ETV Bharat / state

Namrup BVFCL: বন্ধ নহয় নামৰূপ সাৰ কাৰখানা; দাবী ৰাজ্যিক বিজেপিৰ

author img

By

Published : Jul 25, 2023, 6:06 PM IST

বন্ধ নহয় নামৰূপ সাৰ কাৰখানা ৷ এই দাবী ৰাজ্যিক বিজেপিৰ ৷ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি উল্লেখ কৰা এই কথা ৷

Namrup BVFCL
Namrup BVFCL

বন্ধ নহয় নামৰূপ সাৰ কাৰখানা

গুৱাহাটী, ২৫ জুলাই: বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তৰ সংবাদমেল ৷ নামৰূপ সাৰ কাৰখানা বন্ধ হ’ব বুলি চলি থকা চৰ্চা সন্দৰ্ভত সম্বোধন কৰে এই সংবাদমেল ৷

উল্লেখ্য যে সম্প্ৰতি নামৰূপ সাৰকাৰখানা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্যজুৰি ইতিমধ্যেই সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ ৷ এই সংবাদমেলত বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই কয় যে নামৰূপ সাৰ কাৰখানা বন্ধ হ’ব বুলি একাংশই অপপ্ৰচাৰ চলাইছে ৷ ১৯৬৯ চনত আৰম্ভ হৈছিল নামৰূপ সাৰ কাৰখানা ৷

তেওঁ আৰু কয়, ‘‘১৯৮৬ চনত স্থাপন হোৱা তৃতীয় ইউনিটো বর্তমানো চলি আছে ৷ ২০২১ চনত ১শ কোটি টকা দিছিল কেন্দ্ৰীয় চৰকাৰে ৷ ২ আৰু ৩ নম্বৰ ইউনিটটোৰ বাবে দিয়া হৈছিল ধনখিনি ৷ ইয়াৰে ৩ নম্বৰ ইউনিটটো মেৰামতি কৰি চলাই আছে যদিও ইয়াৰ মেচিনসমূহ ৩৬ বছৰ হোৱা হেতুকে আৰু কিমান দিন চলিব তাৰ কোনো নিশ্চিয়তা নাই ৷’’

চতুর্থ গোট স্থাপনৰ বাবে সকলোৰে দাবী আছিল আৰু ইয়াৰ প্ৰক্ৰিয়া চলি আছে বুলি উল্লখ কৰি সুভাষ দত্তই লগতে কয় যে শীঘ্ৰেই ভাল খবৰ আহিব ৷ গোটেই বিষয়টো ভালকৈ নুবুজাকৈ সমালোচনা কৰিছে কংগ্ৰেছে ৷

লগতে কংগ্ৰেছক অসত্য তথ্যৰে ৰাইজক বিভ্ৰান্ত নকৰিবলৈও আহ্বান জনাই সুভাষ দত্তই ৷ ৰাজ্য চৰকাৰে উদ্যোগ নগৰী নামৰূপত উন্নয়নৰ বহুত কাম কৰিছে বুলিও দাবী কৰে ৷ তেওঁ লগতে প্ৰশ্ন কৰে যে কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে এতিয়া বহুত কথা কৈছে ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে যি সময়ত এই কাৰখানাক লৈ অসমক ৰয়েলিটি কমকৈ দিছিল তেতিয়া একো কোৱা নাছিল কিয় ? তেতিয়া তেওঁ ক’ত আছিল বুলিও সংবাদমেলত প্ৰশ্ন কৰে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে ৷

লগতে পঢ়ক: BVFCL in crisis: কেন্দ্ৰীয় চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবে গভীৰ সংকটত নামৰূপ সাৰ কাৰখানা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.