ETV Bharat / state

বি টি এ ডিৰ শাসনভাৰ নিজৰ হাতত ল'বলৈ ৰাজ্যপালক আহ্বান ৰঞ্জিত দাসৰ

author img

By

Published : Apr 25, 2020, 1:18 PM IST

বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে মন্তব্য কৰে যে,ইতিমধ্যে দলৰ ফালৰ পৰাও ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁক বি টি এ ডিৰ শাসনভাৰ চমজি ল'বলৈ অনুৰোধ জনোৱা হৈছে ৷

BJP State president Ranjit Das appeals Governer rule in BTAD
বি টি এ ডিৰ শাসনভাৰ নিজৰ হাতত লবলৈ ৰাজ্যপালক আহ্বান ৰঞ্জিত দাসৰ

গুৱাহাটী, 25 এপ্ৰিল: বি টি এ ডিত বৰ্তমান শাসনভাৰ চলাই থকা পৰিষদখনৰ কাৰ্যকাল সমাপ্ত হোৱাৰ প্ৰাকক্ষণত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বিশেষ অনুৰোধ ৷ পৰিষদখনৰ কাৰ্যকাল শেষ হোৱাৰ পিছৰ দিনটোৰ পৰা অৰ্থাৎ অহা 28 এপ্ৰিলৰ পৰা বি টি এ ডিত ৰাজ্যপালৰ শাসন আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷ শনিবাৰে এখন সংবাদমেলৰ আয়োজন কৰি এই অনুৰোধ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ৷ লগতে সংবাদমেল যোগে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে মন্তব্য কৰে যে,ইতিমধ্যে দলৰ ফালৰ পৰাও ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁক বি টি এ ডিৰ শাসনভাৰ চমজি ল'বলৈ অনুৰোধ জনোৱা হৈছে ৷

বি টি এ ডিৰ শাসনভাৰ নিজৰ হাতত লবলৈ ৰাজ্যপালক আহ্বান ৰঞ্জিত দাসৰ

যিহেতু বৰ্তমান বি টি এ ডিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো পৰিৱেশ নাই এনে সময়ত সাংবিধানিক ভাৱে ৰাজ্যপালৰ সন্মুখত দুটা পথেই খোলা থাকে ৷ তাৰে এটা হৈছে পৰিষদখনৰ কাৰ্যকাল বৃদ্ধি কৰা আৰু দ্বিতীয়টো ৰাজ্যপালে নিজৰ হাতলৈ শাসনভাৰ নিয়া । প্ৰথমটো উপায় এতিয়া কাৰ্যকৰীকৰণত অসুবিধা আছে । যিহেতু বি টি এ ডিত ইতিমধ্যেই নিৰ্বাচনৰ দিন ইতিমধ্যে ঘোষণা কৰা হৈছে । সেয়েহে ৰাজ্যপালে পৰিষদৰ শাসন নিজৰ হাতলৈ নিবলৈ অনুৰোধ জনাই সভাপতি গৰাকীয়ে । আনহাতে শনিবাৰে পৰলোকগামী হোৱা প্ৰবীণ ৰাজনীতিক তথা প্ৰাক্তন মন্ত্ৰী,প্ৰাক্তন ৰাজ্যপাল দেৱানন্দ কোঁৱৰৰ বিয়োগতো গভীৰ শোক প্ৰকাশ কৰে বিজেপি সভাপতি গৰাকীয়ে ৷

লগতে পঢ়কঃ ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.