৪ কোটি টকা ৰাজহ সংগ্ৰহ হৈছে ।

লগতে পঢ়ক: State film award 2023 Nahid Afrin controversy: বিধানসভা চৌহদত অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা বিতৰ্ক

আবকাৰী বিভাগে নিয়মিত ৰূপত চলাই থকা অভিযান সমূহৰ ফলত চলিত বিত্তীয় বর্ষৰ (২০২২-২০২৩) জানুৱাৰী মাহলৈ ১৩৭৮২ টা গোচৰ পঞ্জীভুক্ত কৰি, মুঠ ২৬৯৭ জন লোকক গ্ৰেপ্তাৰ কৰা হয় । এই অভিযান কালত মুঠ ১,৪৮,৪২০.৪২ লিটাৰ চুলাই মদ জব্দ কৰাৰ উপৰিও মুঠ ৩৮,৯১,৭০০.০০ টকা জৰিমনা সংগ্ৰহ কৰা হয় বুলি বিধানসভাত আবকাৰী মন্ত্ৰীয়ে জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.