ETV Bharat / state

কাৰ পক্ষত থাকিব অখিল গগৈ; বীৰ লাচিত সেনা নে আমছু !

author img

By

Published : Jul 9, 2021, 9:01 PM IST

bir lachit hena press meet at guwahati
কাৰ পক্ষত থাকিব অখিল গগৈ; বীৰ লাচিত সেনা নে আমছু !

মৰিয়নি উপ-নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বীৰ লাচিত সেনাই ৷ মৰিয়নী সমষ্টিৰ উপ-নিৰ্বাচনত বীৰ লাচিন সেনাৰ সমৰ্থন হেৰুৱাব পাৰে ৰাইজৰ দলে ৷ এই কথা স্পষ্ট কৰি দিছে বীৰ লাচিত সেনাৰ নেতৃত্বই ৷

গুৱাহাটী, 9 জুলাই : প্ৰসংগ মৰিয়নী সমষ্টিৰ উপ-নিৰ্বাচন ৷ মৰিয়নী সমষ্টিৰ উপ-নিৰ্বাচনত শাসকীয় দলৰ হৈ ৰূপজ্যোতি কুৰ্মীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ালেও নিৰ্বাচনৰ মূল যুঁজখন হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত ৷ মৰিয়নী সমষ্টিৰ উপ নিৰ্বাচনত জাতীয়তাবাদী নেতাকহে সমৰ্থন কৰিব বীৰ লাচিত সেনাই ৷

এই কথা স্পষ্ট কৰি দিছে বীৰ লাচিত সেনাই ৷ শুকুৰবাৰে মৰিয়নী সমষ্টিক লৈ এক সংবাদমেল সম্বোধন কৰে বিৰ লাচিত সেনাৰ অসমৰ কেন্দ্ৰীয় মুখ্য সচিব ৰণ্টু পানীফুকন আৰু কেন্দ্ৰীয় সাংগঠনিক সচিব শৃংখল চলিহাই ৷ উক্ত সংবাদমেলত সংগঠনটোৰ নেতাদ্বয়ে মৰিয়নী সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

সংগঠনটোৰ নেতাদ্বয়ে কয় যে, আগন্তুক মৰিয়নী সমষ্টিৰ উপ-নিৰ্বাচনত জাতীয়বাদী শিৱিৰৰ নেতাক বীৰ লাচিত সেনাই সমৰ্থন কৰিব । শিৱসাগৰৰ দৰে মৰিয়নীৰ উপ-নিৰ্বাচনটো বীৰ লাচিত সেনাই ৰাইজৰ দলক সহযোগ কৰিব নে নাই সেই বিষয়টো সময়ত বিবেচনা কৰা হ'ব । কিন্তু সাম্প্ৰদায়িক নেতাক আশ্ৰয় দিলে ৰাইজৰ দলক কোনো কাৰণতে সহযোগ নকৰে বুলি স্পষ্ট কৰি দিয়ে বীৰ লাচিত সেনাই ৷

কাৰ পক্ষত থাকিব অখিল গগৈ; বীৰ লাচিত সেনা নে আমছু !

"মৰিয়নী সমষ্টিৰ উপ নিৰ্বাচনত শাসকীয় দলৰ হৈ ৰূপজ্যোতি কুৰ্মী অৱতীৰ্ণ হলেও মূল যুঁজখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত হ'ব । হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প বুলি বহুতে অখিল গগৈক ভাবিবলৈ লৈছে । গতিকে জাতীয়তাবাদী ভাবধাৰাৰে ৰাইজৰ দলক আগবঢ়াই নিব লাগে ।" এই দৰে কয় সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সচিব শৃংখল চলিহাই ৷

"কোনো ধৰণৰ সাম্প্ৰদায়িক শক্তিৰ ক্ষেত্ৰত আপোচ কৰিলে ৰাইজ দলৰ ভৱিষ্যত নাথাকে ৷ বীৰ লাচিত সেনাই প্ৰয়োজন সাপেক্ষে ৰাজনৈতিক দল গঠনৰ চিন্তা-চৰ্চাও কৰিব । যিদৰে শিলাদিত্য দেৱক বীৰ লাচিত সেনাই মানি ল'ব নোৱাৰে, সেইদৰে আন সাম্প্ৰদায়িক নেতাকো মানি ল'ব নোৱাৰে বীৰ লাচিত সেনাই ৷"

শিৱসাগৰ সমষ্টিত অখিল গগৈক জয়ী কৰোৱাত নিৰ্ণায়ক ভূমিকা পালন কৰা বীৰ লাচিত সেনাই এই কথা স্পষ্ট কৰি দিয়ে ৷ খিলঞ্জীয়া মুছলমান লোকৰ সমৰ্থন লাভ কৰিছে অখিল গগৈয়ে । যদি এই ক্ষেত্ৰত ৰাইজৰ দলে আমছুৰ দৰে সংগঠনৰ নেতাক আশ্ৰয় দিয়ে তেন্তে বীৰ লাচিত সেনাই প্ৰয়োজনত ৰাজনৈতিক দল গঠন কৰিবলৈ বাধ্য হ'ব বুলি স্পষ্ট কৰি দিয়ে ৰণ্টু পানীফুকন আৰু শৃংখল চলিহাই ৷

বৃহৎ ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ হ'লে আঞ্চলিক ৰাজনৈতিক শক্তি ঐক্যবদ্ধ হ'ব লাগিব । মৰিয়নীৰ নিৰ্বাচনে অসমৰ আঞ্চলিক ৰাজনীতিৰ ভৱিষ্যৎ নিৰূপণ কৰিব । গতিকে অখিল গগৈয়ে এইক্ষেত্ৰত যথেষ্ট সাৱধান হোৱা উচিত বুলি নেতাদ্বয়ে কয় ৷

লগতে পঢ়ক: চৰকাৰ নে মুখ্যমন্ত্ৰী; স্বৈৰাচাৰী কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.