ETV Bharat / state

Beneficiary Schemes of Govt of Assam: হিতাধিকাৰী আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ গৈ সমস্যাত পৰিছে অসম চৰকাৰ

author img

By

Published : Mar 8, 2023, 1:50 PM IST

Welfare Schemes of Assam Government
ঋণৰ ওপৰত ঋণ লৈ তৎ নোপোৱা হৈছে ৰাজ্য চৰকাৰে

আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ গৈ সমস্যাত পৰিছে অসম চৰকাৰ(Welfare Schemes of Govt of Assam) ৷ জি এছ টি সংগ্রহ বৃদ্ধি পালেও দূৰ হোৱা নাই আৰ্থিক সংকট। প্ৰত্যেক বছৰে হিতাধিকাৰী আঁচনিৰ বাবদ ৰাজকোষৰ পৰা ওলাই গৈছে বৃহৎ পৰিমাণৰ পুঁজি। ঋণৰ ওপৰত ঋণ লৈ তৎ নোপোৱা হৈছে চৰকাৰখনে। কেন্দ্ৰীয় চৰকাৰেও ৰাজ্যখনৰ প্ৰাপ্য পুঁজি সময়মতে প্ৰদান কৰা নাই। বন্ধ হ'ল অৰুন্ধতী স্বৰ্ণ, সুহৃদ, আদৰণিকে ধৰি বহু আঁচনি।

গুৱাহাটী, ৮ মাৰ্চঃ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ লগতে চমক সৃষ্টি কৰিবলৈ গৈ ৰাজ্য চৰকাৰে এখনৰ পাছত আনখনকৈ হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰি গৈছে(Beneficiary Schemes of Assam Government)। কিন্তু এই আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ গৈ সমস্যাত পৰিছে অসম চৰকাৰ। কাৰণ প্ৰত্যেক বছৰে হিতাধিকাৰী আঁচনিৰ বাবদ ৰাজকোষৰ পৰা ওলাই গৈছে বৃহৎ পৰিমাণৰ পুঁজি। যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta Biswa Sharma) নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ তৎ নোপোৱা হৈছে।

আনহাতে কেন্দ্ৰীয় চৰকাৰেও ৰাজ্যখনৰ প্ৰাপ্য পুঁজি সময়মতে প্ৰদান কৰা নাই। চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় কৰ হিচাপে অসম চৰকাৰে ২৯,৬৯৪ কোটি টকা পাব লাগিছিল যদিও এতিয়ালৈকে ইয়াৰ প্ৰায় ১৬,০০০ কোটি টকাহে লাভ কৰিছে। বিত্তীয় বৰ্ষটো সমাপ্তিৰ পথত যদিও, এতিয়াও অসমে কেন্দ্ৰৰ পৰা প্ৰায় ১৩,০০০ কোটি টকা পাবলৈয়ে আছে। উল্লেখযোগ্য যে, কৰ্মচাৰীক বেতন আৰু পেঞ্চন প্ৰদান কৰাৰ নামতে ৰাজ্য চৰকাৰখনে প্রতি মাহে ব্যয় কৰে কেইবা হাজাৰ কোটি টকা।

Beneficiary Schemes of Assam Govt
অসম চৰকাৰৰ হিতাধিকাৰী আঁচনিসমূহ

আনহাতে হিতাধিকাৰী আঁচনিৰ নামত চৰকাৰখনৰ ব্যয় হয় বুজন পৰিমাণৰ পুঁজি। অৰুণোদয় আঁচনিৰ(Assam Orunodoi Scheme) বাবদ চৰকাৰখনে প্রতি মাহে এক বৃহৎ অংকৰ ধন ব্যয় কৰি আহিছে। অৰুণোদয়ৰ নামতে চৰকাৰৰ চলিত বৰ্ষত ৩,৪৮৯ কোটি টকা ব্যয় হৈছে। প্রায় ১৭ লাখ মহিলাক অৰুণোদয় আঁচনিৰ সুবিধা দিছিল; মাৰ্চৰ ভিতৰত ১০.৫৭ লাখ হিতাধিকাৰীক নতুনকৈ অৰুণোদয় আঁচনিৰ অন্তর্ভুক্ত কৰা হ'ব। ইয়াৰ উপৰিও ২০২৩ বৰ্ষতে পুনৰ ৮ লাখ পৰিয়ালৰ মহিলাক অৰুণোদয় আঁচনিৰ অধীনত চৰকাৰে সামৰি ল'ব। অর্থাৎ ২০২৩ চনৰ ভিতৰত ৰাজ্যৰ ৩৫ লাখ পৰিয়ালৰ মহিলা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব। যাৰ ফলত অৰুণোদয়ৰ নামতে বছৰি ৫ হাজাৰ কোটিতকৈ বেছি টকা ব্যয় হ'ব।

তদুপৰি চৰকাৰখনে উচ্চতৰ মাধমিকত প্রথম বিভাগত উত্তীর্ণসকলক স্কুটী প্ৰদান কৰা(pragyan bharati scooty scheme Assam), মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক সাহায্য প্রদান কৰা আদিৰ নামতো বৃহৎ অংকৰ ধন বায় কৰি আহিছে। লক্ষণীয় বিষয় যে অসম চৰকাৰে পুঁজিৰ ক্ষেত্ৰত সদায়ে কেন্দ্ৰৰ ওচৰত নিৰ্ভৰশীল। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে পুঁজি দিয়াৰ ক্ষেত্ৰত কৃপণালি কৰা আৰম্ভ কৰিছে। আনকি জি এছ টিৰ ক্ষতিপূৰণৰ ধনো দিয়া বন্ধ কৰিছে। যাৰ বাবে শেহতীয়াকৈ নিজা ৰাহজ সংগ্ৰহত গুৰুত্ব দিছে ৰাজ্য চৰকাৰে। গুৰুত্ব দিলেও চৰকাৰখনে আশা কৰা অনুসৰি ৰাজহ সংগ্ৰহ কৰিব পৰা নাই। উল্লেখ্য যে বিগত ২০২১-২২ বিত্তীয় বৰ্ষত অসমত জি এছ টি সংগ্ৰহৰ পৰিমাণ আছিল ১২,০০৭ কোটি টকা। আনহাতে চলিত বৰ্ষত এই পৰিমাণ ১৩,৫০০ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিগত পাঁচ মাহতে ৰাজ্যখনত সংগ্ৰহ কৰা জি এছ টিৰ পৰিমাণ হৈছে ৫,৬৮৬ কোটি টকা। আনকি ডিচেম্বৰ মাহতে সংগ্রহ হৈছে ১,১৫০ কোটি টকা।

Beneficiary Schemes of Assam Govt
অসম চৰকাৰৰ হিতাধিকাৰী আঁচনিসমূহ

লগতে পঢ়ক: Massive soil erosion in Dibrugarh town: পেইনকিলাৰৰ পৰিৱৰ্তে স্থায়ী সমাধানৰ দাবী অজাপ সভাপতিৰ

এনে পৰিস্থিতিত জি এছ টি সংগ্রহ বৃদ্ধি পালেও হিতাধিকাৰী আঁচনিৰ বাবেই সমস্যাত পৰিছে ৰাজ্য চৰকাৰ। লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে প্ৰাপ্য বিচাৰি কেইবাবাৰো কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক(nirmala sitharaman finance minister) সাক্ষাৎ কৰিছে। আনকি ৰাজ্যখনত চলি থকা আন্তঃগাঁথনিমূলক প্রকল্পসমূহৰ বাবে ড'নাৰ মন্ত্ৰীকো(ministry of development of north eastern region) প্ৰয়োজনীয় ধনৰাশি সময়ত মোকলাই দিয়াৰ বাবে আহ্বান জনাইছে। কিন্তু প্ৰকৃততে হিতাধিকাৰী আঁচনি ৰূপায়ণ কৰি বিজেপি চৰকাৰে ভোট বেংক সৃষ্টি কৰাত গুৰুত্ব দিয়াত ৰাজ্যবাসীৰ ওপৰত ঋণৰ বোজা বৃদ্ধি পাইছে। ইফালে ঋণ লোৱাৰ ক্ষেত্ৰত অলপো কৃপণালি নকৰা চৰকাৰখনে প্রতি মাহেই দুগুণ উৎসাহেৰে ঋণ লৈ আহিছে। যাৰ ফলত ৰাজ্যখনৰ উন্নয়ণমূলক কামৰ ক্ষেত্রত স্থবিৰতা আহি পৰিছে। আনহাতে চৰকাৰখনে বহু আঁচনি এতিয়া বন্ধ কৰি দিবলগীয়া হৈছে। অৰুন্ধতী স্বৰ্ণ, সুহৃদ, আদৰণিকে ধৰি বহু আঁচনি চৰকাৰখনে ইতিমধ্যে বন্ধ কৰি দিছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.