ETV Bharat / state

ভূপেন বৰাৰ নিজৰ ভৰিৰ তলতে মাটি নাই: বিজেপিৰ মুখপাত্ৰ

author img

By

Published : Jan 27, 2022, 6:27 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক চোকা সমালোচনা কৰিলে বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাই (Manoj Baruah criticizes Bhupen Bora) ৷ ভূপেন বৰাৰ শেহতীয়া মন্তব্য, কাৰ্যকলাপে তেখেতক ব্যংগ চৰিত্ৰলৈ পৰিণত কৰিবলৈ গৈ আছে বুলিও কটাক্ষ কৰিলে মনোজ বৰুৱাই ৷

Manoj Baruah criticizes Bhupen Bora
বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাৰ সংবাদমেল

গুৱাহাটী, 27 জানুৱাৰী: কংগ্ৰেছ দলে প্ৰধান বিৰোধী দলৰ ভূমিকা পালন কৰাত ব্যৰ্থ হৈছে ৷ ৰাজ্যৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ দলে চৰকাৰৰ বিভিন্ন ধৰণৰ কামকাজক যুক্তিসংগতভাৱে সমালোচনা কৰাটো বিচাৰে ৰাজ্যিক বিজেপিয়ে । বৃহস্পতিবাৰে বিজেপি অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাই এনেদৰে কয় ৷

মুখপাত্ৰগৰাকীয়ে কয় যে, ৰাজ্যিক বিজেপিয়ে বিচাৰে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আচৰণ আৰু মনোৰঞ্জনধর্মী চেনেলৰ কার্যক্ৰমৰ মাজত একো পার্থক্য নাই (Manoj Baruah criticizes Bhupen Bora)৷ এনেবোৰ কার্যকলাপে ভূপেন বৰাক ৰাজনৈতিক নেতাৰ পৰিৱতে এক ব্যংগাত্মক চৰিত্ৰত পৰিণত কৰিছে । মনোজ বৰুৱাই কয় যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যোৱা কেইবাদিনো ধৰি কেৱল মাথো নিজৰ সস্তীয়া প্ৰচাৰৰ হেতু সমালোচনাৰ নামত যিধৰণে বিভিন্ন ভেঙুচালিমূলক বক্তব্য উপস্থাপন কৰিছে সেয়া গ্ৰহণযোগ্য নহয় । গণতন্ত্ৰত মতৰ পার্থক্য, বিৰোধিতা থাকিবই ৷ সেয়েই গণতন্ত্ৰৰ সৌন্দর্য । নিশ্চিতভাৱে বিৰোধী দলসমূহৰ চৰকাৰক সমালোচনা কৰাৰ অধিকাৰ আছে । কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সমালোচনাৰ নামত যি নিম্নৰুচি শব্দ বাক্যৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰি আহিছে সেয়া গণতান্ত্ৰক বাতাবৰণৰ বাবে সঠিক নহয় ।

বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱাৰ সংবাদমেল

মুখপাত্ৰ বৰুৱাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক দিশহাৰা নেতা বুলি কটাক্ষ কৰি কয় যে, ভূপেন বৰাই কেতিয়াবা চোলা ফালি প্ৰতিবাদ কৰে, কেতিয়াবা কবিতা লিখি (Poem of Bhupen Bora), কেতিয়াবা কংস বুলি সম্বোধন কৰে ৷ আচলতে ভূপেন বৰাই কংগ্ৰেছ দলক কি ধৰণে নেতৃত্ব প্ৰদান কৰিব বিচাৰিছে সেই বিষয়ত নিজেই স্পষ্ট নহয় । তেওঁ লগতে কয় যে, প্ৰকৃততে ড৹ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰ জনকল্যাণমুখী কাম-কাজত অসমৰ জনসাধাৰণ আস্বত্ব হ'ব পাৰিছে আৰু সেয়ে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁটে প্ৰতিটো নিবার্চনতে অসমবাসী ৰাইজৰ আদৰ তথা বিপুল সমর্থন লাভ কৰিছে । ইয়াৰ ফলত প্ৰদেশ কংগ্ৰছৰ নেতাসকল চূড়ান্তভাৱে হতাশগ্ৰস্ত হোৱাৰ লগতে নিজৰ স্থিতি হেৰুৱাৰ ভয়ত আতংকিত হৈ পৰিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে আদি কৰি অন্যান্য নেতাসকলে সংবাদ মাধ্যমৰ আগত যি অৰুচিকৰ মন্তব্য, আচৰণ প্ৰদর্শন কৰি আহিছে সেয়া তাৰইে প্ৰমাণ ।

লগতে মুখপাত্ৰ মনোজ বৰুৱাই ভৱিষ্যতে ভূপেন বৰাই ৰাজ্যৰ প্ৰধান বিৰোধী দলৰ সভাপতি হিচাপে গণতান্ত্ৰিক মর্যদা ৰাখি যাতে মন্তব্য প্ৰদান কৰে তাৰ বাবে সঁকিয়াই দিয়ে । বৃহস্পতিবাৰৰ সংবাদমেলত মনোজ বৰুৱাক সংগ দিয়ে ৰাজ্যিক বিজেপিৰ অন্যতম মুখপাত্ৰ জানকী খাউণ্ডে ।

লগতে পঢ়ক: ভূপেন বৰা পানী নথকা ফায়াৰ ব্ৰীগেড : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.