ETV Bharat / state

Meghalaya Assembly Election: মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ প্ৰকাশ

author img

By

Published : Feb 15, 2023, 4:08 PM IST

27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা মেঘালয়ৰ বিধানসভা নিৰ্বাচৰ বাবে ইস্তাহাৰ প্ৰকাশ কৰিলে বিজেপিয়ে (BJP manifesto in Meghalaya) ৷ নিৰ্বাচনী ইস্তাহাৰত জন্মৰ পাচত প্ৰতিগৰাকী কন্যা সন্তানক 50 হাজাৰ টকাৰ বণ্ড দিয়াৰ প্ৰতিশ্ৰুতি বিজেপিৰ ৷ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধনো বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি বিজেপিৰ (BJP election manifesto) ৷

Meghalaya Assembly Election
মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ইস্তাহাৰ প্ৰকাশ

নেশ্যনেল ডেস্ক, 15 ফেব্ৰুৱাৰী: মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ বাবে বুধবাৰে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ (Meghalaya assembly election 2024) ৷ মেঘালয়ত উপস্থিত হৈ ইস্তাহাৰ প্ৰকাশ কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভপতি জগত প্ৰকাশ নাড্ডাই (JP Nadda) ৷ 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব চুবুৰীয়া ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন ৷

উল্লেখ্য যে, কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন (Tripura assembly election) ৷ ইফালে, 27 ফেব্ৰুৱাৰীত মেঘালয়ৰ লগতে নাগালেণ্ডতো অনুষ্ঠিত হ’ব নিৰ্বাচন ৷ আনহাতে উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যৰ ভোটগণনা হ’ব 2 মাৰ্চত ৷

মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ লগতে তৃণমূল কংগ্ৰেছেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ বুধবাৰৰ মেঘালয় ভ্ৰমণকালত তৃণমূল কংগ্ৰেছক তুলাধুনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ (JP Nadda in Meghalaya) ৷ প্ৰচাৰ সভাত ভোটাৰক সম্বোধন কৰি তৃণমূল কংগ্ৰেছৰ অৰ্থ বলপূৰ্বক ধনদাবী, মানি লণ্ডাৰিং আৰু দুৰ্নীতি বুলি কটাক্ষ জেপি নাড্ডাৰ ৷ বুধবাৰে মেঘালয়ত কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ লগতে জ্যেষ্ঠ নাগৰিকৰ সৈতেও মত বিনিময় কৰে নাড্ডাই ৷

‘সংকল্প পত্ৰ’ অৰ্থাৎ ইস্তাহাৰ প্ৰকাশ কৰি জেপি নাড্ডাই কয়, ‘‘ৰাজ্যখনৰ সমৃদ্ধিৰ যথেষ্ট সুযোগ আৰু সম্ভাৱনা আছে আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত ইয়াক নতুন শিখৰলৈ লৈ যোৱাৰ বাবে আশাবাদী ৷’’ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত আছে কন্যা সন্তান জন্মৰ পাচত 50 হাজাৰ টকাৰ বণ্ড প্ৰদান কৰা, KG ৰ পৰা PG লৈকে(স্নাতকোত্তৰ) ছোৱালীক বিনামূলীয়া শিক্ষা প্ৰদান কৰা, উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে বছৰি 2 টা বিনামূলীয়া এলপিজি চিলিণ্ডাৰ যোগান ধৰা ইত্যাদি (BJP manifesto in Meghalaya) ৷

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ বিষয়ে উল্লেখ কৰি নাড্ডাই কয়, ‘‘আমি সিদ্ধান্ত লৈছো যে আমি আঁচনিখনৰ অধীনত কৃষকসকলক পৰিশোধ কৰা পৰিমাণ বাৰ্ষিক 2000 টকা বৃদ্ধি কৰিম ।’’ উল্লেখ্য যে, 2018 চনত মেঘালয়ৰ বিধানসভা নিৰ্বাচনত 60 খন আসনৰ ভিতৰত মাত্ৰ দুটা বিধানসভা সমষ্টিতহে বিজেপিয়ে জয় লাভ কৰিছিল ৷ কিন্তু এইবাৰ নিৰ্বাচনত সকলো সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে গেৰুৱা দলটোৱে (BJP election manifesto of Meghalaya) ৷

মেঘালয়ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ সন্মুখত প্ৰত্যাহ্বান হিচাবে থিয় দিছে নেচনেল পিপলছ পাৰ্টি (NPP) আৰু তৃণমূল কংগ্ৰেছ ৷ এইবাৰৰ বিধানসভা নিৰ্বাচনৰ বাবে 52খন আসনৰ বাৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তৃণমূল কংগ্ৰেছে ৷ কিন্তু বৰ্তমানৰ শাসকীয় দল নেচনেল পিপলছ পাৰ্টিয়ে এইবাৰ কি ফলাফল দেখুৱাব তাৰ ওপৰতো দৃষ্টি নিবদ্ধ হৈ আছে সকলোৰে ৷

লগতে পঢ়ক: Meghalaya Assembly Election: মেঘালয়ত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ৰণডংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.