ETV Bharat / state

নিমাতীঘাটৰ ঘটনাৰ বাবে জলপৰিবহণ বিভাগৰ লগতে যাত্ৰীৰো ভুল আছে : অতুল বৰা

author img

By

Published : Sep 9, 2021, 6:21 PM IST

mla atul boras reaction on nimatighat incident
নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা সন্দৰ্ভত বিধায়ক অতুল বৰাৰ প্ৰতিক্ৰিয়া

নিমাতীঘাটত সংঘটিত ঘটনাৰ বাবে জলপৰিবহণ বিভাগৰ সমানেই যাত্ৰীৰো ভুল আছে বুলি মন্তব্য বিজেপিৰ বিধায়ক অতুল বৰাৰ ৷ যাত্ৰীসকলে নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হওতে সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন বুলি মন্তব্য বিধায়কগৰাকীৰ ৷ যোৰহাট-মাজুলী সংযোগী দলঙখন নিৰ্মাণ কৰাত চৰকাৰে পলম নকৰা হ’লে এনে ধৰণৰ ঘটনা নহ'লহেতেন বুলিও মত পোষণ কৰিছে বৰাই ৷

গুৱাহাটী , 9 ছেপ্টেম্বৰ : যোৰহাট জিলাৰ নিমাতীঘাটত বুধবাৰে বিয়লি ভাগত বৰলুইতৰ বুকুত সংঘটিত শিহৰণকাৰী নাও দুৰ্ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ নিমাতীঘাটৰ পৰা যোৱা 'মা কমলা' নামৰ যাত্ৰীবাহী নাওখনে কমলাবাৰীৰ পৰা অহা 'ত্ৰিপৰাই' নামৰ নাওখনক তীব্ৰগতিত খুন্দিওৱাৰ ফলত সলিল সমাধি হৈছিল কেইবাজনো যাত্ৰীৰ ।

এই ঘটনা সন্দৰ্ভত গুৱাহাটীৰ সংবাদমাধ্যমৰ আগত বিধায়ক অতুল বৰাই কৰা মন্তব্যৰ পাচতে এতিয়া সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ ৷ এই ঘটনাৰ বাবে জলপৰিবহণ বিভাগৰ একাংশ বিষয়া কৰ্মীৰ লগতে যাত্ৰীসকলৰো ভুল আছে বুলি মন্তব্য কৰিছে বিধায়কগৰাকীয়ে ৷ বিধায়ক বৰাই আনকি যোৰহাট-মাজুলী সংযোগী দলং খন নিৰ্মাণ কৰাত চৰকাৰে পলম নকৰা হ’লে এনে ধৰণৰ ঘটনা নহ'লহেতেন বুলিও মত পোষণ কৰে ৷

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা সন্দৰ্ভত বিধায়ক অতুল বৰাৰ প্ৰতিক্ৰিয়া

লগতে পঢ়ক : অনুৰূপ ঘটনাৰ বাবে তিনিবছৰত দুবাৰ নিলম্বিত কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী

এই কৰুণ ঘটনাটোৰ বাবে সকলোৱে ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগকে দোষাৰোপ কৰিছিল ৷ আনকি বিভাগীয় মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে জল পৰিবহণ বিভাগৰ গাফিলতি স্বীকাৰ কৰি ইতিমধ্যে তিনিজনকৈ অভিযন্তাক চাকৰিৰ পৰা নিলম্বনো কৰিছে ৷ তেনে সময়তে যাত্ৰীৰ ভুলৰ বাবেও ঘটনাটো সংঘটিত হ'বলৈ পালে বুলি বিধায়কগৰাকীয়ে কৰা মন্তব্যই এতিয়া শাসক দলকো অস্বস্তিত পেলাইছে ৷

লগতে পঢ়ক : মাজুলীত দলং নিৰ্মাণ হোৱাত বাধা প্ৰদান কৰিছিল সত্ৰাধিকাৰ সকলে: জুৰি বৰা বৰগোহাঞি

সংবাদ মাধ্যমৰ আগত তেওঁ লগতে কয়- যাত্ৰীসকলে নাৱেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হওতে সজাগ আৰু সচেতন হোৱাৰ প্ৰয়োজন ৷ নাও এখনত যিমান যাত্ৰী উঠে সিমান সংখ্যক বাহন উঠাই নিয়া দেখা যায় ৷ বৰাই কয় যে, নাও এখনৰ বহন ক্ষমতাৰ বিপৰীতে যথেষ্ঠ সংখ্যক যাত্ৰী তথা যান-বাহন ভৰ্তি কৰাৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হয় ৷ সেয়ে এনে ধৰণৰ দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ যাত্ৰীৰ লগতে পৰিবহণ বিভাগক সতৰ্ক হবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : মাজুলীত ছাত্ৰৰ প্ৰতিবাদ সম্পৰ্কে মন্ত্ৰী বিমল বৰাৰ মন্তব্য

বিধায়ক গৰাকীয়ে বুধবাৰৰ ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰি এই নাও দুৰ্ঘটনাত সকলোৰে কম বেছি পৰিমানে দোষ থকা বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে ৷ উল্লেখ্য যে বিধায়ক গৰাকীয়ে এমএলএ ফাণ্ডৰ ২লাখ টকা ব্যয় সাপেক্ষে মহানগৰীৰ মঠঘৰীয়াস্থিত শ্ৰী নগৰৰ নামঘৰত আধাৰশিলা স্থাপন কৰে । মঠঘৰীয়াৰ লক্ষ্মী মন্দিৰটোৰ নতুন ঘৰ নিৰ্মাণৰ বাবে অসম দৰ্পণ আঁচনিৰ অধীনত ধন মোকোলাই দিয়া হয় ।

লগতে পঢ়ক : নৱেম্বৰৰ পৰা আৰম্ভ হ’ব মাজুলীৰ দলং নিৰ্মাণৰ কাম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.