ETV Bharat / state

Assam Political news: শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব ভূপেন বৰা, জেইললৈ যাব লাগিব আজমল: সাংসদ মাৰ্ঘেৰিটা

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 7:07 PM IST

Assam Political news
BJP Rajyasabha MP Pabitra Margherita

বিতৰ্কিত মন্তব্য কৰাৰ বাবে মঙলবাৰে নিশা মহানগৰ আৰক্ষীয়ে কংগ্ৰেছ বিধায়ক আফতাব উদ্দিন মোল্লাক গ্ৰেপ্তাৰ কৰাৰ পিচতেই বুধবাৰে ভূপেন বৰাক একপ্ৰকাৰ সকীয়নি প্ৰদান কৰিলে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই ৷ জেলত লিখিবলগীয়া কবিতাৰ বিষয় বাচনি কৰিবৰ সময় হ’ল বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিক তাচ্ছিল্য বিজেপি নেতাগৰাকীৰ ৷

ভূপেন বৰাক সমালোচনা সাংসদ মাৰ্ঘেৰিটাৰ

গুৱাহাটী, ৮ নবেম্বৰ: "ভূপেন বৰাই জেইলৰ ভিতৰত লিখিব লগীয়া কবিতাৰ বিষয় বাচনিৰ সময় হৈছে । শীঘ্ৰেই ভূপেন বৰাও গ্ৰেপ্তাৰ হ’ব । আজমলো যাব লাগিব জেইললৈ ।" এই মন্তব্য মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ তথা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ । বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক অনুস্থানত উপস্থিত থাকি সাংবাদিকৰে হোৱা কথা বতৰাত সাংসদগৰাকীয়ে এইদৰে কয় ৷

তেওঁ কয় যে যি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে সৰ্বত্ৰে উন্নয়নৰ বাবে কাম কৰি আছে, সেই সময়তে কোনো ইছ্যু নথকা বাবেই কংগ্ৰেছ আৰু এ আই ইউ ডি এফে পৰিবেশ বিনষ্ট কৰিবৰ বাবে ইটোৰ পিছত সিটো সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি আছে । সাম্প্ৰদায়িক মন্তব্য দিয়াটো কংগ্ৰেছৰ এজেণ্ডাৰ এটা অংশ । সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছে সনাতন সাংস্কৃতিক ডেংগু, মেলেৰিয়া, এইডছ বেমাৰৰ সৈতে তুলনা কৰিছে ।

সাংসদ মাৰ্ঘেৰিটাই লগতে কয় যে শ্ৰীকৃষ্ণক লাভ জেহাদী সজাই ভূপেন বৰাই সাম্প্ৰদায়িক মন্তব্য দিয়াৰ আৰম্ভনি কৰিছিল । ইতিমধ্যে সাম্প্ৰদায়িক মন্তব্য কৰি কংগ্ৰেছৰ বিধায়ক আফতাব উদ্দিন মোল্লা গ্ৰেপ্তাৰ হৈছে । শীঘ্ৰেই ভূপেন বৰাও গ্ৰেপ্তাৰ হ’ব । সেয়েহে ভূপেন বৰাই জেইলৰ ভিতৰত লিখিবলগীয়া কবিতাৰ বিষয় বাচনিৰ সময় হৈছে । লগতে আজমলো যাব লাগিব জেইললৈ । ‘‘জাতি, ধৰ্ম, বৰ্ণ, ৰাষ্ট্ৰ বিৰোধী, সাম্প্ৰদায়িক, আইন বিৰোধী মন্তব্য কৰিলে ময়ো আইনৰ ৰোষত পৰিম’’ বুলি মন্তব্য প্ৰদান কৰে সাংসদগৰাকীয়ে ।

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতি গৰম কৰি ৰাখিছে এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ বিধায়ক আফতাব উদ্দিন মোল্লাৰ দুটা বিতৰ্কিত মন্তব্যই ৷ আজমলে মুছলমানৰ ভৰি ধোৱা পানী খাবলৈ কোৱাৰ বিপৰীতে বিধায়ক মোল্লাই নামঘৰীয়া আৰু মন্দিৰৰ সাধুক ধৰ্ষণকাৰী আখ্যা দিছিল ৷ ইতিমধ্য়ে মঙলবাৰে নিশা বিধায়ক মোল্লাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বুধবাৰে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে বিধায়ক আফতাব উদ্দিন মোল্লাক ৷

লগতে পঢ়ক: Aftab Uddin Mollah in police custody: এদিনৰ আৰক্ষীৰ জিম্মালৈ কংগ্ৰেছী বিধায়ক আফতাব উদ্দিন মোল্লা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.